অসম

assam

ৰঙিয়াত চৰকাৰী আঁচনিত ব্যাপক লুণ্ঠন!

By

Published : Sep 4, 2019, 5:39 PM IST

ৰঙিয়াৰ বিছেন্নালা গাঁও পঞ্চায়তৰ ইচ্ছাহপুৰৰ কৃষক ৰাইজৰ বাবে ভূমি সংৰক্ষণ বিভাগৰ দ্বাৰা ৯ লাখ ৬৫ হাজাৰৰ এক আঁচনি কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালতেই আৱন্তিত হৈছিল । পিছে এই পৰ্যন্ত আঁচনিখন সম্পূৰ্ণ ৰূপে ৰূপায়িত নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

ৰঙিয়াত কৃষক ৰাইজৰ কল্যাণৰ বাবে গ্ৰহণ কৰা আঁচনিত ব্যাপক লুণ্ঠন

ৰঙিয়া,4ছেপ্টেম্বৰঃ ৰঙিয়াত চৰকাৰী আঁচনিত বিসংগতি আৰু দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে। উল্লেখ্য যে ৰঙিয়াৰ বিছেন্নালা গাঁও পঞ্চায়তৰ ইচ্ছাহপুৰৰ কৃষক ৰাইজৰ বাবে ভূমি সংৰক্ষণ বিভাগৰ দ্বাৰা ৯ লাখ ৬৫ হাজাৰৰ এক আঁচনি কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালতেই আৱন্টিত হৈছিল। পিছে এই পৰ্যন্ত আঁচনিখন সম্পূৰ্ণ ৰূপে ৰূপায়িত নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। ইপিনে স্থানীয় ৰাইজে জনোৱা মতে ঘোগাজানৰ ওপৰত খেতি পথাৰত পানী যোগানৰ বাবে দুই ঠাইত শ্লুইজ গেট বনাইছে যদিও কামখিনি অসম্পূৰ্ণ কৈ আধাতে এৰি থোৱা হৈছে ৷ যাৰ ফলত এতিয়ালৈকে কৃষক ৰাইজে কোনো সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই ।

ৰঙিয়াত কৃষক ৰাইজৰ কল্যাণৰ বাবে গ্ৰহণ কৰা আঁচনিত ব্যাপক লুণ্ঠন

আনহাতে আঁচনি আৱন্টনৰ সময়ত গঠিত হোৱা স্থানীয় কমিটিখনৰ সদস্যসকলকো অন্ধকাৰত ৰখা হৈছে। কমিটিখনৰ সদস্যসকলে অভিযোগ কৰা অনুসৰি সভাপতি আৰু সম্পাদকে সম্পূৰ্ণ কাম ইমান দিনে নিজৰ মতে কৰি আহিছে। আঁচনিৰ ধন ক'ত,কেতিয়া,কেনেকৈ খৰচ হ'ব সেই বিষয়ে কোনো দিনেই বাকী সদস্যৰ মতামত গ্ৰহণ কৰা হোৱা নাই। ইতিমধ্যে এই সন্দৰ্ভত মহকুমাধিপতিৰ লগতে স্থানীয় বিধায়কক অৱগত কৰা হৈছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। যাৰ বাবে স্থানীয় ৰাইজে শীঘ্ৰে এই আঁচনিৰ কাম কাজৰ এক চৰকাৰী তদন্তৰ দাবী জনাইছে ৷

Intro:কৃষক ৰাইজৰ কল‍্যাণৰ বাবে গ্ৰহণ কৰা আচনীত ব‍্যাপক লুণ্ঠনBody:ৰঙিয়াত কৃষকৰ কল‍্যাণৰ বাবে আহা এক চৰকাৰী আচনীৰ বিসংগতি আৰু দুৰ্নীতিৰ তথ‍্য পোহৰলৈ আহিছে। ভুমি সংৰক্ষণ বিভাগৰ দ্বাৰা ৯ লাখ ৬৫ হাজাৰৰ এক আচনী কংগ্ৰেছ চৰকাৰৰ যোৱাটো কাৰ্য্যকালতেই আবন্তিত হৈছিল ৰঙিয়াৰ বিছেন্নালা গাওঁ পঞ্চায়তৰ ইচ্ছাহপুৰৰ কৃষক ৰাইজৰ বাবে। পিছে এই পৰ্য্যন্ত আচনীখন সম্পূৰ্ণ ৰূপে ৰূপায়িত হোৱা নাই বুলি অভিযোগ উত্থাপিত হৈছে। স্থানীয় ৰাইজে জনোৱা মতে ঘোগাজানৰ ওপৰত খেতি পথাৰত পানী যোগানৰ বাবে দুই ঠাইত শ্লুইজ গেট বনাইছে যদিও কামখিনি অসম্পূৰ্ণ কৈ আধাতে এৰি থোৱা আছে, যাৰ ফলত এতিয়ালৈকে কৃষক ৰাইজে কোনো সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই। আনহাতে আচনী আবন্তনৰ সময়ত গঠিত হোৱা স্থানীয় কমিটি খনৰ সদস্য সকলকো অন্ধকাৰত ৰখা হৈছে ইমান দিনে। কমিটি খনৰ সদস্য সকলে অভিযোগ কৰে যে সভাপতি সম্পাদকে সম্পূৰ্ণ কাম ইমান দিনে নিজৰ মতে কৰি আহিছে। আচনীৰ ধন ক'ত কেতিয়া কিমান কেনেকৈ খৰচ হ'ব সেই বিষয়ে কোনো দিনেই বাকী সদস্যৰ মতামত আজিলৈ গ্ৰহণ কৰা হোৱা নাই। ইতিমধ্যে মহকুমাধিপতী(অ)ৰ লগতে স্থানীয় বিধায়কক এই বিষয়ে অৱগত কৰা হৈছে যদিও কোনো ব‍্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।Conclusion:বন্দনা শৰ্মা, ৰঙিয়া

ABOUT THE AUTHOR

...view details