ৰঙিয়া,২ নৱেম্বৰ : আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক ৰঙিয়া অধিৱেশনৰ প্ৰস্তুতি । এই অধিৱেশনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বাৰা উৎপাদিত শস্যৰে ভকতক আপ্যায়ন কৰিবলৈ সাজু হৈছে ৰঙিয়া অধিৱেশনৰ আদৰণি সমিতি । সেয়ে বৃহস্পতিবাৰে ৰবি শস্যৰ শুভ উদ্বোধন কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই ।
বৃহস্পতিবাৰে ৰঙিয়াৰ চিকনীবাৰীত থকা চিড ফাৰ্মত অসম চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া অধিৱেশনৰ খাদ্য আৰু যোগান উপ-সমিতিৰ সহযোগত আলু খেতিৰ শুভ উদ্বোধন কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেশ নাথ ডেকাই এই কথা সংবাদ মাধ্যমক জানিবলৈ দিয়ে । পদাধিকাৰগৰাকীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰি কয় যে অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাক অনুৰোধ কৰাৰ পিছতেই মন্ত্ৰীগৰাকীৰ নিৰ্দেশ মৰ্মে ৰঙিয়া কৃষি বিভাগে আলু খেতি কৰাৰ বাবে সকলো ধৰণৰ সা-সুবিধা কৰি দিয়ে ।