অসম

assam

Ganja seized at Rangia: লাখ টকাৰ গাঞ্জাসহ আটক মহিলা

By

Published : Nov 3, 2022, 11:03 AM IST

ৰাজ্যত অব্যাহত আছে ড্ৰাগছ তথা নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান (Assam police Anti Drugs Movement) ৷ এইবাৰ নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলিল ৰঙিয়াত ৷ এই অভিযানত ৰঙিয়া আৰক্ষীয়ে বহু পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ আটক কৰে এগৰাকী অভিযুক্ত মহিলাক (Huge amount of Ganja seized at Rangia) ৷

Huge amount of Ganja seized at Rangia
লাখ টকাৰ গাঞ্জাসহ আটক মহিলা

ৰঙিয়া, 3 নৱেম্বৰ :অপৰাধ নিয়ন্ত্ৰণৰ বাবে অসম আৰৰক্ষী কঠোৰ হোৱাৰ পাচতো নাকী লগাবলৈ সক্ষম হোৱা নাই বহু অপৰাধীক ৷ এতিয়াও অসম আৰক্ষীৰ চকুত ধূলি দি বহু অপৰাধীয়ে চলাই গৈছে বহু অনৈতিক কাৰ্য ৷ বিশেষকৈ ৰাজ্যত যেন ড্ৰাগছ, গাঞ্জা তথা নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ এটা সমাধান নোলোৱা অংক হৈ পৰিছে ৷

যিমানেই অসম আৰক্ষীয়ে অপৰাধীক আটক কৰিছে (Assam police Anti Drugs Movement), সিমানেই বেলেগ বেলেগ পদ্ধতিৰে সৰবৰাহকাৰীয়ে সৰবৰাহ কৰি আহিছে এই বৰবিহ ৷ এইবাৰ ৰঙিয়াত আৰক্ষীয়ে গাঞ্জাসহ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে (Ganja peddler arrested at Rangia) ৷

জানিব পৰা মতে, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ ৰঙিয়াতো অব্যাহত আছে ড্ৰাগছ, গাঞ্জা তথা নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান ৷ এই অভিযানৰ মাজতে ৰঙিয়া আৰক্ষীয়ে বুধবাৰে নিশা প্ৰায় 12 লক্ষাধিক টকাৰ নিষিদ্ধ গাঞ্জাসহ এগৰাকী মহিলাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Huge amount of Ganja seized at Rangia)। ধৃত মহিলাগৰাকী ৰঙিয়াৰ কাজিগাঁৱৰ চৈয়দা জিলিমা বেগম বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :Drugs seized at Moran: ড্ৰাগছ সৰবৰাহকাৰীক জেললৈ প্ৰেৰণ কৰিলে মৰাণ আৰক্ষীয়ে

আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, গোপন খবৰৰ তথ্যৰ ভিত্তিতে গাঞ্জা সৰবৰাহ সন্দৰ্ভত ৰঙিয়া আৰক্ষীয়ে লাভ কৰিছিল এক খবৰ ৷ এই খবৰৰ আলমতে ৰঙিয়া আৰক্ষীয়ে কাজিগাঁৱৰ চৈয়াদা জিলিমা বেগম নামৰ মহিলাগৰাকীৰ ঘৰত অভিযান চলায় । এই অভিযান কালত আৰক্ষীৰ দলটোৱে জিলিমা বেগমৰ ঘৰৰ পৰা এটা বেগত থৈ দিয়া অৱস্থাত জব্দ কৰে 7 কেজি 330 গ্ৰাম গাঞ্জা ৷

জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় 12 লাখ টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে ৷ আনহাতে, বৰ্তমানেও পলাতক অৱস্থাত আছে চৈয়দা জিলিমা বেগমৰ স্বামী খাইৰুল হুছেইন ৷ ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰা মহিলাগৰাকীক সোধা-পোছা অব্যাহত ৰাখিছে ৷

উল্লেখ্য যে, মহিলাগৰাকী আৰু তেওঁৰ স্বামীয়ে দীৰ্ঘ দিনৰ পৰাই গাঞ্জাৰ ৰমৰমীয়া বেহা চলাই থকাৰ অভিযোগ উত্থাপন হৈছে ।

লগতে পঢ়ক :Drugs seized in Karimganj: কৰিমগঞ্জত হেৰ’ইনসহ আটক দুই সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details