অসম

assam

কণিষ্ঠ চিকিৎসকৰ ফেচবুক পোষ্টৰ প্ৰতিক্ৰিয়া আয়ুৰ্বেদিক মহাবিদ্যালয় কৰ্তৃপক্ষৰ

By

Published : May 20, 2020, 6:31 PM IST

চিকিৎসায়ত প্ৰয়োজনীয় সামগ্ৰী নাই বুলি জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ এজন এজন কণিষ্ঠ চিকিৎসক তথা ছাত্ৰয়ে ফেচবুকত কৰা এটা পোষ্টে ৰাজ্যজুৰি সৃষ্টি কৰিছিল চাঞ্চল্যৰ ৷

Guwahati Ayurbedic college administration reaction about doctor FB post
কণিষ্ঠ চিকিৎসকৰ ফেচবুক পোষ্টৰ প্ৰতিক্ৰিয়া আয়ুৰ্বেদিক মহাবিদ্যালয় কৰ্তৃপক্ষৰ

গুৱাহাটী, 20 মে': বিশ্বত অব্যাহত আছে কৰ'ণা মহামাৰীৰ আতংক৷ ইয়াৰ মাজতে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি মানৱ সেৱাত ব্ৰতী হৈ আছে চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকল । তেনে সময়তে চিকিৎসায়ত প্ৰয়োজনীয় সামগ্ৰী নাই বুলি জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ এজন এজন কণিষ্ঠ চিকিৎসক তথা ছাত্ৰয়ে এটা ফেচবুকত কৰা এটা পোষ্টে ৰাজ্যজুৰি সৃষ্টি কৰিছিল চাঞ্চল্যৰ ৷

ডাঃ অৰূপ তালুকদাৰৰ ফেচবুক পোষ্ট

ডাঃ অৰূপ তালুকদাৰৰ এই অভিযোগৰ পিছতেই মুখ খুলিছে আয়ুৰ্বেদিক মহাবিদ্যালয় কৰ্তৃপক্ষই ৷ ডাঃ অৰূপ তালুকদাৰে সামাজিক মাধ্যমত দিয়া পোষ্টৰ কোনো সত্যতা নাই বুলি স্পষ্ট কৰি দিয়ে মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডঃ বিষ্ণুপ্ৰসাদ শৰ্মাই ৷ ভাৰপ্ৰাপ্ত অধ্যক্ষগৰাকীয়ে জনোৱা অনুসৰি পৰ্যাপ্ত পৰিমাণৰ সুৰক্ষা সামগ্ৰী মজুত আছে আয়ুৰ্বেদিক মহাবিদ্যালয়ত ৷

ডাঃ অৰূপ তালুকদাৰ

ইফালে কণিষ্ঠ চিকিৎসক গৰাকীক ইতিমধ্যেই কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই ৷

কণিষ্ঠ চিকিৎসকৰ ফেচবুক পোষ্টৰ প্ৰতিক্ৰিয়া আয়ুৰ্বেদিক মহাবিদ্যালয় কৰ্তৃপক্ষৰ

তাৰোপৰি কি তথ্যৰ ভিত্তিত তেওঁ এই মন্তব্য কৰিছে তাৰো উত্তৰ বিচাৰিছে কৰ্তৃপক্ষই ৷ ইতিমধ্যে উল্লখ্য যে, ইতিমধ্যে কোৱাৰেইন্টাইন প্ৰতিষ্ঠান ৰূপে প্ৰস্তুত কৰা হৈছে চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় খন ৷ বৰ্তমান কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছতেই এইদৰে সাজু কৰি ৰখা হৈছে মহাবিদ্যালয়খন ৷ মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই জনোৱা মতে প্ৰায় 100 গৰাকী লোকক কোৱাৰেইন্টাইন কৰিব পাৰিব আয়ুৰ্বেদিক মহাবিদ্যালয়ত ৷ আনহাতে মহাবিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবে অব্যাহত আছে অনলাইন মাধ্যমেৰে পাঠদান ৷

লগতে পঢ়কঃ বডৌফা নগৰৰ পৰা আঁতৰোৱা হ'ল বিপিএফৰ পতাকা

ABOUT THE AUTHOR

...view details