বকো,২২ অক্টোবৰ:"অ' মোৰে ল'ৰাৰ মাক,মাছলৈ যাও নাখাও সুদা ভাত.." এটা পুখুৰীৰ পাৰত হাজাৰ হাজাৰ লোক । প্ৰত্যেকৰে হাতত একো একোটাকৈ বৰশী । বকোৰ বিশাল বিশাল আকাৰৰ পুখুৰীৰ পাৰলৈ বৰশী লৈ ঢাপলি মেলিছে সকলো । ফুটবল, ভলীবল অথবা ক্ৰিকেটৰ প্ৰতিযোগিতা নহয় । কামৰূপৰ বকোত অনুষ্ঠিত হৈছে এক ব্যতিক্ৰমী প্ৰতিযোগিতা ৷ বিশাল আকাৰৰ ৩ টাকৈ পুখুৰী সামৰি বকোত অনুষ্ঠিত কৰা হৈছে বৰশী বোৱা প্ৰতিযোগিতা(Fishing competition held Boko) ৷
বৰশী বাওক আৰু পাঁচ লাখ টকা লাভ কৰক । কামৰূপৰ জিলাৰ বকোৰ আউনীআটীত অনুষ্ঠিত হৈছে এই ব্যতিক্ৰমী আৰু মনোৰঞ্জনধৰ্মী প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ পৰাও আহিছে বহু প্ৰতিযোগী । আউনীআটী বৰশী বোৱা প্ৰতিযোগিতা পৰিচালনা সমিতিয়ে প্ৰথমবাৰৰ বাবে আয়োজন কৰিছে এই বিশেষ প্ৰতিযোগিতাখন ৷ বিশাল আকাৰৰ ৩টাকৈ পুখুৰী সামৰি অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ২০০ প্ৰতিযোগীয়ে ৷