অসম

assam

ৰঙিয়া জংচনত ডিজিটেল মিউজিয়াম স্থাপন

By

Published : Oct 10, 2019, 5:25 AM IST

ৰঙিয়া জংচনৰ প্ৰৱেশ দ্বাৰৰ সন্মুখত স্থাপন ডিজিটেল মিউজিয়াম ৷ আটকধুনীয়া ডিজিটেল মিউজিয়ামটোত উপলব্ধ কৰা হৈছে ৰেল বিভাগৰ বহু আপুৰুগীয়া ছবিৰ লগতে দাঙি ধৰিছে ভাৰতীয় ৰেল বিভাগৰ বৰ্ণিল ইতিহাসৰ চানেকি ৷ এই ডিজিটেল মিউজিয়ামটোত উপলব্ধ হ'ব ৰেল যাত্ৰীৰ বাবে নীতি-নিয়ম তথা বিভিন্ন সা-সুবিধাৰ বিষয়সমূহ ৷

ৰঙিয়া জংচনত ডিজিটেল মিউজিয়াম স্থাপন

ৰঙিয়া, 9 অক্টোবৰঃ ৰঙিয়াত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ এক অনন্য প্ৰয়াস ৷ ৰঙিয়া জংচনৰ প্ৰৱেশ দ্বাৰৰ সন্মুখত স্থাপন ডিজিটেল মিউজিয়াম ৷ আটকধুনীয়া ডিজিটেল মিউজিয়ামটোত উপলব্ধ কৰা হৈছে ৰে'ল বিভাগৰ বহু আপুৰুগীয়া ছবিৰ লগতে দাঙি ধৰিছে ভাৰতীয় ৰে'ল বিভাগৰ বৰ্ণিল ইতিহাসৰ চানেকি ৷ ইয়াৰ লগতে ডিজিটেল মিউজিয়ামটোত অন্তৰ্ভুক্ত কৰা হৈছে জাতিৰ পিতা মহাত্মা গান্ধীয়ে স্বাধীনতা আন্দোলনৰ সময়ত ৰে'লযোগে ভাৰতৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰা সেই দুৰ্লভ আলোকচিত্ৰসমুহ ৷ এই ডিজিটেল মিউজিয়ামটোত উপলব্ধ হ'ব ৰেল যাত্ৰীৰ বাবে নীতি-নিয়ম তথা বিভিন্ন সা-সুবিধাৰ বিষয়সমূহ ৷ ৰে'ল বিভাগৰ এই কাৰ্যই ৰঙিয়া জংচনক এক অনন্য মাত্ৰা প্ৰদান কৰাৰ লগতে ৰঙিয়াবাসীলৈ নিশ্চয়কৈ সুখৰ বতৰা কঢ়িয়াই আনিছে ৷

ৰঙিয়া জংচনত ডিজিটেল মিউজিয়াম স্থাপন
Intro:ৰঙিয়াত ৰেল বিভাগৰ সুবাদতে ৰাইজে সাক্ষী হবলৈ সক্ষম হৈছে স্বাধীনোত্তৰ কালৰ আলোকচিত্ৰৰ।Body:ৰঙিয়াত উত্তৰ-পূৱ সীমান্ত ৰেলৱে আৰম্ভ কৰিছে এক অনন্য প্ৰয়াস। এন এফ ৰেলৱে ৰঙিয়াত আৰম্ভ কৰিলে ডিজিটেল মিউজিয়াম। ৰঙিয়া জংচনৰ প্ৰৱেশ দ্বাৰৰ সন্মুখত আটকধুনীয়াকৈ স্হাপন কৰা হৈছে আধুনিক প্ৰযুক্তি বিজ্ঞানৰ অনবদ্য উপহাৰ ডিজিটেল মিউজিয়ামটো। ডিজিটেল মিউজিয়ামটোত উপলদ্ধ হৈছে ৰেল বিভাগৰ বহু আপুৰুগীয়া ছবি, যিবোৰ ছবিয়ে ভাৰতীয় ৰেল বিভাগৰ বৰ্ণিল ইতিহাসৰ চানেকি ডাঙি ধৰিছে। ইয়াৰোপৰি ডিজিটেল মিউজিয়ামটোত অন্তৰ্ভুক্ত কৰা হৈছে জাতিৰ পিতা মহাত্মা গান্ধীয়ে স্বাধীনতা আন্দোলনৰ সময়ত ৰেলযোগে ভাৰতৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰা সেই দুৰ্লভ আলোকচিত্ৰসমুহ। ডিজিটেল মিউজিয়ামৰ পৰা উপকৃত হৈছে অসংখ্য লোক। বহু লোকে দেখিবলৈ সক্ষম হ'ল ভাৰতীয় ৰেলৰ স্বৰ্ণযুগৰ। লগতে মিউজিয়ামত অন্তৰ্ভুক্ত হ'ল যাত্ৰীলৈ আগবঢ়োৱা বিভিন্ন সা -সুবিধাৰ লগতে নীতি নিয়মৰ কথা। ৰেল বিভাগৰ এনে মহান প্ৰয়াসে ৰঙিয়া জংচনক প্ৰদান কৰিছে এক অন্য মাত্ৰা। ৰেল বিভাগৰ এনে ইতিবাচক কাম কাজক প্ৰশংসা কৰিছে ৰঙিয়াৰ ৰাইজে।
Byte : PublicConclusion:বন্দনা শৰ্মা, ৰঙিয়া

ABOUT THE AUTHOR

...view details