অসম

assam

চাংসাৰিত দিন-দুপৰতে লুটপাত

By

Published : Mar 20, 2021, 3:42 PM IST

চাংসাৰিত দিন দুপৰতে চোৰৰ লুটপাত
চাংসাৰিত দিন দুপৰতে চোৰৰ লুটপাত ()

চাংসাৰি ৰে’ল ষ্টেচনৰ ওচৰৰ জোনটি চৌধুৰী নামৰ ব্যক্তি গৰাকীয়ে চাংসাৰিস্থিত ভাৰতীয় ষ্টেট বেংকৰ পৰা গৃহ নিৰ্মাণৰ বাবে উলিয়াই আনিছিল ধন । ঘৰলৈ অহাৰ সময়তে চোৰ দুটাই কাঢ়ি নিছিল ধনখিনি ৷

বাইহাটা,20 মাৰ্চঃকামৰূপৰ চাংসাৰিত চিলনী চোৰৰ টিঘিল-ঘিলনি । দিন-দুপৰতে চিলনী চোৰে ঘৰৰ সন্মুখৰ পৰা কাঢ়ি নিলে এক লাখ টকা । চাংসাৰি ৰে’ল ষ্টেচনৰ ওচৰৰ জোনটি চৌধুৰী নামৰ ব্যক্তি গৰাকীয়ে চাংসাৰিস্থিত ভাৰতীয় ষ্টেট বেংকৰ পৰা গৃহ নিৰ্মাণৰ কামৰ বাবে উলিয়াই আনিছিল নগদ ধন । ইপিনে পূৰ্বৰে পৰা চিলনী চোৰ দুজনে খাপ পিটি থকাৰ উমান পোৱা নাছিল চৌধুৰীয়ে । নিজ গৃহৰ নঙলামুখ পোৱাৰ পিচত বাইকৰ পৰা নামিব লোৱাৰ সময়তে পিচে পিচে নম্বৰ প্লেটবিহীন এখন স্কুটীত অহা চিলনী চোৰ দুজনে কাঢ়ি নিয়ে টকাৰ বেগটো ।

আনহাতে, পিচে পিচে খেদি গৈ চাংসাৰিৰ লক্ষ্মী মন্দিৰৰ ওচৰত জোনটি চৌধুৰীয়ে স্কুটীখনক খুন্দিয়াই বগৰাই দিয়ে আৰু দুয়োজনকে কৰায়ত্ব কৰে যদিও এটা চোৰ পলাই যাবলৈ সক্ষম হয় । ধৃত চিলনী চোৰটো জলপাইগুৰিৰ ৰিথি ৰয় ৷ জোনটি চৌধুৰীক চোৰ ধৰা কামত সহযোগ কৰে আন এজন বাইক আৰোহীয়ে ।

লগতে পঢ়কঃ ঢোলৰ মাতত গুম-গুমাইছে চৌকিদিঙীৰ আকাশ-বতাহ

ABOUT THE AUTHOR

...view details