অসম

assam

ছয়গাঁৱত চোৰাং গৰুসহ দুজন লোক আটক

By

Published : Aug 12, 2021, 12:30 PM IST

ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত নিশা প্ৰায় ১১ বজাত ছয়গাঁও উকিয়াম পথত চলোৱা অভিযানত আৰক্ষীয়ে পাটগাঁৱৰ পৰা চোৰাং গৰু কঢ়িয়াই নিয়া AS-০১-৯৭৮৫ নম্বৰৰ বাহনখন জব্দ কৰে । ঘটনাৰে জড়িত থকাৰ অভিযোগত বাহনখনৰ চালক কাতিৰাম ৰাভা আৰু চোৰাং গৰু বেপাৰী হেমলেছ মাৰাংজাৰক আটক ৷

cattle smuggler arrest
ছয়গাঁৱত চোৰাং গৰুসহ দুজন লোক আটক

ছয়গাঁও, ১২ আগষ্ট :অসমত গৰুৰ চোৰাং সৰবৰাহ (Cattle Smuggling) কোনো নতুন কথা নহয় । বছৰ বছৰ ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত দুষ্টচক্ৰই অব্যাহত ৰাখিছে এই দুষ্কাৰ্য । আনকি ক'ভিড পৰিস্থিতিৰ (Covid situation) মাজতো ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ । যাৰ বাবে ৰাজ্যৰ সীমান্ত অঞ্চলৰ লগতে বহু স্থানত গৰু সৰবৰাহ চক্ৰৰ (Cattle Smuggler) বিৰুদ্ধে অসম আৰক্ষীয়ে সময়ে সময়ে অভিযান চলোৱা দেখা গৈছে ।

বিভিন্ন জিলাৰ লগতে কামৰূপ জিলাৰ ছয়গাঁৱত এই অবৈধ কাৰ্যৰ বিৰুদ্ধে মাৰাথন অভিযান অব্যাহত ৰাখিছে ছয়গাঁও আৰক্ষীয়ে ৷ বুধবাৰে নিশা ছয়গাঁৱৰ পাটগাঁৱত আৰক্ষীয়ে এক অভিযানৰ সময়ত ৭ টাকৈ চোৰাং গৰুসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷ ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত নিশা প্ৰায় ১১ বজাত ছয়গাঁও উকিয়াম পথত চলোৱা অভিযানত পাটগাঁৱৰ পৰা চোৰাং গৰু কঢ়িয়াই নিয়া AS-০১-৯৭৮৫ নম্বৰৰ বাহনখন জব্দ কৰে । বাহনখনৰ চালক কাতিৰাম ৰাভা আৰু চোৰাং গৰু বেপাৰী হেমলেছ মাৰাংজাৰকো আৰক্ষীয়ে আটক কৰে ৷

ছয়গাঁৱত চোৰাং গৰুসহ দুজন লোক আটক

জানিব পৰা মতে, বাহনখনৰ চালকজনৰ ঘৰ ছয়গাঁৱৰ পাটগাঁৱত হোৱাৰ বিপৰীতে চোৰাং গৰু বেপাৰীজনৰ ঘৰ মেঘালয়ৰ নংষ্টাইন আৰক্ষী থানাৰ অন্তৰ্গত ৰামৰাইত ৷ উক্ত গাড়ীখনত ৭ টা গৰু মেঘালয়লৈ নি থকাৰ সময়তে ছয়গাঁও আৰক্ষীয়ে গৰুকেইটা উদ্ধাৰ কৰাৰ লগতে লোককেইজনক আটক কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে, ছয়গাঁও উকিয়াম পথেৰে মাজে সময়ে নিশাৰ ভাগত মেঘালয়লৈ চোৰাং গৰু চালান হৈ থাকে ৷ তাৰ মাজতে ছয়গাঁও আৰক্ষীৰ অভিযানত ইতিমধ্যে বহুসংখ্যক গৰু জব্দ কৰা হৈছে ৷ বুধবাৰে নিশাও উক্ত পথেৰে চোৰাং গৰু কঢ়িওৱা বাহনখন গৈ থকাৰ খবৰ ছয়গাঁও আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা লাভ কৰাৰ পাচতে আৰক্ষীৰ দলটোৱে বহুসময় ধৰি পথটোত তহল দি থকাৰ অন্তত নিশা গাড়ীসহ চোৰাং গৰু কেইটাৰ লগতে গাড়ীখনৰ চালক আৰু চোৰাং গৰু বেপাৰীজনক আটক কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক :গুৱাহাটীত উপস্থিত অসম কন্যা লাভলীনা...

ABOUT THE AUTHOR

...view details