অসম

assam

ৰাভা হাছং অঞ্চল পৰিদৰ্শন মুখ্য কাৰ্যবাহী সদস্য তংকেশ্বৰ ৰাভাৰ

By

Published : Sep 25, 2020, 4:03 PM IST

ৰাভা হাছাং স্বায়ত্ব শাসিত পৰিষদীয় অঞ্চল পৰিদৰ্শন মুখ্য কাৰ্যবাহী সদস্য তংকেশ্বৰ ৰাভাৰ ৷ লগতে,বিভিন্ন ধৰণৰ আঁচনিৰ শুভাৰম্ভ বিষয়া গৰাকীৰ ৷ মহিলা সকলোকে স্বাৱলম্বী কৰাৰ বিশেষ পৰিকল্পনা মুখ্য সদস্য গৰাকীৰ ৷

Assam: Rabha Hasong Autonomous Council Visit Chief Tankeswar Rava
ৰাভা হাছং অঞ্চল পৰিদৰ্শন মুখ্য কাৰ্যবাহী সদস্য তংকেশ্বৰ ৰাভাৰ

বকো, 25 ছেপ্তেম্বৰ : শুকুৰবাৰে কামৰূপ জিলাৰ ৰাণীৰ পৰা আৰু গোৱালপাৰা জিলাৰ জয়ৰামকুছিললৈ থকা ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদীয় অঞ্চলৰ অন্তৰ্গত কামৰূপ জিলাৰ কুলসী,চান্দডুবি,ৰাণী আদি বিভিন্ন ভিতৰুৱা গাঁও পৰিদৰ্শন কৰে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তংকেশ্বৰ ৰাভাই । পৰিদৰ্শন কালত মুখ্য কাৰ্যবাহী সদস্য তংকেশ্বৰ ৰাভাই ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ2018-19 বিত্তীয় বৰ্ষৰ ধনেৰে নিৰ্মিত বিদ্যালয় শ্ৰেণী কোঠা,মহিলাৰ বাবে বিশেষ গৃহ,যাত্ৰী জিৰণি কোঠা আদিকে ধৰি বহু কেইটা কামৰ শুভ উদ্বোধন কৰে ।

ৰাভা হাছং অঞ্চল পৰিদৰ্শন মুখ্য কাৰ্যবাহী সদস্য তংকেশ্বৰ ৰাভাৰ

লগতে পঢ়ক :জোনাইত আগন্তুক নিৰ্বাচনত অকলে প্ৰতিদ্বন্দিতা কৰিব বিজেপিয়ে

উল্লেখযোগ্য যে,পৰিদৰ্শন কালত মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে ৰাণী বৰদোৱাত অৱস্থিত প্ৰায় 400 বছৰ পুৰণি শ্ৰীশ্ৰী মদন মোহন মাটিপোটা সত্ৰ দৰ্শন কৰে ।এই ক্ষেত্ৰত মুখ্য কাৰ্যবাহী সদস্য তংকেশ্বৰ ৰাভাই জনাই যে,এই ঐতিহাসিক সত্ৰখনৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে 20 লাখ টকা আগন্তুক 2020-21 বৰ্ষৰ পুঁজিৰে ব্যয় কৰিব। এই কাৰ্যসূচী সমূহত মুখ্য কাৰ্যবাহী সদস্য তংকেশ্বৰ ৰাভাৰ লগত উপস্থিত থাকে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভা,কাৰ্যবাহী সদস্য ক্ৰমে আদিত্য ৰাভা,সুমিত চন্দ্ৰ ৰাভা,সাধাৰণ সদস্য সঞ্জয় কুমাৰ ৰাভাকে ধৰি বহু কেইজন প্ৰতিনিধি ।

কাৰ্য্যসূচীসমূহৰ অন্তত মুখ্য কাৰ্যবাহী সদস্য তংকেশ্বৰ ৰাভাই ৰাণীত স্থানীয় মহিলা সকলৰ সৈতে এক আলোচনাত মিলিত হয় । মহিলা সকলৰ সন্মুখীন হৈ অহা বিভিন্ন ধৰণৰ সমস্যা সমূহৰ সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে ৷

লগতে পঢ়ক :সাংবাদিক জিয়াউৰ ৰহমানৰ বিৰুদ্ধে ভইছ অৱ অসমৰ অপপ্ৰচাৰ

ABOUT THE AUTHOR

...view details