অসম

assam

দন্ত চিকিৎসক বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া আঙুৰলতা ডেকাৰ

By

Published : Sep 18, 2021, 8:41 PM IST

angoor-lata-dekas-reaction-on-dentist-controversy
দন্ত চিকিৎসক বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া আঙুৰলতা ডেকাৰ ()

দন্ত চিকিৎসকে দাত চোৱাৰ নামত কিশোৰীৰ স্পৰ্শকাতৰ অংশত হাত দিয়ে বুলি ৰাজিক বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী গৰাকীয়ে এক মন্তব্য কৰাৰ কথা চৰ্চালৈ আহিছিল ৷ জানো আহক এই সন্দৰ্ভত কি মন্তব্য কৰিলে প্ৰাক্তন বিধায়িকা গৰাকীয়ে ৷

বাইহাটা, 18 ছেপ্টেম্বৰ :চিকিৎসক সন্দৰ্ভত কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আঙুৰলতা ডেকাই । সাংবাদিকৰ সৈতে হোৱা মুখামুখিত তেওঁৰ বক্তব্যক বিকৃত কৰাৰ অভিযোগ উত্থাপন কৰে প্ৰাক্তন বিধায়িকা গৰাকীয়ে । তেওঁ অভিযোগ কৰে যে, টি আৰ পিৰ বাবেই একাংশ সংবাদ মাধ্যমে ভুল ভাৱে উপস্থাপন কৰিছে তেওঁৰ বক্তব্য ।

উল্লেখযোগ্য যে, দন্ত চিকিৎসকে দাত চোৱাৰ নামত কিশোৰীৰ স্পৰ্শকাতৰ অংশত হাত দিয়ে বুলি ৰাজিক বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী গৰাকীয়ে এক মন্তব্য কৰাৰ কথা চৰ্চালৈ আহিছিল ৷ ইয়াৰ পিছতে চিকিৎসক মহলৰ মাজত ইয়াক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । এই মন্তব্যৰ পিছতে অসম চিকিৎসা সেৱা সংস্থা (আমছা)ৰ সাধাৰণ সম্পাদক ডাঃ কনক তালুকদাৰে আঙুৰলতাই গোটেই চিকিৎসক সকলক সামৰি মন্তব্য কৰাৰ অভিযোগ দি তেওঁক তীব্ৰ গৰিহণা দি এই মন্তব্য উঠাই লবলৈ আহ্বান জনায় ।

দন্ত চিকিৎসক বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া আঙুৰলতা ডেকাৰ

ইয়াৰ উত্তৰত ফেচবুক লাইভৰ সম্পূৰ্ণ ভিডিঅটো প্ৰত্যক্ষ কৰিলে প্ৰকৃত তথ্য জানিব পাৰিব বুলি মন্তব্য কৰিছে আঙুৰলতা ডেকাই ৷

তেওঁ কয় যে, সংবাদ মাধ্যমত এই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা চিকিৎসক সকলেও বুজি পাইছে যে প্ৰকৃততে তেওঁ কি কৈছিল । ভূল প্ৰচাৰেৰে সংবাদ মাধ্যমে কাকো হেয় প্ৰতিপন্ন কৰিব নালাগে বুলিও মন্তব্য প্ৰকাশ কৰে তেওঁ ৷ শনিবাৰে কমলপুৰত সেৱা আৰু সমৰ্পন কাৰ্যসূচীত অংশ গ্ৰহণ কৰি এই মন্তব্য প্ৰকাশ কৰে বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী গৰাকীয়ে ।

লগতে পঢ়ক :নাৰী সৰৱৰাহকাৰীৰ কৱলৰ পৰা কথমপি ৰক্ষা মেঘালয়ৰ যুৱতী

ABOUT THE AUTHOR

...view details