অসম

assam

Guwahati girl suicide case : মডাৰ্ণ ইংলিছ স্কুলৰ ছাত্ৰীৰ আত্মহত্যাৰ ঘটনাৰ সাক্ষ্য গ্ৰহণ

By

Published : Jan 4, 2022, 8:25 PM IST

মহানগৰীৰ ওদালবাক্ৰাৰ মডাৰ্ণ ইংলিছ স্কুলৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰীৰ আত্মহত্যাৰ ঘটনাৰ (School girl suicide case in Guwahati) সন্দৰ্ভত মঙলবাৰে গ্ৰহণ কৰা হয় সাক্ষ্য ৷ কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ ৰিমঝিম কোঁৱৰৰ ১৩ নম্বৰ কোঠাত সাক্ষ্য গ্ৰহণ কৰা হয় ৷

School girl suicide case in Guwahati
মডাৰ্ণ ইংলিছ স্কুলৰ ছাত্ৰীৰ আত্মহত্যাৰ ঘটনাৰ সাক্ষ্য গ্ৰহণ

গুৱাহাটী, 4 জানুৱাৰী :এতিয়াও মাৰ যোৱা নাই মহানগৰীৰ ওদালবাক্ৰাৰ মডাৰ্ণ ইংলিছ স্কুলৰ অষ্টম শ্ৰেণীত অধ্যয়ন কৰা এগৰাকী ছাত্ৰীৰ আত্মহত্যা ঘটনাৰ উত্তেজনা (Guwahati girl suicide case) ৷ এই আত্মহত্যা ঘটনাৰ সন্দৰ্ভত মঙলবাৰে কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ ৰিমঝিম কোঁৱৰ(District Magistrate Rimjhim Konwar)ৰ ১৩ নম্বৰ কোঠাত সাক্ষ্য গ্ৰহণ কৰা হয় । মৰ্ডাণ স্কুলৰ ছাত্ৰী গৰাকীৰ আত্মহত্যাৰ ঘটনা সন্দৰ্ভত প্ৰায় ৭০ জন লোকে সাক্ষ্য প্ৰদান কৰা হয় ।

দণ্ডাধীশ ৰিমঝিম কোঁৱৰে সাক্ষীসকলৰ জৱান বন্দী লিপিবদ্ধ কৰে । মৰ্ডাণ স্কুলৰ অধ্যক্ষৰ জোনালী দাস মানসিক নিৰ্যাতন সহিব নোৱাৰি এই চৰম পথ বাছি লোৱা বুলি পৰিয়ালৰ লোকে আৰু সাক্ষীসকলে দণ্ডাধীশৰ আগত সাক্ষ্য প্ৰদান কৰে । লগতে Instragram ত ছাত্ৰী গৰাকীক পঞ্চম মহলাৰ জপিয়াবলৈ এজন বন্ধুৱে উচটনি দিছিল বুলি সাক্ষীসকলে দণ্ডাধীশৰ আগত সাক্ষ্য প্ৰদান কৰে ।

শীঘ্ৰে অধ্যক্ষা জোনালী দাস আৰু ছাত্ৰী গৰাকীৰ বন্ধুজনক তদন্তৰ আওতালৈ অনাৰ বাবে ছাত্ৰী গৰাকীৰ পৰিয়ালে দণ্ডাধীশৰ আগত দাবী কৰে ।

উল্লেখ্য যে, বিদ্যালয় ক্ৰীড়া সমাৰোহ চলি থকাৰ মাজতে 25 ডিচেম্বৰত দিনৰ প্ৰায় ১১.৪০ বজাত বিদ্যালয়খনৰ পঞ্চম মহলাৰ পৰা জপিয়াইছিল ছাত্ৰীগৰাকীয়ে । আঘাতপ্ৰাপ্ত ছাত্ৰীগৰাকীক ততাতৈয়াকৈ বিদ্যালয় কৰ্তৃপক্ষই হায়ত হাস্পতালত ভৰ্তি কৰা হৈছিল, যদিও পৰৱৰ্তী সময়ত মৃত্যু হয় ছাত্ৰীগৰাকীৰ ৷

জানিব পৰা মতে, বিদ্যালয়খনৰে নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল ছাত্ৰীগৰাকীৰ । যাৰ বাবে অধ্যক্ষা জোনালী দাসে ছাত্ৰীগৰাকীক কটু কথা শুনাইছিল । ফলত এমাহে মানসিক ভাৱে ভাগি পৰিছিল ছাত্ৰী গৰাকী ।

তদুপৰি ছাত্ৰীগৰাকীক অধ্যক্ষাগৰাকীয়ে সকীয়নি দিয়া বুলি অভিযোগ উত্থাপন হৈছিল । ইয়াৰ পিছতে ছুইচাইড নোট লিখি ছাত্ৰীগৰাকীয়ে বিদ্যালয়ৰ পঞ্চম মহলালৈ গৈ জপিয়াছিল (Suicide note of Guwahati school girl) ।

লগতে পঢ়ক :Guwahati school girl suicide case : ন্যায় বিচাৰি সদৌ দেউৰী মহিলা সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী

ABOUT THE AUTHOR

...view details