অসম

assam

অনুৰূপ ঘটনাৰ বাবে তিনিবছৰত দুবাৰ নিলম্বিত কাৰ্যবাহী অভিযন্তা বিক্ৰমাদিত্য চৌধুৰী

By

Published : Sep 9, 2021, 4:04 PM IST

একেজন বিষয়াৰ আমোলতে উত্তৰ গুৱাহাটীৰ দৰে ভয়াৱহ নাও দুৰ্ঘটনা সংঘটিত হ'ল নিমাতীঘাটত । ২০১৮ চনৰ ছেপ্টেম্বৰতো কর্তব্যত প্রদর্শন কৰা চূড়ান্ত দায়িত্বহীনতা আৰু গাফিলতিৰ বাবে তেওঁক নিলম্বিত কৰা হৈছিল । উত্তৰ গুৱাহাটীৰ শিহৰণকাৰী ঘটনাৰ দৰে যোৰহাটৰ নিমাতীঘাটত দুর্ঘটনাত পতিত হোৱা ফেৰীখনৰো নাছিল প্রয়োজনীয় চৰকাৰী নথিপত্র ।

Nimati Ghat incident
অভিযন্তা বিক্ৰমাদিত্য চৌধুৰী

গুৱাহাটী,৯ ছেপ্টেম্বৰ: যোৰহাট জিলাৰ নিমাতীঘাটত (Nimati Ghat) বুধবাৰে সন্ধিয়া সংঘটিত হোৱা ভয়াৱহ ফেৰী দুর্ঘটনাৰ (Ferry Accident) আঁৰত ৰাজ্য চৰকাৰৰ জল পৰিবহণ বিভাগৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতা আৰু গাফিলতি থকাৰ কথা নিৰ্লজ্জভাৱে স্বীকাৰ কৰিবলৈ বাধ্য হৈছে ড: হিমন্ত বিশ্ব শর্মা (Himanta Biswa Sarma) চৰকাৰে । ভৰ বাৰিষা বৰলুইতৰ বুকুত দুখনকৈ যাত্রীবাহী ফেৰীৰ মুখামুখি সংঘৰ্ষৰ ফলত বহুজনে মৃত্যুক আকোঁৱালি লোৱাৰ লগতে এতিয়াও বহুজন সন্ধানহীন হৈ আছে ।

এই শোকাৱহ ঘটনাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া হিচাপে ৰাজ্য চৰকাৰে জল পৰিবহণ বিভাগৰ (IWT) গাফিলতি স্বীকাৰ কৰি তিনিজনকৈ অভিযন্তাক তৎকালে চাকৰিৰ পৰা নিলম্বন কৰিছে । সেই অনুসৰি জল পৰিবহণ বিভাগৰ ডিব্রুগড় মণ্ডলৰ ভাৰপ্রাপ্ত কার্যবাহী অভিযন্তা বিক্রমাদিত্য চৌধুৰী, জল পৰিবহণ বিভাগৰ যোৰহাট মণ্ডলৰ ভাৰপ্রাপ্ত সহকাৰী কার্যবাহী অভিযন্তা মুকুট গগৈ, কনিষ্ঠ অভিযন্তা ৰাতুল তামুলীক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে । লক্ষণীয় বিষয় যে নিলম্বন কৰা জল পৰিবহণ বিভাগৰ ডিব্রুগড় মণ্ডলৰ ভাৰপ্রাপ্ত কার্যবাহী অভিযন্তা বিক্রমাদিত্য চৌধুৰী ২০১৮ চনৰ ৫ ছেপ্টেম্বৰত উত্তৰ গুৱাহাটীত সংঘটিত হোৱা ভয়ানক নাও দুর্ঘটনাৰো আঁৰৰ খলনায়ক হিচাপে চিহ্নিত হৈছিল ।

অভিযন্তা বিক্ৰমাদিত্য চৌধুৰী

২০১৮ চনৰ ছেপ্টেম্বৰত কর্তব্যত প্রদর্শন কৰা চূড়ান্ত দায়িত্বহীনতা আৰু গাফিলতিৰ বাবে তেওঁক নিলম্বিত কৰা হৈছিল । কিন্তু সেই সময়তো বিভাগটোৰ মন্ত্রী আছিল চন্দ্রমোহন পাটোৱাৰী ।

তিনি বছৰ পূর্বে উত্তৰ গুৱাহাটীত ৪০ জনৰো অধিক নাওযাত্রী ডুব যোৱা ভয়ানক নাও দুর্ঘটনাৰ আঁৰৰ লোকজনকে পৰৱর্তী সময়ত বিভাগটোৱে দায়িত্ব দিছিল জল পৰিবহণ বিভাগৰ ডিব্রুগড় মণ্ডলৰ কার্যবাহী অভিযন্তাৰ দৰে গুৰুত্বপূৰ্ণ পদবীত । তিনি বছৰতে কর্তব্যত প্রদর্শন কৰা গাফিলতিৰ বাবে পুনৰ দ্বিতীয়বাৰৰ বাবে নিলম্বিত হ'ল জল পৰিবহণ বিভাগৰ কার্যবাহী অভিযন্তা বিক্ৰমাদিত চৌধুৰী । উত্তৰ গুৱাহাটীৰ শিহৰণকাৰী ঘটনাৰ দৰে যোৰহাটৰ নিমাতীঘাটত দুর্ঘটনাত পতিত হোৱা ফেৰীখনৰো নাছিল প্রয়োজনীয় চৰকাৰী নথিপত্র ।

অভিযন্তা বিক্ৰমাদিত্য চৌধুৰী

যোগ্যতাৰ প্রমাণপত্র, চালকৰ পঞ্জীয়ন, লাইফ জেকেট আদি নথকাৰ বাবেই যোৰহাটৰ নিমাতীঘাটত পুনৰ ভয়াৱহ নাও দুর্ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে । তদুপৰি যাত্রীক টিকট দিয়াৰো ব্যৱস্থা নাছিল । যাৰ বাবে এতিয়াও যাত্রীৰ প্ৰকৃত তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই সংশ্লিষ্ট কৰ্তৃপক্ষ ।

ৰাজ্য চৰকাৰে উত্তৰ গুৱাহাটীৰ ঘটনাক লৈ চলোৱা তদন্তত পোহৰলৈ আহিছিল জল পৰিবহণ বিভাগৰ অনুৰূপ গাফিলতি । কিন্তু ২০১৮ চনৰ ৫ ছেপ্টেম্বৰত কর্তব্যত চূড়ান্ত গাফিলতি প্রদর্শন কৰা কার্যবাহী অভিযন্তা বিক্রমাদিত্য চৌধুৰীক পুনৰ চাকৰিত যোগদানৰ সুযোগ দি ৰাজ্য চৰকাৰে এইবাৰ যোৰহাটৰ নিমাতীঘাটত অনুৰূপ নাও দুর্ঘটনাৰ পুনৰাবৃত্তি হোৱাৰ বাট মুকলি কৰি দিয়াৰ প্ৰসংগকলৈ এতিয়া প্রশ্ন উত্থ‍পন হৈছে । সাধাৰণ নাও যাত্রীৰ জীৱন বিপন্ন কৰি জল পৰিবহণ বিভাগে বাৰম্বাৰ এনেদৰে সাধাৰণ নাগৰিকৰ জীৱনক লৈ হেতালি খেলি দায়িত্বজ্ঞানহীন অভিযন্তাক গুৰুত্বপূর্ণ পদবীত মকৰল কৰি ৰখাৰ আঁৰৰ ৰহস্যক লৈ বিতর্কৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক:নিমাতীঘাটত উপস্থিত DGP ভাস্কৰজ্যোতি মহন্ত

ABOUT THE AUTHOR

...view details