অসম

assam

এন আৰ চি পুনৰীক্ষণক লৈ মিছা মাতিছে চৰকাৰে : উপমন্যু হাজৰিকা

By

Published : Sep 7, 2020, 2:38 AM IST

চৰকাৰে কৈছে উচ্চতম ন্যায়ালয়ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পুনৰীক্ষণৰ বিষয়টো বিচাৰাধীন হৈ আছে । দ্বিতীয়তে NRC পুনৰীক্ষণৰ ক্ষমতা ৰাজ্য চৰকাৰৰ হাতত’’ ৷ কিন্তু বাংলাদেশী সুৰক্ষিত কৰিবলৈ উচ্চতম ন্যায়ালয়লৈ চৰকাৰে দায়িত্ব ঠেলি দিছে বুলি অভিযোগ উত্থাপন কৰে উপমন্যু হাজৰিকাই ।

NRC
NRC

গুৱাহাটী, ৬ ছেপ্টেম্বৰ : ‘‘ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পুনৰীক্ষণক লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্য চৰকাৰে ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে আৰু মিছা মাতিছে’’ । এই অভিযোগ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ । এক ভিডিঅ' বাৰ্তাত দেওবাৰে হাজৰিকাই কয় যে, " চৰকাৰে কৈছে উচ্চতম ন্যায়ালয়ত এই বিষয়টো বিচাৰাধীন হৈ আছে । দ্বিতীয়তে NRC পুনৰীক্ষণৰ ক্ষমতা ৰাজ্য চৰকাৰৰ হাতত’’ ৷ কিন্তু বাংলাদেশী সুৰক্ষিত কৰিবলৈ উচ্চতম ন্যায়ালয়লৈ চৰকাৰে দায়িত্ব ঠেলি দিছে বুলি অভিযোগ উত্থাপন কৰে উপমন্যু হাজৰিকাই । ৪ ছেপ্টেম্বৰত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণত উল্লেখ কৰিছে যে NRC ৰ পুনৰীক্ষণৰ আৱেদন উচ্চতম ন্যায়ালয়লত বিচাৰধীন হৈ আছে । একে সন্দৰ্ভত বিধান সভাত বিধায়ক শ্বেৰমান আলিৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীৰ হৈ চন্দ্রমোহন পাটোৱাৰীয়ে জনায় যে উচ্চতম ন্যায়ালয়লত চৰকাৰে দাখিল কৰা পুনৰীক্ষণৰ আবেদন বিচাৰাধীন হৈ আছে । সদন আৰু ভাষণত কোৱা কথা সম্পূৰ্ণ মিছা বুলি কয় উচ্চতম ন্যায়ালয়ৰ অধিবক্তাগৰাকীয়ে ।

সদনত দিয়া উত্তৰত উল্লেখ কৰা হৈছে যে জুলাই ২০১৯ ত NRCৰ পুনৰীক্ষণৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা ন্যায়ালয়ত শপতনামা দাখিল কৰা হৈছে । কিন্তু মুখ্যমন্ত্ৰীৰ ভাষণত বা সদনত উল্লেখ কৰা নহ’ল যে উচ্চতম ন্যায়ালয়ে পুনৰীক্ষণৰ দাবী নাকচ কৰিলে ২৩ জুলাই ২০১৯ ত । এই সন্দৰ্ভত প্ৰব্ৰজন বিৰোধী মঞ্চৰ ফালৰ পৰা প্ৰধান মন্ত্ৰী, গৃহমন্ত্ৰীক আবেদন জনোৱাত ২০১৯ ৰ ২ ডিচেম্বৰত গৃহ মন্ত্ৰণালয়ৰ ফালৰ পৰা দিয়া পত্ৰত দ্বিতীয় প্ৰেৰাগ্ৰাফত স্পষ্টভাৱে কোৱা হৈছে যে উচ্চতম ন্যায়ালয়ে কেন্দ্রীয় আৰু ৰাজ্যচৰকাৰৰ পুনৰীক্ষণৰ আবেদন নাকচ কৰিছে । প্ৰকৃতাৰ্থত চূড়ান্ত NRC প্ৰকাশ পোৱাৰ পাছত তাৰ পুনৰীক্ষণৰ ক্ষমতা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ হাততে আছে ।

এন আৰ চি পুনৰীক্ষণক লৈ মিছা মাতিছে চৰকাৰে

চূড়ান্ত NRCৰ ক্ষেত্ৰত নাগৰিকত্ব আইনৰ অন্তর্গত ঘোষণা কৰা ২০০৩ অধিনিয়মৰ ১০ নং দফাই পঞ্জীয়ন কৰ্তৃপক্ষক অধিকাৰ দিছে ,যি সকল ব্যক্তিয়ে ভুল বা মিছা তথ্য দি NRC ত নাম অন্তৰ্ভুক্ত কৰিছে, তেওঁলোকৰ নাম কৰ্তন কৰিব পাৰে । আইন অনুসাৰে চূড়ান্ত NRC পুনৰীক্ষণৰ ক্ষমতা স্বয়ং চৰকাৰৰ আছে । তাৰ বাবে উচ্চতম ন্যায়ালয়লত আবেদন কৰাৰ প্ৰয়োজন নাই । যি সময়ত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়লত আবেদন কৰিছিল সেই সময় আছিল জুলাই ২০১৯ । যি আবেদন নাকচ হ’ল সেয়া আছিল NRCৰ খচৰাৰ ক্ষেত্ৰত । ৩১ আগষ্ট ২০১৯ ত চূড়ান্ত NRC প্ৰকাশ হ’ল আৰু সেই চূড়ান্ত NRC পুনৰীক্ষণৰ বাবে ২০০৩ অধিনিয়মে ক্ষমতা প্ৰদান কৰিছে পঞ্জীয়ক কৰ্তৃপক্ষক অৰ্থাৎ চৰকাৰক ।

প্ৰব্ৰজন বিৰোধী মঞ্চৰ ফালৰ পৰা এই বিষয় সমূহ আৰু আইনী স্থিতি উল্লেখ কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক দিয়া হৈছে । কিন্তু সোণোৱালৰ পৰা উত্তৰতো নাহিলেই বৰঞ্চ তেওঁ আৰু তেওঁৰ চৰকাৰে ৰাইজৰ মাজত মিছা কথা কৈ বিভ্ৰান্তিৰহে সৃষ্টি কৰিছে বুলি অভিযোগ তুলিছে অধিবক্তাজনে । UPA চৰকাৰে ২০০৪ চনতে অসমত ৫০ লাখ বাংলাদেশী আছে বুলি সংসদত তথ্য দিছিলে । ২০১৬ চনত নৱেম্বৰ মাহত বৰ্তমান বিজেপি চৰকাৰে সংসদত দিয়া তথ্যত ৮০ লাখ বৃদ্ধি পালে । কিন্তু NRC ত মুঠতে বাদ পৰিলে ১৯ লাখ । অসমত থকা বাংলাদেশীয়ে ২০৪০ চনৰ ভিতৰত খিলঞ্জীয়াক সংখ্যলঘু কৰিব বুলি মন্তব্য কৰে উপমন্যু হাজৰিকাই ৷


লগতে পঢ়ক :কিহৰ বাবে বাৰে বাৰে ভাঙোনমুখী হয় অগপ ! কেৰোণ ক’ত ?

ABOUT THE AUTHOR

...view details