ফাইজান আহমেদৰ হৈ ন্যায় বিচাৰি নিজেই খবৰ হৈ পৰিল কেৰালাৰ ছাত্ৰী - STUDENT DEATH CASE AT IIT KHARAGPUR
IIT Kharagpur Student Found Dead : সংবাদ চৰ্চাত কেইবাদিনো ধৰি অব্যাহত আছে আই আই টি খড়গপুৰৰ ছাত্ৰ ফাইজান আহমেদৰ মৃত্যুৰ খবৰ ৷ আনকি খোদ মুখ্যমন্ত্ৰীয়েও এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছে পশ্চিমবংগৰ মুখ্য়মন্ত্ৰী মমতা বেনাৰ্জীলৈ ৷ পিছে ফাইজানৰ মৃত্যুৰ ন্যায় বিচাৰি আগুৱাই অহা একেটা শিক্ষানুষ্ঠানতে অধ্যয়নৰত এগৰাকী ছাত্ৰীৰ আকস্মিক মৃত্যুৰ খবৰে অধিক সন্দেহ ঘনীভূত কৰিছে সমগ্ৰ বিষয়টোত ৷

Published : June 18, 2024 at 3:56 PM IST
তিনিচুকীয়া, 18 জুন: খড়গপুৰ আই আই টি-ত অসমৰ ছাত্ৰ ফাইজান আহমেদৰ মৃত্য়ুক কেন্দ্ৰ কৰি আজিও অব্যাহত আছে বিতৰ্ক ৷ ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত বিশেষ পত্ৰ প্ৰেৰণ কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ ৷ সংবাদ মাধ্যমলৈ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত এই কথা সদৰী কৰা হৈছে ।
শিক্ষানুষ্ঠানখনৰ ছাত্ৰাবাসত ৰহস্যজনক পৰিস্থিতিত উদ্ধাৰ হোৱা ফাইজানৰ মৃত্যুৰ ঘটনাৰ প্রকৃত সত্য উদঘাটনৰ বাবে, সমগ্ৰ বিষয়টোৰ তদন্তৰ দায়িত্ব চিবিআইক হস্তান্তৰ কৰাৰ বাবে আহ্বান জনাই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ মুখ্যমন্ত্ৰী শৰ্মাই জৰুৰী পত্ৰখন প্ৰেৰণ কৰে ।
পিছে শিক্ষানুষ্ঠানত সংঘটিত আন এক ঘটনাই স্তম্ভিত কৰি তুলিছে সকলোকে ৷ আই আই টি খড়গপুৰত অধ্যয়নৰত তথা ফাইজান আহমেদৰ ৰহস্যজনক মৃত্য়ুৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰা এগৰাকী ছাত্ৰীৰ মৃতদেহ শেহতীয়াকৈ পোৱা গৈছে ৷
কেৰালাৰ বাসিন্দা দেৱীকা পিল্লে নামৰ ছাত্ৰীগৰাকীয়ে আত্মহত্যা কৰা বুলি শিক্ষানুষ্ঠানখনৰ তৰফৰ পৰা ৰাজহুৱা কৰা হৈছে ৷ সোমবাৰে আকস্মিকভাৱে লাভ কৰা এই খবৰে পুনৰ সৃষ্টি কৰিছে আন এক ৰহস্যৰ ।
লগতে পঢ়ক: কেনেকৈ মৃত্যু হৈছিল তিনিচুকীয়াৰ ফাইজান আহমেদৰ ? জানক সবিশেষ - IIT Kharagpur Assam Student Death
উল্লেখ্য যে ছাত্ৰীগৰাকীৰ এই আত্মহত্যাৰ খবৰে জোকাৰি গৈছে ফাইজান আহমেদৰ পৰিয়ালবৰ্গকো ৷ মৃত ছাত্ৰগৰাকীৰ পৰিয়ালৰ লোকে দাবী কৰা অনুসৰি, এয়া কোনোপ্ৰকাৰে আত্মহত্যাৰ ঘটনা হ’বই নোৱাৰে ৷ ইও এক ৰহস্যজনক হত্যাকাণ্ডহে ৷ যাৰ বাবে উচিত ন্যায়ৰ পোষকতা কৰে ফাইজান আহমেদৰ মাতৃ ৰেহানা আহমেদে ৷
লগতে পঢ়ক: Faizan Ahmed death case:কলকাতালৈ নিয়া হ’ল ফাইজান আহমেদৰ মৃতদেহ
ফাইজান আহমেদৰ মৃত্যুৰ ঘটনাৰ তদন্ত চলি থকাৰ মাজতে ছাত্ৰীগৰাকীৰ আত্মহত্যাৰ ঘটনাই অৱতাৰণা কৰিছে বহু প্ৰশ্নৰ ৷

