অসম

assam

বকো-ছয়গাঁও কংগ্ৰেছ শূন্য হ'ব নেকি !

By

Published : Dec 29, 2021, 1:53 PM IST

Updated : Dec 29, 2021, 5:02 PM IST

পুনৰ কংগ্ৰেছত খহনীয়া ৷ এইবাৰ ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে দল ত্যাগ কৰাৰ চৰ্চা চলিছে (Rekibuddin Ahmed to quit Congress party)। বকোৰ বিধায়িকা নন্দিতা দাসৰ নামো চৰ্চাত আছে । অগপত যোগদান সম্ভাৱনা আছে দুয়োগৰাকী বিধায়কৰ ।

two-assam-congress-mlas-likely-to-join-asom-gana-parishad
বকো-ছয়গাঁও কংগ্ৰেছ শূন্য হ'ব নেকি !

গুৱাহাটী, ২৯ ডিচেম্বৰ :এফালৰ পৰা খহনীয়াই বিধ্বস্ত কৰা কংগ্ৰেছ দলৰ বাবে যেন আপদ-বিপদে লগ নেৰাই হৈছে ! শতিকা প্ৰাচীন ৰাজনৈতিক দলটো আজিৰ তাৰিখত প্ৰায় বিধ্বস্ত । ইজনৰ পিছত সিজনকৈ নেতা, বিধায়ক, সাংসদ আদিয়ে দল এৰি যোৱাৰ ধাৰাবাহিকতা অব্যাহত আছে । কিছুদিন পূৰ্বে অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই দাবী কৰিছিল যে এইবাৰ বিজেপি নহয়, অগপলৈ আহিবলৈহে মন মেলিছে কংগ্ৰেছৰ বিধায়কে ।

কেশৱ মহন্ততকৈ আৰু এখোপ ওপৰলৈ গৈ ন-বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও দাবী কৰিছিল যে চাৰিজনকৈ কংগ্ৰেছ বিধায়ক দল সলনি কৰিবলৈ যোগাযোগ চলাই আছে । ইয়াৰে দুজনে বিজেপিত আৰু দুজনে অগপত‌ যোগ দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে ।

চৰ্চা চলিছে- অগপলৈ আহিব খোজা কোন এই দুই কংগ্ৰেছ বিধায়ক ?

প্ৰাপ্ত খবৰ অনুসৰি, ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ (Rekibuddin Ahmed to quit Congress ) আৰু বকোৰ বিধায়ক নন্দিতা দাসে অগপত যোগ দিয়াৰ এক সম্ভাৱনাই দেখা দিছে (Boko MLA Nandita Das to join AGP)। নিজা নিজা সমষ্টিৰ জনগাঁথনি আৰু ভোটাৰৰ বিন্যাসৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই দুই কংগ্ৰেছ বিধায়কে বিজেপিত যোগ দিয়াৰ বিপৰীতে অগপত যোগ দিয়াটোৱেই নিৰাপদ বুলি বিবেচনা কৰিছে । ইতিমধ্যে এই দুই কংগ্ৰেছ বিধায়কৰ সৈতে অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ কেইবালানিও বৈঠক অনুষ্ঠিত হৈছে ।

লগতে পঢ়ক :অসমত বৰ্তমান চৰকাৰে মুছলিম নিধন যজ্ঞ চলাইছে :আমিনুল ইছলাম

Last Updated :Dec 29, 2021, 5:02 PM IST

ABOUT THE AUTHOR

...view details