ETV Bharat / state

অসমত বৰ্তমান চৰকাৰে মুছলিম নিধন যজ্ঞ চলাইছে :আমিনুল ইছলাম

author img

By

Published : Dec 28, 2021, 10:44 PM IST

লাহৰিজান উচ্ছেদক লৈ বিধায়ক আমিনুল ইছলামৰ সংবাদমেল (MLA Aminul islam on Laharijan eviction) । জানো আহক কি ক’লে আমিনুল ইছলামে ৷

mla-aminul-islam-criticizes-kaac-for-laharijan-eviction
অসমত বৰ্তমান চৰকাৰে মুছলিম নিধন যজ্ঞ চলাইছে :আমিনুল ইছলাম

ডিফু, ২৮ ডিচেম্বৰ : মঙলবাৰে কাৰ্বিআংলং জিলাৰ অসম নাগালেণ্ড সীমান্তৰ লাহৰিজান দোদুকলনিত উপস্থিত হয় AIUDF ৰ বিধায়ক আমিনুল ইছলাম । খটখটি আৰক্ষী চকীৰ অন্তৰ্গত লাহৰিজান দোদুকলনিত উচ্ছেদিত ঠাইসমূহ ভ্ৰমণৰ উদ্দেশ্যে ধিং সমষ্টিৰ AIUDF ৰ বিধায়ক গৰাকী উপস্থিত হয় । মঙলবাৰে, লাহৰিজানত উপস্থিত হৈ বিধায়ক গৰাকীয়ে অসম চৰকাৰ তথা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদক ক্ষুৰধাৰ সমালোচনা কৰা দেখা যায় (Aminul islam criticizes KAAC) ।

উল্লেখ্য যে, লাহৰিজান অঞ্চলত স্বায়ত্ত শাসিত পৰিষদে চক্ৰান্তমূলক ভাৱে উচ্ছেদ চলায় বুলি অভিযোগ উত্থাপন কৰে বিধায়ক গৰাকীয়ে । ইয়াৰ লগতে উচ্ছেদিত লোকসকলক পুনৰ ভূমি ঘূৰাই দি বাসগৃহ নিৰ্মাণৰ বাবে তেওঁ চৰকাৰক দাবী জনায় । লাহৰিজানত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে চলোৱা উচ্ছেদ অভিযানক লৈ এখন সংবাদমেল সম্বোধন কৰে বিধায়ক আমিনুল ইছলামে(Aminul islam against Laharijan eviction) ৷ সংবাদমেলত অংশ লৈ অসমত বৰ্তমান চৰকাৰে মুছলিম নিধন যজ্ঞ চলাইছে বুলিও অভিযোগ কৰিলে আমিনুল ইছলামে ৷

অসমত বৰ্তমান চৰকাৰে মুছলিম নিধন যজ্ঞ চলাইছে :আমিনুল ইছলাম

লগতে অসমৰ চৰকাৰখনে ধৰ্মীয় সংখ্যালঘুক উৎপিড়ণ চলাই নাগপুৰীয়া সকলক সন্তুষ্ট কৰিছে বলি মন্তব্য কৰিলে বিধায়কগৰাকীয়ে ৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে অন্যায়ভাৱে লাহৰিজানত উচ্ছেদ চলোৱাৰ অভিযোগ উত্থাপন কৰি উচ্ছেদিত লোকসকলৰ বাবে ন্যায় বিচাৰি মানৱ অধিকাৰ আয়োগৰ দ্বাৰস্থ হোৱাৰ কথাও উল্লেখ কৰিলে বিধায়ক আমিনুল ইছলামে ৷
লগতে পঢ়ক : কোচ ৰাজবংশীৰ নামত ভুৱা OBC প্ৰমাণ পত্ৰৰ বেহা চলাইছে কোনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.