অসম

assam

TMC slams BJP: সততাৰ বিজ্ঞাপন দি নেতা-কৰ্মীৰ জৰিয়তে চাকৰিৰ নামত বিজেপিৰ ধন সংগ্ৰহ: তৃণমূল যুৱ কংগ্ৰেছ

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 6:41 PM IST

চৰকাৰৰ সমালোচনাত মুখৰ অসম তৃণমূল যুৱ কংগ্ৰেছ । অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত ড৹হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত হোৱা কেলেংকাৰী সন্দৰ্ভত মন্তব্য় অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বন্দীপ দত্তৰ ।

Press Meet of TMC in Guwahati
অসম তৃণমূল যুৱ কংগ্ৰেছৰ সংবাদমেল

অসম তৃণমূল যুৱ কংগ্ৰেছৰ সংবাদমেল

গুৱাহাটী, ২৯ আগষ্ট:ড৹হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত কেলেংকাৰীৰ পয়োভৰ ঘটা বুলি অভিযোগ উত্থাপন কৰিছে অসম তৃণমূল যুৱ কংগ্ৰেছে । মঙলবাৰে অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত বিজেপি চৰকাৰৰ সমালোচনাত মুখৰ হৈ পৰে অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বন্দীপ দত্ত । শেহতীয়াকৈ অসম চৰকাৰৰ নিযুক্তিক লৈ বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনৰ পৰাই চাকৰিৰ বজাৰ চলা বুলি অভিযোগ উত্থাপন কৰি দত্তই কয় যে বিগত কেইদিনত অসমৰ সংবাদ মাধ্যমত ধনৰ বিনিময়ত চাকৰি কেলেংকাৰীৰ কথা ধাৰাবাহিকভাৱে প্ৰকাশ পাই আহিছে ।

তেওঁ কয় যে ইতিমধ্যে চাকৰিৰ নামত বজাৰ চলোৱাৰ অভিযোগত দ্বীবন ডেকা, অনুৰাগ চলিহা, তৃষ্ণা শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে । আটাইকেইগৰাকী হ'ল বিজেপি নেতা-নেত্ৰী । বিজেপি নেতা অনুৰাগ চলিহাৰ বাসগৃহত এডমিট কাৰ্ড-প্ৰাৰ্থী তালিকা উদ্ধাৰ হৈছে । গ্ৰেপ্তাৰ হোৱাসকলে আৰক্ষীৰ জেৰাত ওপৰ মহলৰ নাম লৈছে । কিন্তু সেই ওপৰ মহলৰ বিৰুদ্ধে আৰক্ষীৰ ব্যৱস্থা প্ৰত্যক্ষ কৰা নাই বুলি তেওঁ কয় ।

ইফালে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই 'গোসাঁইঘৰত কোন,মই কল খোৱা নাই' আৰ্হিত নিযুক্তিত কোনো কেলেংকাৰী হোৱা নাই, এটকাও নোলোৱাকৈ চাকৰি দিয়া হৈছে বুলি নিজেই নিজৰ চাৰ্টিফিকেট দি আছে । কিন্তু শেহতীয়া ঘটনাৱলীয়ে মুখ্যমন্ত্ৰীৰ দাবীৰ আঁৰৰ ফোপোলা স্বৰূপ এটাহে আমাৰ সন্মুখত দাঙি ধৰিছে বুলি কয় অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বন্দীপ দত্তই । তেওঁ কয়,"মুখ্যমন্ত্ৰীয়ে যিমানেই কথাবোৰ ঢাকিবলৈ চেষ্টা নকৰক,অসমৰ ৰাইজে বুজিব লগাখিনি বুজিছে । বাহিৰত সততাৰ বিজ্ঞাপন দি ভিতৰত নেতা-কৰ্মীৰ হতুৱাই চাকৰিৰ নামত ধন সংগ্ৰহৰ জাল মেলি একাংশ প্ৰকৃত যোগ্য চাকৰি প্ৰাৰ্থীক বঞ্চিত কৰা যে হৈছে, সেয়া সত্য কথা । ইয়াৰ বিৰুদ্ধে অসমবাসী বিশেষকৈ চাকৰি প্ৰাৰ্থী যুৱ চামক সজাগ হৈ মাত মাতিবলৈ আমি আহ্বান জনাব বিচাৰিছোঁ । আমি অসম তৃণমূল যুৱ কংগ্ৰেছে আগন্তুক সময়ত বঞ্চিত চাকৰি প্ৰাৰ্থীসকলৰ ঘৰে ঘৰে গৈ চৰকাৰখনৰ আচল স্বৰূপবোৰ উদঙাই দিয়াৰ পৰিকল্পনা কৰিছো ।"

হিমন্ত বিশ্ব শৰ্মাৰ আমোলত দুৰ্নীতিৰ গ্ৰহণযোগ্যতাৰ পৰিৱেশ সৃষ্টি কৰা হৈছে বুলি মন্তব্য কৰি সৰ্বানন্দ সোণোৱালৰ দিনত এপিএছচি কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা ৰাকেশ পালে এতিয়া কাৰামুক্ত হৈ গান গাই দেশভক্তিৰ পাঠ পঢ়াই আছে বুলি কটাক্ষ কৰে অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বন্দীপ দত্তই। আনহাতে জুৱিন গাৰ্গে AJP সন্দৰ্ভত কৰা মন্তব্য সন্দৰ্ভত কয় যে জুবিন গাৰ্গ এজন জনপ্ৰিয় শিল্পী। জুবিন গাৰ্গেই হওক, নাইবা আন কোনোবাই হওঁক এনে মন্তব্য কৰিব নালাগে । এটা বৈধ ৰাজনৈতিক দলক জুবিন গাৰ্গৰ দৰে ব্যক্তি বিশেষে তেনেকৈ কোৱাটো উচিত নহয় ।

লগতে পঢ়ক:Assam Cash for Job scam: বাজপেয়ী ভৱন এতিয়া চাকৰিৰ বজাৰ ভৱন; ভূপেন বৰা

ABOUT THE AUTHOR

...view details