অসম

assam

হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ ছাত্ৰৰ আত্মহত্যা

By

Published : Jun 8, 2022, 10:53 PM IST

Student who failed HSLC examination commits suicide
হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ ছাত্ৰৰ আত্মহত্যা ()

হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ বাবে জীৱনৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে মঠঘৰীয়াৰ এগৰাকী ছাত্ৰই(Student who failed HSLC examination commits suicide) ৷ ঘটনাৰ খবৰ পোৱা মাত্ৰকে নুনমাটি আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে ৷

গুৱাহাটী ৮ জুন :সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ বাবে আত্নহননৰ দৰে চৰম পন্থা বাচি ল'লে নুনমাটি থানাৰ অন্তৰ্গত মঠঘৰীয়াৰ শিৱ নগৰ অঞ্চলৰ এজন ছাত্ৰই(Student who failed HSLC examination commits suicide) ৷ মহানগৰীৰ জু-ৰোড বিদ্যাপীঠ হাইস্কুলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ আছিল ছাত্ৰজন ৷ মৃত ছাত্ৰজনৰ নাম হৈছে পল্লব বৰা (১৬)।

উল্লেখ্য যে, মঙ্গলবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অনাকাংক্ষিত ফলাফল লাভ কৰাৰ বাবেই আত্মহননৰ পথ বাচি লোৱা বুলি পৰিয়ালে সন্দেহ ব্যক্ত কৰিছে । পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ পল্লৱে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনু্ত্তীৰ্ণ হোৱাৰ পিছৰে পৰা মানসিক অশান্তিত ভুগি আছিল । আনকি মনৰ দুখত খোৱা লোৱাও কৰা নাছিল ছাত্ৰজনে । ছাত্ৰজনৰ বিধবা মাতৃ আৰু জেষ্ঠ ভাতৃয়ে অনুতীৰ্ণ হোৱাৰ বাবে মন বেয়া নকৰি পুনৰ স্কুলত নাম ভৰ্তি কৰি মেট্ৰিক পৰীক্ষা দিবলৈ পৰামৰ্শ প্ৰদান কৰিছিল ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ ছাত্ৰৰ আত্মহত্যা

জেষ্ঠ ভাতৃ আৰু মাতৃৰ কথামতে বুধবাৰে পুৱাৰ ভাগত ছাত্ৰজনে পুনৰ স্কুললৈ যাবলৈ আৰম্ভ কৰে । কিন্তু দুপৰীয়া প্ৰায় ১২ মান বজাত স্কুলৰ পৰা উভতি আহি ঘৰত কোনো নথকা অৱস্থাত শুৱনি কোঠাত চিপ লৈ আত্মহত্যা কৰে ছাত্ৰজনে ।

বুধবাৰে পল্লৱৰ এজন বন্ধু ঘৰলৈ আহি কোঠাত প্ৰৱেশ কৰাত পল্লৱক ডিঙিত চিপ লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰাত ততাতৈয়াকৈ ঘটনা সন্দৰ্ভত নুনমাটি থানাত খবৰ দিয়ে । ইয়াৰ পিছতে ঘটনাস্থলীত নুনমাটি আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে । বৰ্তমান ছাত্ৰগৰাকীৰ মৃত্যুৰ খবৰে সমগ্ৰ অঞ্চলটোত এক শোকৰ ছাঁ পেলাইছে ।

লগতে পঢ়ক :গোৱালপাৰাত ছাত্ৰীৰ ৰহস্যজনক আত্মহত্যা

ABOUT THE AUTHOR

...view details