অসম

assam

ষাঠি কোটি টকাৰে কেইবাটাও আৱৰ্ত ভৱনৰ হ’ব আধুনিকীকৰণ

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 9:23 PM IST

Updated : Dec 24, 2023, 10:47 PM IST

Circuit Houses modernization: ঋণৰ বোজাৰ মাজতে ৰাজ্যত অব্যাহত ভঙা-গঢ়াৰ প্ৰক্ৰিয়া । আৱৰ্ত ভৱনসমূহ পুনৰ নিৰ্মাণ আৰু আধুনিকীকৰণৰ সিদ্ধান্ত । প্ৰাথমিক পর্যায়ত পাঁচটা আৱৰ্ত ভৱন বাচনি কৰা হৈছে । আধুনিকীকৰণ হ'ব নগাঁও, ধেমাজি, লখিমপুৰ, শদিয়া আৰু কৰিমগঞ্জ আৱৰ্ত ভৱন । ব্যয় কৰা হ'ব ৬০ কোটি টকা ।

circuit house modernissation assam
আৱৰ্ত ভৱন হ’ব আধুনিকীকৰণ

গুৱাহাটী, ২৪ ডিচেম্বৰঃ ৰাজ্যত এতিয়া নিৰ্মাণকাৰ্যৰ ধুম উঠিছে । ঋণৰ ওপৰত ঋণ লোৱা চৰকাৰখনে কিন্তু ধাৰাবাহিকভাৱে চলাই আহিছে নির্মাণকার্য । বাট-পথ, দলং, কার্যালয়, উৰণ সেতু আদিকে ধৰি বিভিন্নধৰণৰ নিৰ্মাণকাৰ্য ৰাজ্যত ব্যাপক হাৰত অব্যাহত আছে ।

চৌদিশে বিভিন্ন নির্মাণকার্য চলি থকাৰ সমান্তৰালকৈ ভঙা-গঢ়াৰ প্ৰক্ৰিয়াও অব্যাহত আছে । শেহতীয়াভাৱে চৰকাৰখনে ৰাজ্যৰ বিভিন্ন স্থানত থকা আৱৰ্ত ভৱনসমূহো পুনৰ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ বাবে যাৱতীয় প্ৰক্ৰিয়াও আৰম্ভ কৰিছে ।

উল্লেখ্য যে ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলা আৰু মহকুমা সদৰত আৱৰ্ত ভৱন আছে । চৰকাৰে লোৱা সিদ্ধান্ত অনুসৰি এই আৱৰ্ত ভৱনসমূহ পুনৰ নিৰ্মাণ আৰু আধুনিক কৰিব । ইয়াৰ বাবে প্ৰাথমিক পর্যায়ত পাঁচটা আৱৰ্ত ভৱন বাচনি কৰা হৈছে । আধুনিক কৰিবলগীয়া আৱৰ্ত ভৱনকেইটা ক্ৰমে নগাঁও, ধেমাজি, লখিমপুৰ, শদিয়া আৰু কৰিমগঞ্জ আৱৰ্ত ভৱন । মুঠ প্ৰায় ৬০ কোটি টকা ব্যয় সাপেক্ষে এই কাম সম্পন্ন কৰা হ'ব ।

জানিব পৰা মতে উক্ত আৱৰ্ত ভৱনসমূহৰ ভিতৰত নগাঁও আৱৰ্ত ভৱনৰ পুনৰ নিৰ্মাণ তথা আধুনিকীকৰণৰ বাবে ২৫ কোটি টকা, ধেমাজি আৱৰ্ত ভৱনৰ বাবে ১২ কোটি টকা, লখিমপুৰৰ বাবে ১২ কোটি টকা আৰু শদিয়া আৱৰ্ত ভৱনৰ বাবে ১১ কোটি টকা ধার্য কৰা হৈছে । অৱশ্যে কৰিমগঞ্জ আৱৰ্ত ভৱনৰ বাবে ধার্য কৰা পৰিমাণ এতিয়াও জানিব পৰা হোৱা নাই ।

চাৰিটা আৱৰ্ত ভৱনৰ বাবে ধার্য কৰা মুঠ পুঁজিৰ পৰিমাণ প্ৰায় ৬০ কোটি টকা । ইয়াৰ বাবে নিবিদা প্ৰক্ৰিয়াও ইতিমধ্যে আৰম্ভ কৰা হৈছে । নিবিদাৰ যাৱতীয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি হয়তো অতিশীঘ্ৰেই পুৰণি ভৱন ভাঙি নতুন ভৱন নিৰ্মাণৰ কাম অথবা পুৰণি ভৱনটোকে নতুন ৰূপ দিয়াৰ কাম আৰম্ভ হ’ব ।

মুঠতে ৰাজ্যত ব্যাপক হাৰত চলিছে আন্তঃগাঠনি নিৰ্মাণৰ লগতে ভঙা আৰু গঢ়াৰ প্ৰক্ৰিয়া । এফালে ঋণ লৈ তৎ নোপোৱা চৰকাৰখনে ভাঙি গঢ়াৰ নামতো ব্যাপক পুঁজি ব্যয় কৰি আহিছে । লক্ষ্যণীয় বিষয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে শাসনভাৰ গ্ৰহণ কৰিয়েই দিছপুৰত ব্যাপক হাৰত পুনৰনিৰ্মাণৰ কাম কৰিছিল । বৰ্তমান সময়তো সেই ভঙা-গঢ়াৰ প্ৰক্ৰিয়া অব্যাহত আছে ।

লগতে পঢ়ক:ৰাজ্যিক কৰ্মচাৰীৰ লোক সেৱক আৰোগ্য যোজনাৰ নিৰ্দেশনা প্ৰকাশ

Last Updated : Dec 24, 2023, 10:47 PM IST

ABOUT THE AUTHOR

...view details