অসম

assam

হিমন্ত বিশ্ব শৰ্মাই মিছা কথাও ভালকৈ ক'ব নোৱাৰেঃ উপমন্যু হাজৰিকা

By

Published : Sep 21, 2020, 6:05 PM IST

6 নং দফা কমিটীৰ প্ৰতিবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ প্ৰতিক্ৰিয়া ৷ কঠোৰ ভাষাৰে সমালোচনা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷

Senior Advocate Upamanyu Hazarika Reaction On Assam Accord 6 Clause
6 নং দফা কমিটীৰ প্ৰতিবেদন সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, 21 ছেপ্টেম্বৰ :6 নং দফা কমিটীৰ প্ৰতিবেদন সন্দৰ্ভত শেহতীয়াকৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই ৷ উক্ত প্ৰতিবেদনৰ ভিত্তিতে উপমন্যু হাজৰিকাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিচা কথাৰে অসমৰ ৰাইজক বিভ্ৰান্তি সৃষ্টি কৰা বুলি উল্লেখ কৰে ৷ আনকি, ডঃ হিমন্ত বিশ্ব শৰ্মাই 6 নং দফা কমিটীৰ প্ৰতিবেদনখন অসম চৰকাৰে আইনজ্ঞৰ হতুৱাই পৰীক্ষা কৰাইহে কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিব বুলি কোৱা মন্তব্যকো সমালোচনা কৰে ৷

6 নং দফা কমিটীৰ প্ৰতিবেদন সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ প্ৰতিক্ৰিয়া

তেওঁ পুনৰ কয় যে,দুৰ্ভাগ্যৰ বিষয় এইটো যে,হিমন্ত বিশ্ব শৰ্মাৰ এইখিনি ন্যূনতম জ্ঞানো নাই নেকি যে কমিটীখনৰ অধ্যক্ষ গুৱাহাটী উচ্চ ন্যায়ালয়লৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা । সমিতিৰ এজন সদস্য অসম চৰকাৰৰ মহাধিবক্তা ডঃ ৰমেশ বৰপাত্ৰ গোহাঁই আৰু এজন সদস্য অৰুণাচল প্ৰদেশৰ মহাধিবক্তা নিলয় দত্ত । এওঁ‌লোক আইনজ্ঞ নহয় নেকি ? এখন ৰাজ্যৰ মহাধিবক্তা এটা সাংবিধানিক পদ আৰু ৰাজ্য চৰকাৰৰ প্ৰধান আইন উপদেষ্টা আৰু অধিবক্তা । তাৰ মানে অসম চৰকাৰে নিজৰ মহাধিবক্তা জনকেই মান্যতা নিদিয়ে বুলি তেওঁ মন্তব্য প্ৰদান কৰে ।

ইফালে,প্ৰকৃতার্থত সৰ্বানন্দ সোণোৱালৰ জাতি,মাটি,ভেটিৰ চৰকাৰে এই কমিটীৰ প্ৰতিবেদনক নাকচ কৰিব বিচাৰিছে । সেইবাবেই প্ৰত্যেকটো পৰ্যায়তে অসমৰ মানুহক উদ্দেশ্যি মিথ্যাচাৰৰ আশ্ৰয় লৈছে। কমিটী গঠনৰ সময়ত ডঃ হিমন্তবিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল যে প্ৰতিবেদনৰ সকলো দফা বাস্তৱত ৰূপায়িত হ'ব ৷ কিন্তু বাস্তৱত সেয়া ৰূপায়িত নোহোৱাৰ বাবেও বিভিন্ন প্ৰশ্নৰে কঠোৰভাৱে সমালোচনা কৰে ৷

লগতে পঢ়ক :টিংখাঙত কৃষি ঋণ প্ৰদানৰ নামত HDFC বেংকৰ বৃহৎ কেলেংকাৰী!

ABOUT THE AUTHOR

...view details