ETV Bharat / state

টিংখাঙত কৃষি ঋণ প্ৰদানৰ নামত HDFC বেংকৰ বৃহৎ কেলেংকাৰী!

author img

By

Published : Sep 21, 2020, 3:53 PM IST

ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ বিভিন্ন প্ৰান্তত কৃষকসকলক KGC(কেজিচি) ঋন প্ৰদান কৰিছিল HDFC বেংকে । বেংকৰ কেইজনমান কৰ্মচাৰীয়ে এই ঋণ প্ৰদানৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

Tingkhong HDFC bank farmer loan scam
টিংখাঙত কৃষি ঋণ প্ৰদানৰ নামত HDFC বেংকৰ বৃহৎ কেলেংকাৰী!

টিংখাং, 21 ছেপ্তেম্বৰঃ টিংখাঙত কৃষি ঋণ প্ৰদানৰ নামত HDFC বেংকৰ বৃহৎ কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে ৷ দৰিদ্ৰ কৃষকসকলৰ পৰা কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ বেংক কৰ্মচাৰীৰ বিৰুদ্ধে ৷ উল্লেখ্য যে,ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ বিভিন্ন প্ৰান্তত আঢ়ৈ লাখ টকাৰ পৰা এঘাৰ লাখ টকালৈকে কৃষকসকলক KGC(কেজিচি) ঋণ প্ৰদান কৰিছিল HDFC বেংকে । ঋন প্ৰদানৰ নামত কৃষকসকলৰ পৰা 30 হাজাৰৰ পৰা 5 লাখ টকা পৰ্যন্ত লৈছিল বেংক কৰ্তৃপক্ষই ৷ এইক্ষেত্ৰত ভোটাৰ কাৰ্ড আৰু পেন কাৰ্ডৰ বাহিৰে অন্যান্য সকলো নথিপত্ৰই ভুৱাকৈ তৈয়াৰ কৰিছিল বেংক কৰ্তৃপক্ষই ৷ কিন্তু এই ঋণে এতিয়া গভীৰ সমস্যাত পেলাইছে কৃষকসকলক ৷

টিংখাঙত কৃষি ঋণ প্ৰদানৰ নামত HDFC বেংকৰ বৃহৎ কেলেংকাৰী!

সমষ্টিটোৰ প্ৰায় 250 গৰাকী কৃষকক এনেদৰে ঋণ প্ৰদানৰ ব্যৱস্থা কৰিছিল HDFC বেংক কৰ্তৃপক্ষই ৷ ডিব্ৰুগড়,মৰাণ,শিৱসাগৰৰ বেংক কৰ্মচাৰী ক্ৰমে ৰোহিত ইয়েং,ক্ষিৰোদ নেওগ,নীলাভ নেওগ,ইজাদ আলি খান এই কেলেংকাৰীত জড়িত থকাৰ কথা সংবাদমেলযোগে অৱগত কৰে ভুক্তভোগী কৃষকসকলে ৷ বৰ্তমান বেংক কৰ্তৃপক্ষই ঋণ পৰিশোধৰ নামত 6 মাহৰ মূৰে মূৰে লৈ আছে সুতৰ ধন ৷ ঋণ পৰিশোধ কৰিবলৈ অসমৰ্থ একাংশ লোকক মানসিকভাৱে হাৰাশাস্তি কৰাৰ লগতে আদালতৰ পৰা জাননী প্ৰেৰণৰো অভিযোগ উত্থাপিত হৈছে ৷ আনহাতে,অভিযুক্ত বেংক কৰ্মচাৰী কেইজনে চাকৰিৰ পৰা অব্যাহতি লৈ পলাই থকাৰো অভিযোগ উত্থাপন কৰিছে কৃষকসকলে ৷ সেয়েহে এই দুৰ্নীতিৰ অতি শীঘ্ৰে তদন্ত কৰাৰ লগতে কৃষকসকলক ঋণ পৰিশোধৰ বাবে এক নিৰ্ধাৰিত সময় প্ৰদানৰ বাবে দাবী উত্থাপন কৰিছে ভুক্তভোগী কৃষকসকলে ৷

লগতে পঢ়ক-অপৰিস্কাৰ হৈয়ে ৰৈছে কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে ব্যৱহৃত বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.