অসম

assam

বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ যোৱাৰ পথ প্ৰশস্ত হ'ল সোণোৱালৰ

By

Published : Sep 10, 2021, 5:54 PM IST

বিনা প্ৰতিদ্বন্দিতাৰে, বিনা যুদ্ধে ৰাজ্যসভালৈ যোৱাৰ পথ প্ৰশস্ত হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । ৰাজ্যসভাত খালি হৈ থকা অসমৰ এখন আসনৰ বাবে বৃহস্পতিবাৰে দেশৰ নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰে ৷

বিনাযুদ্ধই ৰাজ্যসভালৈ যোৱাৰ পথ প্ৰশস্ত হ'ল সোণোৱালৰ
বিনাযুদ্ধই ৰাজ্যসভালৈ যোৱাৰ পথ প্ৰশস্ত হ'ল সোণোৱালৰ

গুৱাহাটী, ১০ ছেপ্তেম্বৰ : ৰাজ্যসভাত খালি হৈ থকা অসমৰ এখন আসনৰ বাবে বৃহস্পতিবাৰে দেশৰ নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাত একপ্ৰকাৰ বিনা প্ৰতিদ্বন্দিতাৰে, বিনা যুদ্ধই ৰাজ্যসভালৈ যোৱাৰ পথ প্ৰশস্ত হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।

বিনাযুদ্ধই ৰাজ্যসভালৈ যোৱাৰ পথ প্ৰশস্ত হ'ল সোণোৱালৰ

বৰ্তমানৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৰাজ্যসভাত এৰি থৈ অহা আসনখনৰ বাবে ৪ অক্টোবৰত অনুষ্ঠিত হ’ব নিৰ্বাচন । এই পৰ্যন্ত বিজেপিয়ে এই আসনখনৰ বাবে আনুষ্ঠানিকভাৱে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই যদিও সৰ্বানন্দ সেণোৱালেই যে, এই আসনৰ প্ৰাৰ্থী হ’ব সেয়া প্ৰায় নিশ্চিত ৷

কিয়নো কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান লাভৰ ছমাহৰ ভিতৰত সাংবিধানিক নিয়ম অনুসৰি তেওঁ সংসদলৈ নিৰ্বাচিত হৈ যাবই লাগিব । বৰ্তমানলৈকে অৱশ্যে সোণোৱালে মাজুলীৰ বিধায়ক পদ ত্যাগ কৰা নাই । সংখ্যাৰ লেখেৰে অসম বিধানসভা ১২৬ জনীয়া যদিও আজিৰ তাৰিখত বিধানসভাত সদস্যৰ সংখ্যা ১২১গৰাকী । কিয়নো তামুলপুৰৰ ইউপিপি এলৰ বিধায়ক লেহুৰাম বড়ো আৰু গোসাইগাঁও সমষ্টিৰ বিপিএফৰ বিধায়ক মজেন্দ্ৰ নাৰ্জাৰীৰ ইতিমধ্যে মৃত্যু ঘটিছে ।

লগতে পঢ়কঃ 31 ডিচেম্বৰলৈকে বৃদ্ধি কৰা হৈছে আয়কৰ ৰিটাৰ্ণৰ সময়সীমা

আনহাতে, কংগ্ৰেছৰ দুই বিধায়ক ক্ৰমে ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোহাঁইৰ লগতে এআইইউডিএফৰ বিধায়ক ফণী তালুকদাৰে বিধায়ক পদ ত্যাগ কৰিছে । ফলত এই পাঁচ খন আসন খালী হৈয়ে আছে । ইয়াৰোপৰি সোণোৱালেও মাজুলীৰ বিধায়ক পদ ত্যাগ কৰিব লাগিব । গতিকে ৰাজ্যসভা নিৰ্বাচনত ভোটদানৰ অধিকাৰ থাকিব ১২০ গৰাকী বিধায়কৰহে ।

৪ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনত বিজেপি প্ৰাৰ্থীগৰাকী অনায়াসে আৰু এককথাত বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱাটো প্ৰায় নিশ্চিত । কাৰণ সংখ্যাৰ ফালৰ পৰা বিৰোধীয়ে এই নিৰ্বাচনত প্ৰাৰ্থী থিয় কৰালেও লাভ নহ’ব ।

আজিৰ তাৰিখত বিৰোধী বুলি ক’লে কংগ্ৰেছৰ বিধায়কৰ সংখ্যা হ'ল ২৭ গৰাকী (দুজনে বিধায়ক পদ ত্যাগ কৰাৰ পিছত), এআইইউডিএফৰ বিধায়ক হ'ল ১৫ গৰাকী (এজনে বিধায়ক পদ ত্যাগ কৰাৰ পিছত), বিপিএফৰ বিধায়ক হ'ল ৩ গৰাকী (এজনৰ মৃত্যুৰ পিছত), চিপিআই (এম) ৰ ১ গৰাকী আৰু ৰাইজৰ দলৰ ১ গৰাকী ।

বিৰোধী শিবিৰৰ মুঠ বিধায়কৰ সংখ্যা হ'ল ৪৭ গৰাকী । ইয়াৰ বিপৰীতে বিজেপি মিত্ৰজোঁটৰ বিধায়কৰ সংখ্যা আজিৰ তাৰিখত ৭৪ গৰাকী । বিজেপিৰ ৬০ গৰাকী (সোণোৱালে বিধায়ক পদ এৰিলে এই সংখ্যা ৫৯ হ’ব), অগপৰ ৯ গৰাকী আৰু ইউপিপিএলৰ ৫ গৰাকী (এজন বিধায়কৰ মৃত্যুৰ পিছত) । গতিকে সংখ্যাৰ ফালৰ পৰা বিজেপিৰ প্ৰাৰ্থী বিনাযুদ্ধই ৰাজ্যসভালৈ যাব পৰা এক পৰিবেশ হৈ আছে ।

লগতে পঢ়কঃ বিশ্বনাথত উদ্ধাৰ নিমাতীঘাটত সন্ধানহীন হোৱা ইন্দ্ৰেশ্বৰ বৰাৰ বেগটো

ABOUT THE AUTHOR

...view details