অসম

assam

খালেকৰ পাছে পাছে কংগ্ৰেছৰ সকলো বিষয়বাব এৰিলে ৰকিবুল হুছেইনেও

By

Published : Oct 9, 2022, 11:57 AM IST

শনিবাৰে কংগ্ৰেছ দলৰ সকলো বিষয়-বাব ত্যাগ কৰিছিল সাংসদ আব্দুল খালেকে ৷ এইবাৰে খালেকৰ পাচে পাচে চামগুৰি সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনেও ত্যাগ কৰিলে দলীয় সকলো কাৰ্যভাৰ (Rakibul Hussain resign from all party posts)। কিন্তু হঠাৎ এই দুজন নেতাই কিয় গ্ৰহণ কৰিলে এনে সিদ্ধান্ত ? সবিশেষ পঢ়ক...

Rakibul hussain resign from all party posts
প্ৰসংগ সভাপতি নিৰ্বাচন: কংগ্ৰেছৰ সকলো বিষয়বাব এৰিলে জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনে

গুৱাহাটী, ৯ অক্টোবৰ: কংগ্ৰেছ সাংসদ আব্দুল খালেকেৰ পাছত এইবাৰ কংগ্ৰেছৰ সকলো বিষয়বাব এৰিলে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনে (Congress MP Abdul Khalek resign) । দেওবাৰে এই কথা জনায় প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়কগৰাকীয়ে । অৱশ্যে সকলো বিষয়বাব এৰাৰ মূলতে হৈছে সভাপতি নিৰ্বাচন ।

জাতীয় কংগ্ৰেছৰ সভাপতি পদৰ প্ৰাৰ্থী মল্লিকাৰ্জুন খাৰ্গেৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ দলৰ সকলো পদবীৰ পৰা অব্যাহতি লৈছে জ্যেষ্ঠ নেতাগৰাকীয়ে (Rakibul hussain resign from all party posts) । এই সন্দৰ্ভত আজি হুছেইনে প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈ পত্ৰ প্ৰেৰণ কৰে ।

প্ৰসংগ সভাপতি নিৰ্বাচন: কংগ্ৰেছৰ সকলো বিষয়বাব এৰিলে জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনে

ভাৰতীয় জাতীয় কংগ্ৰেছৰ নিৰ্বাচনী অধিসূচনা অনুসৰি তেওঁ অসম প্ৰদেশ কংগ্ৰেছৰ সকলো পদবীৰ পৰা পদত্যাগ কৰা বুলি প্ৰকাশ কৰে (Assam Pradesh Congress) ৷

উল্লেখ্য যে, আজি জাতীয় কংগ্ৰেছৰ সভাপতি পদৰ প্ৰাৰ্থী মল্লিকাৰ্জুন খাৰ্গে জম্মু-কাশ্মীৰলৈ গৈছে ৷

লগতে পঢ়ক:Abdul Khalek resign: কংগ্ৰেছৰ সকলো বিষয়বাব এৰিলে সাংসদ আব্দুল খালেকে

ABOUT THE AUTHOR

...view details