অসম

assam

Ragging case at Assam Institute of Engineering: ৰেগিঙৰ নামত ছাত্ৰক উলংগ নৃত্য কৰিবলৈ নিৰ্দেশনা

By

Published : Dec 22, 2022, 1:41 PM IST

এইবাৰ পুনৰ গুৱাহাটীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত ৰেগিংকাণ্ড সংঘটিত হৈছে (Assam Institute of Engineering Raging case) ৷ ৰাজ্যৰ আগশাৰীৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত ৰেগিঙৰ নামত জ্যেষ্ঠ ছাত্ৰৰ নিৰ্যাতনত আহত হৈছে বিশাল কাশ্যপ হালৈ নামৰ এজন ছাত্ৰ (Ragging case at Assam Institute of Engineering) ৷

Ragging at Assam Institute of Engineering
ৰেগিঙৰ নামত ছাত্ৰক উলংগ নৃত্য কৰিবলৈ নিৰ্দেশনা

গুৱাহাটী, ২২ ডিচেম্বৰ:ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ডৰ উত্তেজনা মাৰ নৌযাওঁতে এইবাৰ পুনৰ গুৱাহাটীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত ৰেগিংকাণ্ড সংঘটিত হৈছে (Assam Institute of Engineering Raging case) ৷ ৰাজ্যৰ আগশাৰীৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত ৰেগিঙৰ নামত জ্যেষ্ঠ ছাত্ৰৰ নিৰ্যাতনত আহত হৈছে বিশাল কাশ্যপ হালৈ নামৰ এজন ছাত্ৰ (Ragging case at Assam Institute of Engineering) ৷

জ্যেষ্ঠ ছাত্ৰই দাবী কৰা ধন নাপায় ছাত্ৰজনৰ সোণৰ চেইন কাঢ়ি লৈ যোৱাৰ লগতে ভাঙি পেলায় ছাত্ৰজনৰ স্কুটী ৷ ঘটনা অনুসৰি যোৱা ১৯ ডিচেম্বৰত ৪ নং ছাত্ৰাবাসৰ মনিটৰ দেৱজিত বড়োৰ এটা দলে প্ৰতিষ্ঠানখনৰ চৌহদত নিৰ্যাতন চলায় । সেইদিনা বিয়লিৰ ভাগত দলটোৱে প্ৰতিষ্ঠানখনৰ এটা আছুতীয়া কোঠালৈ মাতি নি গালি গালাজ পৰাৰ লগতে ৫০০ টা দাবী কৰে (Students to dance naked sake of ragging)। দাবী কৰা ধন দিবলৈ অমান্তি হোৱাত ভুক্তভোগী ছাত্ৰজনক মাৰপিট কৰি কাপোৰ ফালি দিয়ে আৰু উলংগ হৈ নাচিবলৈ বাধ্য কৰায় বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ছাত্ৰজনে ।

ভুক্তভোগী ছাত্ৰজন প্ৰথমে ৪ নং ছাত্ৰাবাসত আছিলে যদিও জ্যেষ্ঠ ছাত্ৰ নিৰ্যাতনৰ বলি হৈ ছাত্ৰাবাস এৰি অন্য স্থানলৈ যায় । কিন্তু জ্যেষ্ঠ ছাত্ৰৰ দলটোৱে পুনৰ প্ৰতিষ্ঠানখনৰ চৌহদত নিৰ্যাতন চলোৱাত ভুক্তভোগী ছাত্ৰজনে আৰক্ষীৰ কাষ চাপে ৷

এই ঘটনা সন্দৰ্ভত ছাত্ৰজনে চানমাৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে (Case filed against raging case)। ঘটনা সন্দৰ্ভত ৫৪৩/২২ নম্বৰত গোচৰ ৰুজু কৰি আৰক্ষীয়ে চাৰিজন ছাত্ৰক সোধপোছৰ বাবে আটক কৰিছে (4 students arrested) ৷

ইতিমধ্যে আৰক্ষীয়ে ৪নং ছাত্ৰাবাসৰ আৱাসী মনিটৰ দেৱজিৎ বড়ো (১৯), মুকঠান বড়ো (১৯), ৰবি শংকৰ দাস (১৯) , ৰিপন পাঠক (২০) সোধ পোছৰ বাবে আটক কৰিছে ।

ইফালে বিশাল নামৰ ছাত্ৰজনে ব্যক্তিগত আখেজৰ প্ৰতিশোধ ল’বলৈহে ভুৱা ৰেগিঙৰ গোচৰ ৰুজু কৰিছে বুলি একাংশ ছাত্ৰ-ছাত্ৰীয়ে অভিযোগ উত্থাপন কৰিছিল ৷ বিশালে জ্যেষ্ঠ ছাত্ৰৰ সৈতে ফোনত কৰা এক বাৰ্তালাপৰো কেবাটাও ৰেকৰ্ডিং পোহৰলৈ আহিছে ৷ বিশালে এতিয়াও ৰেগিংঙৰ পৰ্যাপ্ত তথ্য দিব পৰা নাই যদিও আৰক্ষীৰ সোধ পোছতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব ৷

উল্লেখ্য যে চলিত বৰ্ষত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰেগিঙৰ (Ragging incident in PNGB hostel) বলি হৈ মানসিকভাৱে হতাশ হৈ দুটা মহলৰ ওপৰৰ পৰা জপিয়াই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আনন্দ শৰ্মা নামৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ ছাত্ৰজন । এই ঘটনা পোহৰলৈ অহাৰ পিছতে গুৱাহাটী বিশ্ববিদ্যালয় (GU Raging case), জগন্নাথ বৰুৱা মহাবিদ্যালয়তো (JB College raging case) সমান্তৰালকৈ ৰেগিঙৰ ঘটনা সংঘটিত হোৱাৰ বহুতো ক’লা অধ্যায় পোহৰলৈ আহিছিল ৷

লগতে পঢ়ক:JB College ragging incident: জগন্নাথ বৰুৱাৰ মহাবিদ্যালয়ৰ ৰেগিং কাণ্ডৰে জড়িতৰ বিৰুদ্ধে শাস্তি ঘোষণা এন্টি ৰেগিঙ কমিটিৰ

ABOUT THE AUTHOR

...view details