অসম

assam

২০২৬ চনত অসমত চৰকাৰ গঠনৰ লক্ষ্য আম আদমী পাৰ্টীৰ

By

Published : Sep 26, 2022, 7:14 PM IST

Press Conference of AAP
২০২৬ চনত অসমত চৰকাৰ গঠনৰ লক্ষ্য আম আদমী পাৰ্টীৰ ()

অহা ২০২৬ চনত অসমত চৰকাৰ গঠনৰ লক্ষ্যৰে আপৰ (AAP in Assam) দলীয় ভেটি শক্তিশালী কৰাৰ কাম যুদ্ধকালীন তৎপৰতাৰে চলিছে । সোমবাৰে (Press Conference of AAP) অনুষ্ঠিত এখন সংবাদমেলত দলটোৰ নেতা ফুকনে এই বিষয়ে সদৰি কৰি কয় যে অসমৰ জনতাই আম আদমী পার্টীক বিজেপিৰ বিকল্প হিচাপে সমগ্ৰ ৰাজ্যতে আঁকোৱালি লৈছে ।

গুৱাহাটী, ২৬ ছেপ্টেম্বৰ: সমত যোৱা গুৱাহাটী পৌৰ নিগম আৰু পৌৰ সভাৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হৈ আসন লাভ কৰিবলৈ সক্ষম হোৱা আম আদমী পাৰ্টীয়ে ২০২৬ চনত অসমত চৰকাৰ গঠনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে (AAP aims to form govt in Assam)। এই কথা বিষয়ে সদৰি কৰিছে দলটোৰ নেতা হেমন্ত ফুকনে ।

গুৱাহাটীত সোমবাৰে(Press Conference of AAP) অনুষ্ঠিত এখন সংবাদমেলত দলটোৰ নেতা ফুকনে কয় যে, অহা ২০২৬ চনত অসমত চৰকাৰ গঠনৰ লক্ষ্যৰে আপৰ দলীয় ভেটি শক্তিশালী কৰাৰ কাম যুদ্ধকালীন তৎপৰতাৰে চলি আছে। তেওঁ কয়," অসমৰ জনতাই আম আদমী পার্টীক বিজেপিৰ বিকল্প হিচাপে সমগ্ৰ ৰাজ্যতে আঁকোৱালি লৈছে ।

দলটোৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নীতি-আদৰ্শ আৰু সততাৰ প্ৰতি আকৃষ্ট হৈ অসমৰ গাঁৱে-ভূঞে তথা চহৰে চহৰে প্ৰতিদিনে শ শ লোকে আম আদমী পাৰ্টীত যোগদান কৰিছে।"

তেওঁ পুনৰ কয় যে, ইয়াৰ মাজতে আপৰ ছাত্ৰ সংগঠন ছাত্র-যুৱ সংগ্রাম সমিতি (Chhatra Yuva Sangram Samiti) চমুকৈ চি ৱাই এছ এছে বিগত দিনকেইটাত অসমৰ কেইবাখনো মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা ছাত্র একতা সভাত চমকপ্রদ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে । লখিমপুৰ বাণিজ্য মহাবিদ্যালয়,উজনি মাজুলী শ্বেৰকটীয়া মহাবিদ্যালয় আৰু টিংখাং মহাবিদ্যালয়ত চি ৱাই এছ এছৰ প্ৰার্থীসকলে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে ।

ইফালে,নাজিৰা মহাবিদ্যালয়ত চি ৱাই এছ এছৰ এগৰাকী প্ৰাৰ্থী বিনা প্রতিদ্বন্দ্বিতাৰে বিজয়ী হৈছে । আম আদমী পাৰ্টীৰ সামগ্ৰিক জনপ্ৰিয়তাৰ সময়তে ইয়াৰ ছাত্র সংগঠনক ছাত্র ৰাজনীতিত শিক্ষার্থী সমাজে আদৰি লোৱা কাৰ্যই যুৱ প্ৰজন্মৰ মাজত অৰবিন্দ কেজৰিৱাল জনপ্রিয়তাকে প্রতিপন্ন কৰিলে । অসমৰ প্ৰতিখন মহাবিদ্যালয়তে চি ৱাই এছ এছে প্রতিদ্বন্দ্বিতা আগবঢ়াব ।

উক্ত সংবাদমেলখনত চি ৱাই এছ এছৰ সমন্বয়ক দিব্যজ্যোতি কুলিয়ে ছাত্র একতা সভাৰ সকলো বিজয়ী প্রার্থীক অভিনন্দন জ্ঞাপন কৰে । তেওঁ কয় যে আপৰ ছাত্ৰ সংগঠনটোৱে কাইলৈ অৰ্থাৎ ২৭ ছেপ্টেম্বৰত দিনজোৰা কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাণীকান্ত কাকতি প্রেক্ষাগৃহত ইয়াৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব (Foundation Day of CYSS) ।

ছহিদ ভগৎ সিঙৰ (Shaheed Bhagat Singh) আদৰ্শৰে আগবঢ়া চি রাই এছ এছৰ অৱস্থিতি অনাগত দিনত অসমত শক্তিশালী হৈ ৰাজ্যৰ ছাত্ৰ ৰাজনীতিত বলিষ্ঠ ভূমিকা পালন কৰিবলৈ সক্ষম হ'ব বুলি তেওঁ মত প্ৰকাশ কৰে । সংবাদমেলখনত উপস্থিত থকে চি ৱাই এছ এছৰ নেতা দর্পণ নাথ ।

লগতে পঢ়ক:কোকৰাঝাৰত গোৰ্খা সমাজৰ দুৰ্গা পূজা আৰম্ভ

ABOUT THE AUTHOR

...view details