অসম

assam

ৰাজ্যবাসীলৈ মাঘ বিহুৰ শুভেচ্ছা মোদী-শ্বাহৰ; ৰাষ্ট্ৰপতি, জেপি নাড্ডাৰো টুইট

By ETV Bharat Assamese Team

Published : Jan 15, 2024, 2:04 PM IST

PM Narendra Magh Bihu Wish : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমীয়াতে অসমবাসীলৈ মাঘ বিহুৰ শুভেচ্ছা জনাইছে । এক্স হেণ্ডেলত তেওঁৰ শুভেচ্ছাবাৰ্তাত লিখিছে, "মাঘ বিহুৰ শুভেচ্ছা যাচিছোঁ । প্ৰকৃতিৰ ফচলৰ সৌন্দৰ্যই সকলোৰে জীৱনলৈ আশা আৰু আনন্দ কঢ়িয়াই আনক । আগন্তুক সময়বোৰ সুখ আৰু আশাৰে ভৰি পৰক ।"

ৰাজ্যবাসীলৈ মাঘ বিহুৰ শুভেচ্ছা মোদী-শ্বাহৰ
ৰাজ্যবাসীলৈ মাঘ বিহুৰ শুভেচ্ছা মোদী-শ্বাহৰ

গুৱাহাটী, ১৫ জানুৱাৰী :সোমবাৰে ৰাজ্যজুৰি পালন কৰা হৈছে হেঁপাহৰ মাঘ বিহু । ভোগৰ ভোগজৰাটি লৈ ভোগালীয়ে উপচাই পেলাইছে প্ৰতিগৰাকী অসমীয়াৰ হিয়া-মন । দেওবাৰে নিশা উৰুকাৰ ভোজ-ভাতৰ পিছত সোমবাৰে পুৱতি নিশা মেজিৰ জুইত গা সেকি ঠন ধৰি উঠিছে প্ৰতিগৰাকী অসমীয়াৰ মন । অগ্নিদেৱতাক সকলো অসূয়া-অমংগল নাশ কৰাৰ বাবে প্ৰাৰ্থনা কৰাৰ পিছত জ্যেষ্ঠজনক সেৱাৰে আৰম্ভ হৈছে মাঘ বিহুৰ পৰম্পৰা । এই পৱিত্ৰ ক্ষণত ৰাজ্যবাসীক মাঘ বিহুৰ শুভেচ্ছা জনাইছে দেশ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । নিজৰ এক্স হেণ্ডেলত ৰাষ্ট্ৰপতিয়ে মাঘ বিহুৰ লগতে লোহড়ি, মকৰ সংক্ৰান্তি আৰু পোংগলৰ শুভেচ্ছা জনাইছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমীয়াতে অসমবাসীলৈ মাঘ বিহুৰ শুভেচ্ছা জনাইছে । এক্স হেণ্ডেলত তেওঁৰ শুভেচ্ছাবাৰ্তাত লিখিছে, "মাঘ বিহুৰ শুভেচ্ছা যাচিছোঁ । প্ৰকৃতিৰ ফচলৰ সৌন্দৰ্যই সকলোৰে জীৱনলৈ আশা আৰু আনন্দ কঢ়িয়াই আনক । আগন্তুক সময়বোৰ সুখ আৰু আশাৰে ভৰি পৰক ।"

গৃহমন্ত্ৰী অমিত শ্বাহে অসমবাসীলৈ মাঘ বিহুৰ শুভেচ্ছা জনাই লিখিছে, "বাপতিসাহোন মাঘ বিহুৰ পৱিত্ৰ উপলক্ষত অসমৰ ভাতৃ-ভগ্নীসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ । কৃষিভিত্তিক এই উৎসৱে সকলোকে সুখ আৰু সমৃদ্ধিৰে উপচাই তোলক ।"

আনহাতে, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই মাঘ বিহুৰ শুভেচ্ছা জনাই এক্স হেণ্ডেলত লিখিছে, "মাঘ বিহুৰ পবিত্ৰ ক্ষণত সমূহ অসমবাসীলৈ শুভেচ্ছা জনালোঁ । এই উৎসৱে সকলোৰে জীৱনলৈ সুস্বাস্থ্য, আনন্দ আৰু সফলতা কঢ়িয়াই আনক, তাৰ বাবে প্ৰাৰ্থনা জনালোঁ ।"

ইফালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো ৰাজ্যবাসীক মাঘ বিহুৰ ওলগ যাচিছে । মেজিৰ জুইত সপৰিয়ালে সেৱা জনাই থকা এখন ফটো সংলগ্ন কৰি তেওঁ এক্সত লিখিছে, "মেজিৰ অগ্নিয়ে আমাৰ সকলো নেতিবাচকতা দূৰ কৰি শান্তি, সমৃদ্ধি, সুখেৰে ভৰাই তোলক সেয়াই প্ৰাৰ্থনা জনালোঁ ।" লগতে তেওঁ ৰাজ্যবাসীক মাঘ বিহুৰ শুভেচ্ছা জনোৱাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে । প্ৰধানমন্ত্ৰীৰ টুইটৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে লিখিছে, "ধন্যবাদ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া । আপোনাকো অসমবাসীৰ হৈ হেঁপাহৰ ভোগালী বিহুটিৰ হিয়াভৰা ওলগ আৰু সেৱা জনাইছোঁ । এই উৎসৱে আমাৰ লগতে আমাৰ দেশখনলৈ সুখ-সম্প্ৰীতি আৰু সমৃদ্ধিৰ বাৰ্তা কঢ়িয়াই আনক, তাৰেই কামনা কৰিছোঁ ।" তেওঁ লগতে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি সভাপতি জেপি নাড্ডাকো ধন্যবাদ জনায় ।

উল্লেখ্য যে সমগ্ৰ দেশৰে বিভিন্ন প্ৰান্তত মাঘ মাহৰ দোমাহীৰ দিনটো বিভিন্ন নামেৰে আৰু বিভিন্ন পৰম্পৰাৰে পালন কৰা হয় । সেই অনুসৰি এই দিনটো লোহড়ি, মকৰ সংক্ৰান্তি, পোংগল, মাঘ বিহু আদি নামেৰে দেশৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে ।

লগতে পঢ়ক:বিহুৰ পৰম্পৰা ৰক্ষা কৰি মেজিত অগ্নিসংযোগ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ABOUT THE AUTHOR

...view details