অসম

assam

১ ছেপ্টেম্বৰত বিধায়ক পদ এৰিব ফণী তালুকদাৰে

By

Published : Aug 26, 2021, 5:31 PM IST

সকলো জল্পনা-কল্পনাৰ অৱসান ঘটনাই এআইউডিএফ এৰিবলৈ সাজু হৈছে ভৱানীপুৰৰ বিধায়ক ফণী তালুকদাৰ ৷ 1 ছেপ্তেম্বৰত গেৰুৱা হ’ব বিধায়ক গৰাকী ৷ বৃহস্পতিবাৰে এআইইউএফ দলৰ নেতৃত্বক জনালে দল ত্যাগ কৰাৰ কথা ৷

phani-talukdar-rigain-to-as-a-mla-on-september-1
১ ছেপ্টেম্বৰত বিধায়ক পদ এৰিব ফণী তালুকদাৰে

গুৱাহাটী,26 আগষ্ট:ৰাজ্যত সমাগত উপ-বিধানসভা নিৰ্বাচন ৷ ইতিমধ্যে ৰাজনৈতি দল সমূহে কঁকালত টঙালি বন্ধা দেখা গৈছে উপ-নিৰ্বাচনলৈ ৷ তাৰ মাজতে বিভিন্ন দলৰ পৰা বিধায়ক তথা ৰাজনৈতিক নেতাই ইতিমধ্যে শাসকীয় দল বিজেপিত যোগদান কৰিছে ৷ মৰিয়নিৰ কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে গেৰুৱা দলত যোগদান কৰিছে, থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁইয়েও গেৰুৱা শিৱিৰত যোগদান কৰিছে ৷

চৰ্চা চলিছিল প্ৰথমবাৰৰ বাবে বিধানসভালৈ AIUDF দলৰ পৰা নিৰ্বাচিত হোৱা ভৱানীপুৰৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে বিজেপিত যোগদান কৰা প্ৰসংগ ৷ এই সকলোবোৰ চৰ্চা চলি থকাৰ মাজেত এআইইউডিএফ দল ত্যাগ কৰাৰ লগতে বিধায়ক পদো এৰিবলৈ সাজু হৈছে ফণী তালুকদাৰ ।

প্ৰায় ডেৰমাহ পূৰ্বেই ইটিভি ভাৰতে বাতৰি প্ৰকাশ কৰিছিল যে ভবানীপুৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ অহা এআইইউডিএফৰ বিধায়ক ফণী তালুকদাৰে এআইইউ‌ডিএফ ত্যাগ কৰি বিজেপিত যোগ দিবলৈ মন মেলিছে । ইটিভি ভাৰতৰ সেই বাতৰি সত্য প্ৰমাণিত হোৱাৰ পথত । 1 ছেপ্টেম্বৰত তেওঁ বিধায়ক পদ ত্যাগ কৰিব বুলি বৃহস্পতিবাৰে এআইইউডিএফৰ নেতৃত্বক জানিবলৈ দিয়ে ।

লগতে পঢ়কঃ চাৰি দশকত জব্দ-উদ্ধাৰ কৰা গঁড়ৰ খৰ্গ ধ্বংস কৰাৰ পৰিকল্পনা বন বিভাগৰ

উল্লেখযোগ্য যে, ফণীধৰ তালুকদাৰে বিজেপি দলত যোগদান কৰা প্ৰসংগ চৰ্চা চলি থকাৰ মাজতে এই চৰ্চাক সাকাৰ ৰূপ দিছিল ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাৰ এক বিশেষ মন্তব্যই ৷ ভবেশ কলিতাই জানিবলৈ দিছিল যে, আগন্তুক 1 ছেপ্তেম্বৰত ভৱনীপুৰ সমষ্টিৰ AIUDFৰ বিধায়ক ফণীধৰ তালুকদাৰে বিজেপিত যোগদান কৰিব ৷

তাৰপাচতে ফণীধৰ তালুকদাৰক উপ-নিৰ্বাচনৰ ভোট যুদ্ধলৈ সাজু হৈছিল ৷ নিজ সমষ্টিত আৰম্ভ কৰি দিছিল আগতিয়াকৈ নিৰ্বাচনৰ প্ৰস্তুতি ৷ মনকিৰব লগীয়া যে, ফণী তালুকদাৰৰ বিজেপি গমনৰ লগে লগে তামুলপুৰ, গোঁসাইগাও, মৰিয়নি, থাওৰা আৰু মাজুলীৰ লগতে ভবানীপুৰতো উপ নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হ'ল।

বিগত বিধানসভা নিৰ্বাচনত তলা-ছাবিৰ ছবিত নিৰ্বাচন খেলি ৰূপহী ভৱানীপুৰক সুৰভি বাটেৰে আগবঢ়াই নিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰা ফণীধৰ তালুকদাৰে পদুম ফুলৰ ছবিৰে ৰাইজক কেনেদৰে উন্নয়নৰ চমক দেখুৱাই সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়কঃ দুৰ্গা পূজা 2021: কি বাৰ্তা আনিছে দেৱীৰ আগমন আৰু প্ৰস্থানে ?

ABOUT THE AUTHOR

...view details