দুৰ্গা পূজা 2021: কি বাৰ্তা আনিছে দেৱীৰ আগমন আৰু প্ৰস্থানে ?

author img

By

Published : Aug 26, 2021, 4:20 PM IST

Updated : Aug 28, 2021, 7:55 PM IST

devi durgas departure and arrival significance in 2021

সমাগত দুৰ্গা পূজা ৷ ক'ভিডমুক্ত হ'বনে এইবাৰৰ পূজা ৷ এইবছৰ মা দুৰ্গাৰ আগমন আৰু প্ৰস্থানে পৃথিৱীখনক ৰোগমুক্ত কৰিবনে ? কি বাৰ্তা আনিছে দেৱীৰ আগমন আৰু প্ৰস্থানে ?

নিউজ ডেস্ক, 26 আগষ্ট : কৰ'ণা মহামাৰীয়ে বিধ্বস্ত কৰি ৰখা পৰিস্থিতিৰ মাজতে দুৰ্গা পূজাৰ সময় চাপি আহিছে ৷ সাধাৰণতে সমগ্ৰ দেশৰ লগতে বঙালীসকলে অতি হেঁপাহেৰে বাট চাই থকা উৎসৱ সমূহৰ ভিতৰত অন্যতম হৈছে দুৰ্গা পূজা ৷ বিগত বৰ্ষত কৰ'ণাসৃষ্ট পৰিৱেশৰ বাবে সকলোৱে অতি বিষণ্ণ মনেৰে মা দুৰ্গাক বিদায় জনাবলগীয়া হৈছিল ৷ অতিমাৰীৰ বাবে সৃষ্টি হোৱা প্ৰতিবন্ধকতাই বিগত বৰ্ষত দুৰ্গা পূজাৰ আনন্দ-উল্লাস ম্লান পেলোৱা দেখা গৈছিল ৷ বিগত বছৰটোত সকলোৱে এটাই আশা কৰিছিল, আগন্তুক বছৰটোত যাতে সকলোবোৰ মংগলময় হয় আৰু ৰাইজে হেঁপাহৰ উৎসৱটি আনন্দেৰে উদযাপন কৰিব পাৰে ৷

কৰ'ণাসৃষ্ট পৰিস্থিতিত ঔষধ, প্ৰতিষেধক, চিকিৎসালয়ৰ বিচনা আৰু আনকি অক্সিজেনৰ অভাৱ আদিৰ সৈতে মোকাবিলা কৰাৰ লগতে আম্ফান আৰু টাউটেৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ ধ্বংসলীলাত প্ৰায় সকলোৱে নেতিবাচক পৰিস্থিতিৰ বছৰটো অতিক্ৰম কৰাৰ পাচত এইবাৰ সকলোৱে ভাল দিনৰ আশা কৰিছে ৷ দেৱীৰ আগমনে যাতে সকলো অসূয়া-অপ্ৰীতি আঁতৰ কৰি নিয়ে সকলোৱে তাৰে কামনা কৰিছে ৷

হিন্দু শাস্ত্ৰ অনুযায়ী এইটো বিশ্বাস কৰা হয় যে, দেৱী দুৰ্গাৰ যি বাহনত আগমন হয় আৰু যি বাহনত মা দুৰ্গাই প্ৰস্থান কৰে তাৰ ওপৰতে সমগ্ৰ বিশ্ববাসীৰ বাবে বছৰটো কেনেধৰণে যাব সেয়া নিৰ্ভৰ কৰে ৷

মা দুৰ্গাৰ আগমন (Maa Durga's Arrival)

এইবাৰ দেৱী দুৰ্গা ঘোঁৰাত উঠি ধৰালৈ নামি আহিব ৷ দেৱী ঘোঁৰাত উঠি অহাৰ অৰ্থ হৈছে ছত্ৰভংগ ৷ অৰ্থাৎ এইবছৰ দেৱী দুৰ্গাৰ আগমনে সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতিৰ অস্থিৰ অৱস্থা, যুদ্ধ, অস্থিৰতা আৰু বিপ্লৱ আদিৰ সংকেত দিছে ৷

মা দুৰ্গাৰ প্ৰস্থান (Maa Durga's Departure)

এইবাৰ মা দুৰ্গাই দোলাত উঠি প্ৰস্থান কৰিব ৷ ইয়াৰ অৰ্থ মৃত্যু অথবা মহামাৰী ৷

শাস্ত্ৰৰ মতে, সপ্তমীত দেৱী দুৰ্গা ধৰালৈ অহাৰ পৰিৱৰ্তে দশমীত প্ৰস্থান কৰে ৷ দেৱী দুৰ্গা যোৱাটো বছৰ দোলাত আহি উপস্থিত হৈছিল ৷ ইয়াৰ অৰ্থ হৈছে মহামাৰী অথবা মৃত্যু ৷ ইয়াৰ প্ৰভাৱ ইতিমধ্যে সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিছে ৷ যোৱাটো বছৰত হাতীত উঠি মা দুৰ্গাই প্ৰস্থান কৰিছিল ৷ সাধাৰণতে হাতীক দেৱীৰ সৰ্বশ্ৰেষ্ঠ বাহন হিচাপে গণ্য কৰা হয় ৷ হাতীত উঠি দেৱীৰ আগমন হ'লে যথেষ্ট শুভ হিচাপে গণ্য কৰা হয় ৷ ইয়াৰ ফলত পৃথিৱী শস্য-শ্যামলা হৈ পৰাৰ লগতে সুখ আৰু সমৃদ্ধিৰে ভৰি পৰে ৷

দেৱী ধৰালৈ নামি অহা আৰু প্ৰস্থান কৰা বহনসমূহৰ ভিতৰত দোলাৰ প্ৰতীক হৈছে মহামাৰী ৷ নাৱৰ প্ৰতীক বানপানী, হাতী শান্তি আৰু সমৃদ্ধিৰ প্ৰতীক হোৱাৰ বিপৰীতে ঘোঁৰাৰ অৰ্থ যুদ্ধ-বিগ্ৰহ তথা অশান্তি ৷

শাস্ত্ৰত এই কথাও উল্লেখ আছে যে, একেখন বাহনতে দেৱীৰ আগমন আৰু প্ৰস্থানো অশুভ ৷ 2019 চনত দেৱী ঘোঁৰাত আহি ঘোঁৰাতে প্ৰস্থান কৰিছিল ৷ যাৰ ফলস্বৰূপে সমগ্ৰ বিশ্ব কৰ'ণা মহামাৰীৰ কবলত পৰা বুলি প্ৰায় সকলোৱে বিশ্বাস কৰে ৷ এই বছৰটোতো দেৱী দুৰ্গাৰ আগমন আৰু প্ৰস্থানে এক অশুভ সংকেট বহন কৰিছে ৷ সেয়ে ধৰালৈ অতি শীঘ্ৰে ভাল দিন অহাৰ আশাৰে সকলোৱে মা দুৰ্গাক জনাইছে প্ৰাৰ্থনা ৷

লগতে পঢ়ক : মহীষাসুৰৰ পৰিৱৰ্তে এইবাৰ ডেল্টাসুৰক বধ কৰিব দেৱী দুৰ্গাই !

Last Updated :Aug 28, 2021, 7:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.