অসম

assam

১৫ ফেব্ৰুৱাৰীত ৰাজ্যৰ পৰা প্ৰত্যাহাৰ কৰা হ’ব ক'ভিড প্ৰ’টকল : মুখ্যমন্ত্ৰী

By

Published : Feb 7, 2022, 1:42 PM IST

ৰাজ্যত ক’ভিড পৰিস্থিতি কিছু উন্নত হোৱাত ১৫ ফেব্ৰুৱাৰীৰ পৰা সকলো ধৰণৰ ক'ভিড প্ৰ'টকল প্ৰত্যাহাৰৰ সিদ্ধান্ত লৈছে চৰকাৰ তথা স্বাস্থ্য বিভাগে ৷ সোমবাৰে দিছপুৰ জনতা ভৱনত অনুষ্ঠিত সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে ঘোষণা কৰে এই কথা(No Covid prohibition in Guwahati) ৷

no-covid-prohibition-in-guwahati-declared-by-cm
১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত ক'ভিড প্ৰটকল প্ৰত্যাহাৰ : মুখ্যমন্ত্ৰী

গুৱাহাটী, 7 ফেব্ৰুৱাৰী :অৱশেষত ৰাজ্যৰ পৰা ক’ভিড প্ৰ’টকল প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগে ৷ সেই অনুসৰি১৫ ফেব্ৰুৱাৰীৰ পিছত ৰাজ্যত নাথাকিব কোনো ধৰণৰ ক’ভিড নিষেধাজ্ঞা (No covid prohibition in Guwahati post 15 February)। সোমবাৰে দিছপুৰ জনতা ভৱনত অনুষ্ঠিত সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে(No covid prohibition in Guwahati declared by CM) এই কথা। নিশাৰ কাৰ্ফিউ প্ৰত্যাহাৰ কৰা হ'ব ।

মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত কয় যে, ৰাজ্যত অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা সকলো ধৰণৰ ক’ভিড প্ৰ’টকল প্ৰত্যাহাৰ কৰা হ'ব যদিও কিছুমান নিৰ্দেশনা বাহাল থাকিব । ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰা আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰাতো বাধ্যতামূলক হ’ব । বিবাহ অনুষ্ঠান আৰু চিনেমা গৃহ আদিত ক’ভিডৰ Double Vaccinated লোৱা লোকসকলে উপস্থিত থাকিব পাৰিব ।

আনহাতে হাইস্কুলত শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকল Vaccinated হ'লেহে পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যত ক’ভিড পৰিস্থিতি ক্ৰমান্বয়ে স্বাভাৱিক হৈ আহিছে । গুৱাহাটীৰ সৰুসজাইস্থিত অস্থায়ী ক'ভিড হাস্পতালত বৰ্তমান কোনো ক'ভিড ৰোগী নাই(No Covid patient at temporary Covid care hospital) ।

একেদৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত বৰ্তমান ৫০ জনৰ (Covid infected people of Guwahati)তলত ক'ভিড ৰোগী চিকিৎসাধীন হৈ আছে । গতিকে ৰাজ্যত ক’ভিড পৰিস্থিতি সামান্য হৈ অহাৰ বাবে ৰাজ্য চৰকাৰে অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা সকলো ধৰণৰ ক’ভিড বিধি প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে ।

লগতে পঢ়ক :১৫ ফেব্ৰুৱাৰীৰ পিছত ৰাজ্যত নাথাকিব ক’ভিড নিষেধাজ্ঞা : মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details