অসম

assam

APSC কেলেংকাৰী : পুনৰ পাঁচগৰাকী বিষয়ালৈ জাননী ন্যায়াধীশ শৰ্মা আয়োগৰ

By

Published : Aug 16, 2021, 7:24 PM IST

শেহতীয়াকৈ পাঁচগৰাকী এ পি এছ(APS), এ চি এছ(ACS) আৰু সংযুক্ত সেৱাৰ বিষয়াৰ উত্তৰবহীত বিসংগতি ধৰা পেলাইছে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে । ইতিমধ্যে আয়োগে এই পাঁচগৰাকী বিষয়াক পোন্ধৰ দিনৰ ভিতৰত জবাব বিচাৰি জাননী জাৰি কৰিছে ।

new updates of APSC scam
পুনৰ পাঁচগৰাকী বিষয়ালৈ জাননী ন্যায়াধীশ শৰ্মা আয়োগৰ

গুৱাহাটী, ১৬ আগষ্ট : ৰাকেশ পালৰ লোকসেৱা আয়োগৰ চাকৰিৰ বজাৰৰ পৰা চাকৰি কিনি এতিয়া সসন্মানে চাকৰি কৰি থকা আৰু পাঁচগৰাকী এ পি এছ(APS), এ চি এছ(ACS) আৰু সংযুক্ত সেৱাৰ বিষয়াৰ উত্তৰবহীত বিসংগতি ধৰা পেলাইছে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে । ইতিমধ্যে আয়োগে এই পাঁচগৰাকী বিষয়াক পোন্ধৰ দিনৰ ভিতৰত জবাব বিচাৰি জাননী জাৰি কৰিছে ।

ন্যায়াধীশ শৰ্মা আয়োগে জাননী জাৰি কৰা এই পাঁচগৰাকী বিষয়া হ'ল অসীমা কলিতা (এ পি এছ), অমিতৰাজ চৌধুৰী (এ পি ছ), ঋতুৰাজ দলে (এ পি এছ), ৰাকেশ দাস (সংযুক্ত সেৱা) আৰু প্ৰিয়ংকা ডেকা (সংযুক্ত সেৱা) । এইসকলৰ ভিতৰৰ ৰাকেশ দাসে সোমবাৰে ন্যায়াধীশ শৰ্মা আয়োগৰ ওচৰত হাজিৰ হ'বলৈ আহে যদিও আয়োগৰ চৌহদত সংবাদ মাধ্যমৰ ভিৰ দেখি ফৰিংছিটিকা দিয়ে ।

লগতে পঢ়ক: ক’ত হেৰাল APSC- পৰীক্ষাৰ ৭০ খন উত্তৰবহী ?

উল্লেখ্য যে, ২০১৩ বৰ্ষত অনুষ্ঠিত লোকসেৱা আয়োগৰ পৰীক্ষাত সেই সময়ৰ অধ্যক্ষ ৰাকেশ পালে লাখে লাখে টকা লৈ বহুতকে চাকৰি দিছিল । সম্প্ৰতি কাৰাৰুদ্ধ হৈ থকা ৰাকেশ পাল আৰু তেওঁৰ সাংগো-পাংগো সকলে লোকসেৱা আয়োগক ৰূপান্তৰিত কৰিছিল মাছৰ বজাৰলৈ । সেই সময়তে চাকৰি লাভ কৰাসকল সঁচাকৈয়ে মেধাৰ বলত উৰ্ত্তীৰ্ণ হৈছিল নে নাই তাৰ ন্যায়িক তদন্তৰ ভাৰ চৰকাৰে অৰ্পণ কৰিছিল ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগক ।

পূৰ্বেও আয়োগে ১৯ গৰাকী সন্দেহযুক্ত পৰীক্ষাৰ্থীলৈ জাননী প্ৰেৰণ কৰিছিল, যিসকলৰ উত্তৰবহী আৰু টেবুলেছন শ্বীটৰ মাজত ধৰা পৰিছিল ব্যাপক বিসংগতি । শেহতীয়াকৈ সেই ১৯ গৰাকী বিষয়াৰ মাজৰ এজনলৈ পুনৰ এখন অতিৰিক্ত জাননীও প্ৰেৰণ কৰিছে । ইয়াৰ পাচতে শেহতীয়াকৈ পাঁচগৰাকী বিষয়াক পোন্ধৰ দিনৰ ভিতৰত জবাব বিচাৰি জাননী জাৰি কৰিছে শৰ্মা আয়োগে ।

লগতে পঢ়ক: সময়সীমা উকলিল : পাঁচ বিষয়াৰ উত্তৰ নাপালে ন্যায়াধীশ শৰ্মা আয়োগে

ABOUT THE AUTHOR

...view details