অসম

assam

Bharat Narah: ভূমি কেলেংকাৰী; বিধায়ক মানৱ ডেকাৰ অভিযোগ খণ্ডন কৰি প্ৰত্যুত্তৰ বিধায়ক ভৰত নৰহৰ

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 6:46 PM IST

সংবাদমেলত মানৱ ডেকাৰ বিৰুদ্ধে সৰৱ ভৰত নৰহ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ ভূমি কেলেংকাৰী সন্দৰ্ভত সৰৱ হোৱা বাবেই এনেদৰে আক্ৰমণ কৰি লৈছে মানৱ ডেকাই । বিধায়ক হিচাপে আঢ়ৈ বছৰ হোৱা মানৱ ডেকাই লখিমপুৰত তিনি মহলীয়া ঘৰ বনোৱাৰ উপৰি বাইপাছত মাটি কিনিবলৈ ক'ৰ পৰা পালে টকা । মানৱ ডেকা লখিমপুৰ মেডিকেল কলেজৰ নিযুক্তি কেলেংকাৰীৰ মহানায়ক ।

Bharat Narah
Bharat Narah

সংবাদমেলত মানৱ ডেকাৰ বিৰুদ্ধে সৰৱ ভৰত নৰহ

গুৱাহাটী,১৬ ছেপ্টেম্বৰ: চৰকাৰী মাটি দখল কৰি বাগান কৰা বুলি বিজেপি বিধায়ক মানৱ ডেকাই অনা অভিযোগ পোনচাটেই নাকচ কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা বিধায়ক ভৰত নৰহে । বিধায়ক মানৱ ডেকাৰ অভিযোগৰ প্ৰত্যুত্তৰ দি শনিবাৰে বিধায়ক ভৰত নৰহে গুৱাহাটীস্থ নিজা বাসভৱনত এখন সংবাদমেল সম্বোধন কৰে ।

তেওঁ কয় যে তেওঁ এক ইঞ্চিও চৰকাৰী ভূমি দখল কৰা নাই । মানৱ ডেকাৰ অভিযোগ সম্পূৰ্ণ মিছা । তেওঁ কয় যে তেওঁৰ ২২৩ বিঘাৰ চাহ বাগান আছে আৰু সেই মাটিবোৰ তেওঁ আনৰ পৰা ক্ৰয় কৰি লৈছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ ভূমি কেলেংকাৰী সন্দৰ্ভত সৰৱ হোৱা বাবেই এনেদৰে মানৱ ডেকাই আক্ৰমণ কৰি লৈছে বুলি তেওঁ অভিযোগ কৰে ।

তেওঁ লগতে কয় যে বিধানসভাৰ অধিৱেশনৰ মাজতে মুখ্যমন্ত্ৰীৰ পৰিবাৰৰ ভূমি ক্ৰয়ৰ বিষয় লৈ সভা স্থগিত প্ৰস্তাৱ অনা হৈছিল । প্ৰৱল প্ৰতিবাদৰ পাছতো সদনত বিষয়টো আলোচনা কৰিবলৈ দিয়া নহ'ল ।

তেওঁ কয় যে বিজেপি এতিয়া শংকিত হৈ এনেদৰে আমাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে । প্ৰথমে সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে গোচৰৰ ভাবুকি দিয়াৰ পাছত ভূপেন বৰাৰ ভাই আৰু ভাইবোৱাৰীক তাৎক্ষণিকভাৱে বদলি কৰা হৈছে । লগতে চৰকাৰী মাটি দখল কৰা বুলি মোৰ বিৰুদ্ধে মিছা অভিযোগ আনিছে বুলি তেওঁ কয় ।

বিধায়ক মানৱ ডেকাৰ অভিযোগ খণ্ডন কৰি তেওঁ কয় যে ফৰেষ্টৰ মাটি আধা কঠাও তেওঁৰ তাত নাই । আনহাতে সেই স্থানত বানপীড়িতক উচ্ছেদ কৰা কথাটোও গোকাট মিছা । তেওঁ কয় যে আমাৰ বাগানৰ চাৰিওফালে বহু ক্ষুদ্ৰ চাহ বাগিচা আছে । কোনোবাই নিজৰ মাটি বসুন্ধৰাত আবেদন কৰিব পাৰে । সেই বিষয়ে তেওঁ অৱগত নহয় বুলি সদৰী কৰে ।

তেওঁ লগতে কয় যে তেওঁ লখিমপুৰত নিৰ্বাচন খেলিম বুলি মানৱ ডেকাই ভয় খাইছে । সেয়ে এনেদৰে আক্ৰমণৰ চেষ্টা কৰিছে । কংগ্ৰেছে ব্ৰিটিছৰ লাঠী, গুলীলৈ ভয় কৰা নাছিল বুলি সদৰি কৰী তেওঁ কয় যে বিজেপিৰ ভয়, ভাবুকি, আক্ৰমণক আমি ভয় নকৰোঁ ।

বিধায়ক মানৱ ডেকাক আক্ৰমণৰ লক্ষ্য কৰি তেওঁ প্ৰশ্ন কৰি কয় যে বিধায়ক হিচাপে আঢ়ৈ বছৰ হোৱা মানৱ ডেকাই লখিমপুৰত তিনি মহলীয়া ঘৰ বনোৱাৰ উপৰি বাইপাছত মাটি কিনিবলৈ ক'ৰ পৰা টকা পাইছে । তেওঁ লগতে কয় যে মানৱ ডেকা লখিমপুৰ মেডিকেল কলেজৰ নিযুক্তি কেলেংকাৰীৰ মহানায়ক ।

লগতে পঢ়ক:Riniki Bhuyan Sarma land scam: সাংসদ পল্লৱলোচন দাসৰ প্ৰশ্নৰ উত্তৰত ওলাল মুখ্যমন্ত্রী পত্নীৰ ৰাজসাহায্য লাভৰ তথ্য

ABOUT THE AUTHOR

...view details