গুৱাহাটী, 23 আগষ্ট : ভাৰতীয় মহাকাশ বিজ্ঞানে ইতিহাস ৰচি চন্দ্ৰ জয় কৰিলে ৷ চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰা প্ৰথম দেশত পৰিণত হ’ল ভাৰতবৰ্ষ ৷ দেশৰ কোটি কোটি জনতা সাক্ষী হৈ ৰ’ল এই বিৰল মুহূৰ্তৰ ৷ ৰাজ্যৰ বিজ্ঞান-প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই ইছৰোৰ বিজ্ঞানীসকলক সফল চন্দ্ৰ অভিযানৰ বাবে অভিনন্দন জনায় ৷
মন্ত্ৰীগৰাকীয়ে বুধবাৰে গুৱাহাটী তাৰকাগৃহত সতীৰ্থ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সৈতে চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-3 ৰ লেণ্ডাৰ বিক্ৰমৰ দ্বাৰা ৰোভাৰ 'প্ৰজ্ঞান'ৰ সফল অৱতৰণ প্ৰত্যক্ষ কৰি উচ্ছাসিত হৈ পৰে ৷
সামাজিক মাধ্যমত বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰীগৰাকীয়ে এক পোষ্টত উল্লেখ কৰিছে “India is on the Moon...মহাকাশ অন্বেষণৰ ইতিহাসত নজিৰ সৃষ্টি কৰি চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুলৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো) -এ উৎক্ষেপণ কৰা চন্দ্ৰযানৰ লেণ্ডাৰ বিক্ৰমে মসৃণভাৱে অৱতৰণ কৰাৰ বিৰল তথা ঐতিহাসিক ক্ষণত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, বিজ্ঞানীসকল আৰু সমূহ ভাৰতীয়ক আন্তৰিক অভিনন্দন জনাইছোঁ ৷ চন্দ্ৰপৃষ্ঠত বিক্ৰম লেণ্ডাৰে অৱতৰণ কৰাৰ এই ক্ষণটি আমাৰ দেশৰ বাবে গৌৰৱোজ্বল ক্ষণ হিচাবে পৰিগণিত হৈ থাকিব ৷ মাননীয় সতীৰ্থ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সৈতে গুৱাহাটী তাৰকাগৃহৰ পোনপটীয়া সম্প্ৰচাৰৰ যোগেদি বিক্ৰম লেণ্ডাৰৰ অৱতৰণৰ দৃশ্যাংশ প্ৰত্যক্ষ কৰি গৌৰৱ অনুভৱ কৰোঁ ৷”