অসম

assam

Lok Sabha election 2024: লোকসভা নিৰ্বাচনক লৈ বিজেপিৰ মুখ্য কাৰ্যালয়ত মাৰাথন বৈঠক

By

Published : Jul 8, 2023, 8:13 PM IST

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে ৷ যাৰ বাবে গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত সঘনাই অনুষ্ঠিত হৈছে বিভিন্ন পৰ্যালোচনা বৈঠক ৷ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ প্ৰতিক্ৰিয়া ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ৷

Lok Sabha election 2024
Lok Sabha election 2024

একত্ৰিত বিৰোধীক কটাক্ষ ভৱেশ কলিতাৰ

গুৱাহাটী ৮ জুলাই: মহা জনসম্পৰ্ক অভিযানে কি দিলে বিজেপিক ? জনসম্পৰ্ক অভিযানে আত্ম বিশ্লেষণৰ সুবিধা দিলে নে বিজেপিক ! লোকসভা নিৰ্বাচন সমাগত । নিৰ্বাচন যিমানে ওচৰ চাপিছে সিমানে ব্যস্ততা বাঢ়িছে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত । ইখনৰ পিচত সিখনকৈ পাতিছে বৈঠক, পাতিছে বিভিন্ন সভা ।

লগতে ১৬ জুলাইলৈ বৃদ্ধি কৰিছে জনসম্পৰ্ক অভিযান । ইফালে কেন্দ্ৰত বিজেপি চৰকাৰৰ ৯ বছৰ সম্পূৰ্ণ । অসমতো বিজেপি চৰকাৰ গঠনৰ ৭ বছৰ সম্পূৰ্ণ হ’ল । কিন্তু এই সময়চোৱাত বহু বিজেপি নেতা-কৰ্মীৰ অহংকাৰ হোৱাৰ অভিযোগ বিভিন্ন জনৰ । সমাজৰ প্ৰবুদ্ধ নাগৰিকেও বিজেপি নেতা-কৰ্মীৰ এই অহং ভাৱ পৰিহাৰ কৰিবলৈ আহ্বান জনাইছিল ।

ইয়াৰ লগতে নাগৰিকসকলে আৰু বহুতো পৰামৰ্শ আগবঢ়াইছিল বিজেপিলৈ । সেইসমূহ বিশ্লেষণ কৰিবলৈ এতিয়া বৈঠকৰ পিচত বৈঠক বিজেপিৰ । এই বিশ্লেষণে যাতে ২০২৪ ৰ লোকসভা নিৰ্বাচনত যোগাত্মক প্ৰভাৱ পেলাব পাৰে সেইয়াই মূল উদ্দেশ্য বিজেপিৰ । যাৰ বাবে সঘনাই বৈঠক অনুষ্ঠিত হৈছে বাজপেয়ী ভৱনত ।

উল্লেখ্য যে ৬ জুলাইত ১২ ৰাজ্যৰ মাণ্ডলিক বৈঠকৰ পাচত শনিবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হয় তিনিখন গুৰুত্বপূৰ্ণ বৈঠক । আটাইকেইখন বৈঠকত উপস্থিত থাকে সভাপতি ভবেশ কলিতা । ইয়াৰে প্ৰথমখন বৈঠক অনুষ্ঠিত হয় বিষয়ববীয়াৰে, দ্বিতীয়খন বৈঠক জিলা সভাপতিৰে । য’ত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । তৃতীয়খন বৈঠক জিলা প্ৰভাৰীসকলৰ সৈতে অনুষ্ঠিত হয় ।

বৈঠকত মূলত দলীয় শৃংখলাৰ লগতে লোকসভা নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হয় । সভাৰ অন্তত সভাপতি ভৱেশ কলিতাই বিৰোধী সন্দৰ্ভতো মন্তব্য আগবঢ়াই কয় যে নিৰ্বাচন আয়োগে লগ নোপোৱাত বিজেপিৰ হাত নাই । কংগ্ৰেছে নাচিব নাজানি চোতাল বেকা বুলি কৈছে । দিল্লীত বিৰোধী দলসমূহ ফুৰিব গৈছে । দিল্লীত হয়তো অলপ ঠাণ্ডা পৰিছে, সেইবাবে গৈছে বিৰোধীসকল ।

লগতে লুৰীণজ্যোতি গগৈয়ে ডিব্ৰুগড়ত আৰু অখিল গগৈয়ে শিৱসাগৰত নিৰ্বাচন খেলিব বুলি চলি থকা চৰ্চা সন্দৰ্ভত কলিতাই কয় যে কংগ্ৰেছে আগতিয়াকৈ হাত দাঙিলে । আমি বিচাৰিছিলো কংগ্ৰেছে ১৪ আসনতে নিৰ্বাচন খেলাতো ।

আনহাতে সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত অগপৰ বৈঠক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কলিতাই কয় যে অগপৰ সভাপতি অতুল বৰাই আদৰণিহে জনাইছে । লগতে BPF ৰ লগত মিত্ৰতা সন্দৰ্ভত পৰ্যালোচনা কৰা হ’ব বুলিও সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক:Assam govt exam: নিযুক্তি পৰীক্ষাত অনুত্তীৰ্ণ প্ৰাৰ্থীক মাচুল ঘূৰাই দিয়াৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে ?

ABOUT THE AUTHOR

...view details