অসম

assam

অখিল গগৈৰ উপযুক্ত চিকিৎসাৰ দাবী আইন ছাত্ৰ সন্থাৰ

By

Published : Mar 6, 2020, 3:33 PM IST

কাৰাগাৰৰ ভিতৰত তীব্ৰ জ্বৰ, পেটৰ বিষ আৰু কঁকালৰ বিষত আক্ৰান্ত কৃষক নেতা অখিল গগৈক উপযুক্ত চিকিৎসা প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলৰ ৷ অখিল গগৈক উন্নত চিকিৎসা প্ৰদানৰ দাবীৰে তেওঁলোক আজি কাষ চাপে মানৱ অধিকাৰ আয়োগৰ ৷

আইন ছাত্ৰ সন্থা
আইন ছাত্ৰ সন্থা

গুৱাহাটী, 6 মাৰ্চঃকাৰাগাৰত গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা অখিল গগৈ ৷যোৱা কিছুদিন ধৰি কাৰাগৰৰ ভিতৰত তীব্ৰ জ্বৰ,পেটৰ বিষ আৰু কঁকালৰ বিষত আক্ৰান্ত হৈ আছে নেতাগৰাকী ৷ কাৰাগাৰ কৰ্তৃপক্ষই নেতাগৰাকীক চিকিৎসালয়লৈ আনিছিল যদিও,তেওঁক উপযুক্ত চিকিৎসা প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে ৷

অখিল গগৈৰ উপযুক্ত চিকিৎসাৰ দাবী আইন ছাত্ৰ সন্থাৰ

শুকুৰবাৰে সদৌ অসম আইন ছাত্ৰ সন্থাৰ নেতা তথা সদস্য সকলে অখিল গগৈক উন্নত চিকিৎসা প্ৰদানৰ দাবীত কাষ চাপে অসম মানৱ অধিকাৰ আয়োগৰ ৷ উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ অন্যতম প্ৰধান নেতা অখিল গগৈক মাওবাদীৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল ৷

লগতে পঢ়কঃপূৱ বিলাসীপাৰাত অখিল গগৈৰ আৰোগ্যতাৰ বাবে বন্তি প্ৰজলন

ABOUT THE AUTHOR

...view details