অসম

assam

77 সংখ্যক জন্মজয়ন্তীত ৰাণা দাক সশ্ৰদ্ধ সোঁৱৰণ

By

Published : Sep 20, 2020, 6:20 PM IST

সৰুৰে পৰাই সংগীতৰ প্ৰতি ৰাপ থকা জয়ন্ত হাজৰিকাই মাত্ৰ ৯ বছৰ বয়সতেই সংগীতৰ সুৰ দিছিল। আৰু সেয়াই আছিল আৰম্ভণি। ১৯৬০ চনত অসমীয়া সংগীত জগতত খোজ পেলোৱা জয়ন্ত হাজৰিকাই মৃত্যুৰ সময়লৈকে ৰচি গৈছিল এটাৰ পিছত আনটো কালজয়ী গীত ৷

Jayanta hazarika 77th birth anniversary celebration at Guwahati
77 সংখ্যক জন্মজয়ন্তীত ৰাণা দাক সশ্ৰদ্ধ সোঁৱৰণ

গুৱাহাটী, 20 ছেপ্তেম্বৰঃ আজি ২০ছেপ্টেম্বৰ, ৰাণা দাৰ জন্ম দিন । 77 সংখ্যক জন্মদিনত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছে কৰিছে সকলোৱে ৷ সকলোৰে মুখে মুখে গুঞ্জৰিত হৈছে ৰানা দাৰ যুগজয়ী গীতসমূহ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীতো উদযাপন কৰা হ'ল ৰানা দাৰ জন্ম দিৱস । ৰাজ্যৰ কেইবাগৰাকীয়ো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত গীতে মাতে জীপাল হৈ উঠিল চানমাৰীৰ জয়ন্ত হাজৰিকা উদ‍্যানৰ চৌপাশ ৷

77 সংখ্যক জন্মজয়ন্তীত ৰাণা দাক সশ্ৰদ্ধ সোঁৱৰণ

সৰুৰে পৰাই সংগীতৰ প্ৰতি ৰাপ থকা জয়ন্ত হাজৰিকাই মাত্ৰ ৯ বছৰ বয়সতেই সংগীতৰ সুৰ দিছিল। আৰু সেয়াই আছিল আৰম্ভণি। ১৯৬০ চনত অসমীয়া সংগীত জগতত খোজ পেলোৱা জয়ন্ত হাজৰিকাই মৃত্যুৰ সময়লৈকে ৰচি গৈছিল এটাৰ পিছত আনটো কালজয়ী গীত ৷ আৰু প্ৰতিটো গীতেই আছিল শ্ৰোতাৰ অতি আদৰৰ। শিল্পী গৰাকীয়ে সৃষ্টি কৰি থৈ যোৱা প্ৰতিটো গীতেই আজিও প্ৰতিজন অসমীয়াৰ কোঁহে কোঁহে।

আজিৰ দিনটোত এইগৰাকী মহান শিল্পী কায়িকভাৱে আমাৰ মাজত নাই যদিও তেওঁ সৃষ্টি কৰি থৈ যোৱা প্ৰতিটো চিৰসেউজ গীতেই মনত পেলাই তেওঁৰ অৱস্থিতি। গীতৰ মাজেৰেই প্ৰতিজন অসমীয়াই আজিও স্মৰণ কৰে ৰানা দাৰ উপস্থিতি ৷

লগতে পঢ়ক-অসমৰ গাঁও মেঘালয়ত অন্তৰ্ভূক্ত হোৱাৰ সম্ভাৱনা

ABOUT THE AUTHOR

...view details