ETV Bharat / state

অসমৰ গাঁও মেঘালয়ত অন্তৰ্ভূক্ত হোৱাৰ সম্ভাৱনা

author img

By

Published : Sep 20, 2020, 4:30 PM IST

দক্ষিণ কামৰূপৰ সাতখন গাঁও অচিৰেই অন্তৰ্ভূক্ত হ’ব মেঘালয়ত ৷ দেশে স্বাধীনতা লাভ কৰাৰ 74 বছৰ অতিক্ৰম কৰাৰ পিছতো সকলো দিশতে অৱহেলিত হৈ আছিল গাঁওকেইখন ৷ সেয়ে অসমৰ ভূমি এৰি মেঘালয়ৰ সৈতে চামিল হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে গাঁৱবাসীয়ে ৷

Protest for development village kamrup assam etv bharat news
অসমৰ গাঁও মেঘালয়ত অন্তৰ্ভূক্ত হোৱাৰ সম্ভাৱনা

আজাৰা,20 চেপ্তেম্বৰ: দক্ষিণ কামৰূপৰ অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলসমূহৰ প্ৰতি অসম চৰকাৰৰ ভূমিকা সদায়ে নীৰৱ হোৱা দেখা গৈছে । পৰিণতিত মেঘালয়ে চলে-বলে-কৌশলে অব্যাহত ৰাখিছে আগ্ৰাসন ৷ কিন্তু এইবাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত গৰুবন্ধা, বেচিমাৰী, দেৱানবিল, বৰগৰং, বা‌ঙ্গেলীবিলা, কটৰাবাৰী, শান্তিবিল আদি অঞ্চলৰ লোকসকলে ৰাজ্য চৰকাৰৰ ভূমিকাত অতিষ্ঠ হৈ গ্ৰহণ কৰিছে এক সিদ্ধান্ত ৷ সেই মৰ্মে অসম এৰি মেঘালয়ৰ সৈতে চামিল হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰায় সাতখনকৈ গাঁৱৰ ৰাইজে ৷

অসমৰ গাঁও মেঘালয়ত অন্তৰ্ভূক্ত হোৱাৰ সম্ভাৱনা

যাতায়ত, শিক্ষা, খোৱা পানী, বিজুলী আদি বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ অহা অঞ্চলবাসীৰ দীৰ্ঘদিনীয়া সমস্যাৰ প্ৰতি অকণো গুৰুত্ব আৰোপ কৰা নাই ৰাজ্য চৰকাৰে । সেয়ে ক্ষুব্ধ জনতাই স্থানীয় বিধায়ক প্ৰণৱ কলিতা মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰি এই সিদ্ধান্তৰ বিষয়ে সদৰি কৰে ৷ লগতে সময় থাকোতেই গাঁৱবাসীক ভোট বেংক হিচাপে নাভাবি চৰকাৰ কিম্বা জনপ্ৰতিনিধিয়ে উচিত ব্যৱস্থা গ্ৰহণ নকৰিলে অসমৰ এক বৃহৎ অঞ্চল মেঘালয়ৰ অন্তৰ্ভূক্ত হোৱাতো প্ৰায় নিশ্চিত হৈ পৰিছে ৷

লগতে চাওকঃ অসম আৰক্ষীৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলঃ দিল্লীৰ পৰাই তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.