অসম

assam

Meghalaya coal syndicate: অবৈধ কয়লা খনন আৰু কোক উদ্যোগলৈ সৰবৰাহক লৈ মেঘালয় উচ্চ ন্যায়ালয়ৰ অসন্তুষ্টি

By

Published : Jun 29, 2023, 3:49 PM IST

মেঘালয়ত অব্যাহত আছে অবৈধ কয়লাৰ খনন আৰু সৰবৰাহ ৷ এই ক্ষেত্ৰত মেঘালয় চৰকাৰৰ ভূমিকাক লৈ অসন্তুষ্ট মেঘালয় উচ্চ ন্যায়ালয় ৷ অবৈধ কয়লা সৰবৰাহত আৰক্ষী জড়িত থকাৰো অভিযোগ ৷

Meghalaya coal syndicate
Meghalaya coal syndicate

গুৱাহাটী, ২৯ জুন:অবৈধ কয়লা খনন আৰু কোক উদ্যোগলৈ সৰবৰাহক লৈ মেঘালয় চৰকাৰক তীব্ৰ সমালোচনা কৰি অসন্তুষ্টি প্ৰকাশ মেঘালয় উচ্চ ন্যায়ালয়ৰ ৷ মেঘালয় উচ্চ ন্যায়ালয়ে ৰাজ্যখনৰ চৰকাৰখনে অবৈধ কয়লা খনন আৰু অবৈধ কোক উদ্যোগলৈ কয়লা যোগানৰ বিৰুদ্ধে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ নকৰাক লৈ এই অসন্তুষ্টি প্ৰকাশ কৰিছে ।

অবৈধ কয়লা খননক লৈ মেঘালয় উচ্চ ন্যায়ালয়ৰ অসন্তুষ্টি

মুখ্য ন্যায়াধীশ সঞ্জীৱ বেনাৰ্জীৰ নেতৃত্বত ন্যায়াধীশ এইচ এছ থাংখিউ আৰু ডব্লিউ ডিয়েংডোৰ সৈতে গঠিত এখন বিচাৰপীঠে বিষয়টো প্ৰসংগত নিজৰ পৰ্যৱেক্ষণ ব্যক্ত কৰি কয় যে, "এই বিষয়সমূহ ধাৰাবাহিকভাৱে আঁতৰাই ৰখাটো আৰু কিবা এটা ভাল হোৱাৰ আশা প্ৰদান কৰাটো ৰাজ্য চৰকাৰৰ এক অভ্যাসত পৰিণত হৈছে । কিন্তু যেতিয়া এনে অবৈধ কাৰ্য দমন কৰাৰ কথা আহে, তেতিয়া অতি সামান্য কিবা অলপ পদক্ষেপ লোৱা যেনহে লাগে ৷"

বিচাৰপীঠে ৰাজহুৱা স্বাৰ্থজনিত এক আবেদনৰ শুনানি গ্ৰহণ কৰি এই মত ব্যক্ত কৰি অসন্তুষ্টি প্ৰকাশ কৰে ৷ আবেদনকাৰীয়ে মেঘালয় আৰক্ষীক জড়িত কৰি বিশেষকৈ শ্বালাঙত আৰক্ষী বিষয়াসকলে অবৈধ কোক উদ্যোগলৈ চোৰাং কয়লা অবৈধ পৰিবহনৰ সুবিধা প্ৰদান কৰাত সহায় কৰাৰো অভিযোগ উত্থাপন কৰে ন্যায়ালয়ত ।

আবেদনকাৰীয়ে এই অবৈধ কাৰ্যকলাপৰ মূল ব্যক্তিৰ পৰিচয় জানিবলৈ বিচাৰিছিল ৷ অৱশ্যে মেঘালয় চৰকাৰে ন্যায়লয়ত আবেদন জনাইছিল যে কয়লা অবৈধ পৰিবহনৰ সৈতে জড়িত আন এটা গোচৰৰ থকা বাবে এইটো বিষয়টো স্থগিত ৰখা উচিত ৷

এইক্ষেত্ৰ বিচাৰপীঠে পৰ্যৱেক্ষণ কৰে যে ৰাজ্য চৰকাৰে বিষয়টো এৰাই চলাৰ এক কৌশলী আৰ্হি গ্ৰহণ কৰিছে । একেধৰণৰ আন এটা গোচৰত শেহতীয়াকৈ আদালতে নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ নমনীয় স্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছিল ৷

কোৱা হৈছিল "মাফিয়া আৰু কয়লাৰ অবৈধ খনন তথা ইয়াৰ অবৈধ পৰিবহন ৰেকেট চলোৱাৰ লগত ৰাজ্য চৰকাৰৰ সহযোগিতা থকাটো স্পষ্ট ৷’’ এই বিষয়টোত পৰৱৰ্তী শুনানিৰ দিন ৩ জুলাইত ধাৰ্য কৰে ন্যায়ালয়ে ।

লগতে পঢ়ক:Bhupen Borah: মুখ্যমন্ত্ৰীৰ আশীৰ্বাদত কেইজনমান মন্ত্ৰীয়ে চলাইছে ছিণ্ডিকেট; ভূপেন বৰা

ABOUT THE AUTHOR

...view details