অসম

assam

নদী ব্যৱস্থাপনাত যুগান্তকাৰী উদ্ভাৱন গুৱাহাটী আইআইটিৰ গৱেষকৰ

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 3:03 PM IST

IIT Guwahati develop design for sustainable river management: গুৱাহাটী আইআইটিৰ অসামৰিক অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক অৰূপ কুমাৰ শৰ্মাৰ নেতৃত্বত কৰা গৱেষণাটোৱে গভীৰতাত নদীৰ প্ৰবাহৰ তাৰতম্যৰ পূৰ্বানুমান কৰাত সহায় কৰিবলৈ বিস্তৃত গাণিতিক মডেল বিকশিত কৰিছে । এই মডেল 'বানপানী আৰু খহনীয়া নিয়ন্ত্ৰণ, কৃষি, পানী যোগান ডিজাইন আৰু শক্তি উৎপাদনৰ বাবে গুৰুত্বপূৰ্ণ' হ'ব

IIT Guwahati model on river water flow
নদী ব্যৱস্থাপনাত যুগান্তকাৰী উদ্ভাৱন গুৱাহাটী আইআইটিৰ

গুৱাহাটী আইআইটিৰ গৱেষকৰ যুগান্তকাৰী উদ্ভাৱন

গুৱাহাটী, ২২ ডিচেম্বৰ : কেন্দ্ৰীয় জল শক্তি মন্ত্ৰালয়ৰ অধীনত আৰু ব্ৰহ্মপুত্ৰ বোৰ্ডৰ সহযোগত গুৱাহাটীৰ ইণ্ডিয়ান ইনষ্টিটিউট অব টেকন'লজীৰ গৱেষকসকলে ডাঙৰ নদীত পানীৰ প্ৰবাহ বুজিবলৈ এক মডেল প্ৰস্তুত কৰিছে ।

গৱেষক দলটোৰ এগৰাকী গৱেষক ফ্ৰফেছ'ৰ অৰূপ কুমাৰ শৰ্মাই শুকুৰবাৰে কয় যে নদীৰ পাৰ সুৰক্ষা ব্যৱস্থাৰ বাবে বহনক্ষম আন্তঃগাঁথনি সৃষ্টিৰ বাবে অভিযন্তাসকলক মূল্যৱান অন্তৰ্দৃষ্টি প্ৰদান কৰাৰ লক্ষ্যৰে এই পদক্ষেপটো লোৱা হৈছে ।

ব্ৰহ্মা-2ডি (Braided River Aid: Hydro-Morphological Analyzer) নামেৰে নামকৰণ কৰা মডেলটো বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ আৰু নৈৰ পাৰৰ খহনীয়াৰ সম্ভাৱনীয়তা থকা মাজুলীৰ ওচৰৰ ব্ৰহ্মপুত্ৰ নদীত সফলতাৰে পৰীক্ষা সম্পাদন কৰা হৈছে । ইয়াৰ দ্বাৰা নদীৰ বিভিন্ন গভীৰতাত পানী কিমান দ্ৰুতগতিত চলাচল কৰে সেয়া বুজাত সহায় কৰিব বুলি তেওঁ কয় ।

গুৱাহাটী আইআইটিৰ অসামৰিক অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক অৰূপ কুমাৰ শৰ্মাৰ নেতৃত্বত কৰা গৱেষণাটোৱে গভীৰতাত নদীৰ প্ৰবাহৰ তাৰতম্যৰ পূৰ্বানুমান কৰাত সহায় কৰিবলৈ বিস্তৃত গাণিতিক মডেল বিকশিত কৰিছে । এই মডেল 'বানপানী আৰু খহনীয়া নিয়ন্ত্ৰণ, কৃষি, পানী যোগান ডিজাইন আৰু শক্তি উৎপাদনৰ বাবে গুৰুত্বপূৰ্ণ' হ'ব বুলি তেওঁ প্ৰকাশ কৰিছে ।

"আমাৰ মডেলটোৱে অত্যন্ত জটিল গাণিতিক মডেলিঙৰ সৈতে ডাঙৰ নদী প্ৰণালীৰ ওপৰত ক্ষেত্ৰ-ভিত্তিক গৱেষণাৰ সংমিশ্ৰণ কৰিছে । এই নদী প্ৰবাহ মডেলৰ দ্বাৰা আমি বুজি পাওঁ যে নদী এখনৰ বিভিন্ন গভীৰতাত কিমান দ্ৰুতগতিত পানী চলাচল কৰে আৰু নদীৰ পাৰৰ খহনীয়া প্ৰতিৰোধ কৰিবলৈ স্থাপন কৰা স্পাৰৰ দৰে এটা আন্তঃগাঁথনিৰ চাৰিওফালে ইয়াৰ প্ৰবাহ কিমান হয় ।" অৰূপ শৰ্মাই কয় ।

গৱেষণাটোৱে নদীৰ পাৰ, স্পাৰ আৰু বালিখণ্ডবোৰে পানীৰ চলাচলৰ ধৰণক কেনেদৰে প্ৰভাৱিত কৰে সেই বিষয়েও অধ্যয়ন কৰিছে । তেওঁ কয় যে মডেলটোৱে নদীৰ পাৰৰ খহনীয়া নিয়ন্ত্ৰণৰ বাবে জৈৱ-অভিযান্ত্ৰিক পদ্ধতি সৃষ্টি কৰাত সহায় কৰিছে ।

প্ৰয়োজনীয় গভীৰতা আৰু প্ৰবাহৰ বেগৰ উপলব্ধতাৰ ওপৰত ভিত্তি কৰি জলজ প্ৰজাতি, বিশেষকৈ বিপদাপন্ন প্ৰজাতিবোৰৰ বাসস্থানৰ উপযুক্ততা বুজিবলৈও ইয়াক প্ৰয়োগ কৰা হৈছে বুলি তেওঁ কয় ।

উল্লেখ্য যে গৱোষণাটোৰ এই ফলাফলবোৰ আইএছএইচ জাৰ্নেল অব হাইড্ৰ'লিক ইঞ্জিনিয়াৰিঙত (ISH Journal of Hydraulic Engineering) প্ৰকাশিত হৈছে । লগতে সন্মানীয় 'আইএছএইচ জল বিজ্ঞান পুৰস্কাৰ' (আইএছএছ জাৰ্নেলৰ শ্ৰেষ্ঠ গৱেষণা-পত্ৰ) ২০২৩ লাভ কৰিবলৈ সক্ষম হৈছে । গৱোষণা-পত্ৰখন অৰূপ শৰ্মা আৰু ডঃ অনুপল বৰুৱাই যুটীয়াভাৱে প্ৰস্তুত কৰিছে ।

লগতে পঢ়ক :অসমৰ ভূমিতে সাত জাঁই গুলীৰে কুকুৰক হত্যা কৰি থৈ গ’ল নগা দুৰ্বৃত্তই

ABOUT THE AUTHOR

...view details