অসম

assam

31 জুলাইৰ পূৰ্বে ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল !

By

Published : Jul 20, 2021, 7:21 PM IST

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক কেন্দ্ৰ কৰি সংঘটিত হোৱা কেলেংকাৰী পোহৰলৈ আহিলেও 31 জুলাইত ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC Exam)ৰ ফলাফল ৷ SEBAৰ সচিব সুৰঞ্জনা সেনাপতি (Suranjana Senapati)য়ে সদৰী কৰে এই কথা ৷

hslc results will announce
মেট্ৰিকৰ ফলাফল ঘোষণাৰ সিদ্ধান্ত

গুৱাহাটী,20 জুলাই : আগন্তুক 31 জুলাইত ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC Exam)ৰ ফলাফল ৷ মঙলবাৰে এই কথা ঘোষণা কৰিছে মাধ্যমিক শিক্ষা পৰিষদ (Secondary Education Board of Assam) চমুকৈ SEBAৰ সচিব সুৰঞ্জনা সেনাপতি (Suranjana Senapati)য়ে ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক কেন্দ্ৰ কৰি সংঘটিত হোৱা কেলেংকাৰী-অনিয়ম পোহৰলৈ আহিলেও ফলাফল নিৰ্ধাৰিত সময়মতে ঘোষণা কৰা হ’ব বুলি তেওঁ সদৰী কৰে ৷ সচিবগৰাকীয়ে জনোৱা মতে, আশা কৰা ধৰণে প্ৰবাদ সন্দৰ্ভত SEBAই কামকাজ আগবঢ়াই আহিছে আৰু পৰীক্ষাৰ ফলাফল ইতিমধ্যে ঘোষিত সময়তে দিব পৰা যাব ।

লগতে তেওঁ কয় যে, যিসকল শিক্ষাৰ্থী বা অভিভাৱকে ঘোষিত ফলাফল সন্দৰ্ভত পুনৰীক্ষণ কৰাব বিচাৰে তেওঁলোকে তেনে পুনৰীক্ষণ কৰাব পাৰিব । এই পৰীক্ষাৰ ফলাফল কেলেংকাৰীত জড়িত থকাৰ অভিযোগত SEBAৰ ডাটা এণ্ট্ৰি অ’পাৰেটৰ (Data Entry Operator) প্ৰশান্ত দাসক বৰ্খাস্ত আৰু অধ্যক্ষ আক্কাছ আলী আহমেদক আটক কৰা হৈছে ৷ আগন্তুক দুদিনৰ ভিতৰত জিলা পৰ্যায়ৰ কাম শেষ কৰাৰ‌ বাবে নিৰ্দেশ দিয়া হৈছে ।

এই কেলেংকাৰী ফাদিল হোৱা কামৰূপ (মহানগৰ) জিলাতো একেদিনাই ফলাফল ঘোষণা কৰা হ'ব বুলি জিলা শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়া (Apurba Thakuria)ই জানিবলৈ দিছে ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা (HS)ত অৱতীৰ্ণ হ'বলগীয়া শিক্ষাৰ্থীসকলৰ ভৱিষ্যৎ এতিয়া অনিশ্চয়তাৰ মাজত ৷ ৰাজ্যত সংঘটিত হৈছে ‘Money For Result’ৰ দৰে নিকৃষ্ট ঘটনা ৷ এই ক্ষেত্ৰত কামৰূপ (মহানগৰ) জিলাৰ স্কুলসমূহৰ পৰিদৰ্শক কাৰ্যালয়ত ইতিমধ্যে বৃহৎ অভিযান চলায় কামৰূপ আৰক্ষীৰ দলে ৷ মেট্ৰিকত ভাল ৰিজাল্ট দিয়াৰ নামত বৃহৎ ধনৰ লেনদেন সংঘটিত কৰাৰ অভিযোগত বহু কেইগৰাকী বিষয়া-কৰ্মচাৰীক আটক কৰিছে আৰক্ষীয়ে ৷

লগতে অভিযানকালত স্কুলসমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা কেইবাটাও লেপটপ, ম’বাইল ফোন, বহু নথি-পত্ৰ আৰু বুজন পৰিমাণৰ ধন জব্দ কৰা হৈছে ৷ গতিকে প্ৰশ্ন হয়, কিমান সুৰক্ষিত অসমৰ শিক্ষাৰ্থীসকল ?

লগতে পঢ়ক :অসমৰ ভূমি দখলৰ বাবে মিজোৰামৰ নতুন ব্লুপ্ৰিণ্ট

ABOUT THE AUTHOR

...view details