অসম

assam

২ ঘণ্টা নহয় এইবাৰ ২০ ঘণ্টা ইণ্টাৰনেট কৰ্তন কৰিম : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

By

Published : Sep 23, 2022, 6:11 PM IST

CM
২ ঘণ্টা নহয় এইবাৰ ২০ ঘণ্টা ইণ্টাৰনেট কৰ্তন কৰিম ()

শেহতীয়াকৈ অসমৰ অনুষ্ঠিত হৈছিল চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা (Assam direct recruitment)। পৰীক্ষাৰ সময়ত ২ ঘণ্টাৰ বাবে ইণ্টাৰনেট কৰ্তন কৰিছিল চৰকাৰে । কিন্তু এইবাৰ ২০ ঘণ্টাকৈ ইণ্টাৰনেট কৰ্তন কৰাৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । পিছে তেওঁ এই কথা কিয় ক'লে ?

গুৱাহাটী,২৩ ছেপ্টেম্বৰ :সময়ে সময়ে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক সমালোচনা কৰাৰ লগতে সাংবাদিকক নীতি শিক্ষা দিয়াৰো চেষ্টা কৰি আহিছে । এইবাৰ পুনৰ অসমৰ সংবাদ মাধ্যমক টাৰ্গেট কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Assam CM targets Journalist)। এক অনুষ্ঠানত ভাষণ প্ৰসংগত সংবাদ মাধ্যমৰ বিৰুদ্ধে আক্ৰোশমূলক মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত শনিবাৰে ২৪ টা বিভাগৰ নিযুক্তিপত্ৰ বিতৰণ কৰা হয় (Assam government distribute appointment letter)। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই পুনৰ সাংবাদিকক নীতি শিক্ষা দিয়াৰ চেষ্টা কৰে । তেওঁ কয়, "দুই ঘণ্টা ইণ্টাৰনেট কৰ্তন কৰি নিযুক্তি পৰীক্ষা পতাক লৈ বহুতে সমালোচনা কৰিছে । দুখীয়া ল'ৰা-ছোৱালীৰ বাবে এটা দিনো ইণ্টাৰনেট কৰ্তন কৰিব লাগিলে মই কৰিম ।"সাংবাদিকসকলক উদ্দেশ্যি আক্ৰোশমূলক মন্তব্য কৰি তেওঁ কয় যে এইবাৰ ইণ্টাৰনেট ২ ঘণ্টা কৰ্তন কৰা হৈছে, অহাবাৰ ২০ ঘণ্টা কৰা হ'ব (Mobile internet suspended during recruitment exam)।

উল্লেখ্য যে শেহতীয়াভাৱে সাংবাদিকৰ বিভিন্ন প্ৰশ্নক লৈ অসন্তুষ্ট হোৱা দেখা গৈছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক ৷ মুখ্যমন্ত্ৰীগৰাকীৰ বহু বক্তব্যতো এই কথা স্পষ্ট হৈ পৰিছে ৷ কিছুদিন পূৰ্বে সাংবাদিকৰ প্ৰশ্নত অসন্তুষ্ট হৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিটো সংবাদ মাধ্যমৰ মালিকক দৰমহা কাটিবলৈ কম বুলি বিতৰ্কিত মন্তব্য কৰিছিল ।

যোৱা সোমবাৰেও সাংবাদিকে মুখ্যমন্ত্ৰীগৰাকীক প্ৰশ্ন উত্থাপন কৰাত যি কথা সুধি থাকিব নালাগে সেই কথা কিয় সুধি থাকিব লাগে বুলি কৈ সম্পাদকলৈ চিঠি লিখিছো বুলি মুখ্যমন্ত্ৰীয়ে কৈছিল । ইয়াৰ মাজতে শনিবাৰে ৰাজহুৱাভাৱে সংবাদ মাধ্যমক লক্ষ্য কৰি লোৱা বিষয়টো সম্প্ৰতি চৰ্চিত হৈ পৰিছে ।

আনকি বহুতে প্ৰশ্ন কৰিছে এতিয়া সংবাদ মাধ্যম মুখ্যমন্ত্ৰীৰ কথা মতেই চলিব নেকি ? নে মুখ্যমন্ত্ৰীয়ে বিচাৰে সংবাদ মাধ্যম তেওঁৰ মতে চলক ! সাংবাদিকে কিদৰে বাতৰি উপস্থাপন কৰিব তাৰ নীতি নির্ধাৰণ কৰি দিব নেকি মুখ্যমন্ত্ৰীয়ে ? সেই নীতি নামানিলে ৰাজহুৱা ভাৱে সংবাদ মাধ্যমক সমালোচনা কৰি নীতি শিক্ষা দিব নেকি মুখ্যমন্ত্ৰীয়ে ? অৱশ্যে বহু সময়ত সাংবাদিকক উদ্দেশ্যি বন্ধুত্ব সুলভ মন্তব্যও কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক :এক লাখ নিযুক্তিত হিমালয়েও বাধা দিব নোৱাৰে: মুখ্যমন্ত্রী

ABOUT THE AUTHOR

...view details