অসম

assam

গুৱাহাটীৰ একাংশ বিলাসী ৰিজ'ৰ্ট-পাবত ব্যয়বহুল ড্ৰাগছৰ বেহা

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 5:50 PM IST

মহানগৰীৰ বিলাসী ৰিজ'ৰ্ট, পাব, ৰেভ পাৰ্টীত চলে ক'কেইন, মেণ্ডিৰ দৰে অত্যাধিক ব্যয়বহুল ড্ৰাগছ ৷ শেহতীয়াকৈ আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে এই তথ্য ৷

Police Commissioner Diganta Bora Press Meet
তদন্তৰ আওতালৈ আহিব কেইবাখনো বিলাসী ৰিজৰ্ট, পাব

মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ সংবাদমেল

গুৱাহাটী, 8 ডিচেম্বৰ :ড্ৰাগছৰ কবলত গুৱাহাটী মহানগৰীৰ একাংশ যুৱক-যুৱতী ৷ মহানগৰীৰ একাংশ আভিজাত পৰিয়ালৰ সন্তান এতিয়া আসক্ত ক'কেইন, মেণ্ডিৰ দৰে ব্যয়বহুল ড্ৰাগছৰ কবলত ৷ ইফালে মহানগৰীৰ বিলাসী ৰিজ'ৰ্ট, পাব, সংগীত পাৰ্টী, ৰেভ পাৰ্টিত চলে ক'কেইন, মেণ্ডিৰ দৰে অত্যাধিক ব্যয়বহুল ড্ৰাগছ ৷ শেহতীয়াকৈ পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য ৷

বৃহস্পতিবাৰে নিশা অপৰাধ অনুসন্ধান শাখা আৰু দিছপুৰ আৰক্ষীয়ে হেঙেৰাবাৰীৰ শেৱালি পথৰ গণপতি এনক্লেভৰ চতুৰ্থ মহলাত যৌথভাৱে অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰী দিগ্বিজয় নিবাস ওৰফে দিকি (37), কুন্দন ঠাকুৰক গ্ৰেপ্তাৰ কৰাৰ পিছতে পোহৰলৈ আহিছে এই তথ্য ৷ শুকুৰবাৰে এই সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ৷ সংবাদ মাধ্যমৰ আগত দিগন্ত বৰাই কয় যে, বহু দিনৰ পৰা পোৱা খবৰৰ ভিত্তিত নিশা অভিযান চলাই ক'কেইন সৰবৰাহকাৰী দিগ্বিজয় নিবাস ওৰফে দিকি (37) আৰু সহযোগী কুন্দন ঠাকুৰক গ্ৰেপ্তাৰ কৰাৰ লগতে 33 গ্ৰাম ক'কেইন আৰু 11.64 গ্ৰাম মেন্দি জব্দ কৰা হয় ৷

তেওঁ লগতে কয় যে, ঘটনা সন্দৰ্ভত মহানগৰীৰ কেইবাখনো বিলাসী ৰিজ'ৰ্ট আৰু পাব তদন্তৰ আওতালৈ আহিব ৷ আটকাধীন দিগ্বিজয় নিবাসৰ কল লিষ্টৰ পৰা ক'ত ক'ত ড্ৰাগছ যোগান ধৰে তাৰো বহু তথ্য লাভ কৰিছে বুলি উল্লেখ কৰে তেওঁ ৷ অৱশ্যে তদন্তৰ খাতিৰত এতিয়াই হোটেল, ৰিজ'ৰ্ট আৰু পাবৰ নাম ক'ব নোৱাৰিব বুলি মন্তব্য কৰে তেওঁ ৷ আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে, বেছি সংখ্যক সম্ভ্ৰান্ত ঘৰৰ ল'ৰা-ছোৱালী এই ড্ৰাগছৰ কবলত পৰিছে ৷

কোনে ব্যৱহাৰ কৰে এই ব্যয়বহুল ড্ৰাগছ-

তেওঁ কয় যে, অভিজাত ঘৰৰ একাংশ যুৱক-যুৱতীয়ে কিছুমান পাৰ্টিত সাধাৰণতে ব্যৱহাৰ কৰে এই ড্ৰাগছ ৷ মহানগৰীৰ একাংশ বিলাসী ৰিজ'ৰ্ট, পাব, ইলেক্ট্ৰনিক সংগীত অনুষ্ঠান আৰু ৰেভ পাৰ্টিত ব্যৱহাৰ কৰা হয় ক'কেইন ৷ দিগ্বিজয় নিবাস ওৰফে দিকিয়ে বিলাসী ৰিজ'ৰ্ট আৰু পাবত যোগান ধৰে এই ক'কেইন ৷

কোন এই দিগ্বিজয় নিবাস ওৰফে দিকি-

হেঙেৰাবাৰীৰ নিবাসী অভিযুক্ত দিগ্বিজয় নিবাস ওৰফে দিকি ৷ দিকিৰ মহানগৰীৰ জু-ৰোডত টেটু বনোৱা এখন বিপণী আছে ৷ পূৰ্বে বেংগালুৰুত থকা দিকিয়ে বিগত বহু বছৰ ধৰি গুৱাহাটীৰ বিলাসী ৰিজ'ৰ্ট আৰু পাবত ক'কেইন, মেণ্ডিৰ দৰে অত্যাধিক ব্যয়বহুল ড্ৰাগছ যোগান ধৰাৰ কাম কৰি আহিছে ৷ সঘনাই দিল্লীলৈ গৈ দিল্লীৰ পৰা কম পৰিমাণে ক'কেইন গুৱাহাটীলৈ সৰবৰাহ কৰি বিলাসী ৰিজ'ৰ্ট আৰু পাবত যোগান ধৰে দিকিয়ে ৷ গুৱাহাটীৰ উপৰিও মেঘালয়ৰ একাংশ বিলাসী ৰিৰ্জ'টত সংগীত অনুষ্ঠানতো দিকিয়ে ক'কেইন যোগান ধৰে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :মহানগৰীত ক’কেইন জব্দ, দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details