অসম

assam

গৰুখুটিৰ ঘটনাক 'big tragedy' আখ্যা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

By

Published : Oct 7, 2021, 5:58 PM IST

২৩ ছেপ্টেম্বৰত দৰং জিলাৰ গৰুখুটিৰ ধলপুৰত চলোৱা উচ্ছেদ অভিযান সন্দৰ্ভত অসম চৰকাৰক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ গৰুখুটিত উচ্ছেদ অভিযান আৰু তাৰ পিছত দুজন নাগৰিকৰ মৃত্যুক 'ডাঙৰ ট্ৰেজেডী' বুলিও অভিহিত কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷

gauhati-hc-terms-recent-eviction-in-assam-drive-as-big-tragedy
গৰুখুটিৰ ঘটনাক 'big tragedy' আখ্যা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

নিউজ ডেস্ক, ৭ অক্টোবৰ :গৰুখুটিত উচ্ছেদ অভিযান আৰু তাৰ পিছত দুজন নাগৰিকৰ মৃত্যুক 'ডাঙৰ ট্ৰেজেডী' বুলি অভিহিত কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ বৃহস্পতিবাৰে অসম চৰকাৰক চলিত বৰ্ষৰ ২৩ ছেপ্টেম্বৰত দৰং জিলাৰ গৰুখুটিৰ ধলপুৰত চলোৱা উচ্ছেদ অভিযান সন্দৰ্ভত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে উচ্চ ন্যায়ালয়ে । বৃহস্পতিবাৰে মুখ্য ন্যায়াধীশ সুধাংশু ধুলিয়া আৰু ন্যায়াধীশ সৌমিত্ৰ ডেকাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে পৰ্যবেক্ষণ কৰি ''খুন জমিন পে ঘিৰ গয়া (তেজ বিয়পি পৰিছে)'' বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ।

অসমৰ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াৰ দ্বাৰা দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থৰ মোকৰ্দমা (পিআইএল) আৰু বিষয়টো সন্দৰ্ভত আদালতৰ দ্বাৰা গ্ৰহণ কৰা এক স্বৰ্তঃপ্ৰণোদিত আবেদনৰ শুনানিৰ সময়ত আদালতৰ এই পৰ্যবেক্ষণ সমুখলৈ আহিছে ৷ ন্যায়ালয়ে চৰকাৰক প্ৰশ্ন কৰিছে যে, অসমত ৰাষ্ট্ৰীয় পুনৰ্সংস্থাপন নীতি প্ৰযোজ্য নহয় নেকি আৰু এই সন্দৰ্ভত অসমত বিজেপি নেতৃত্বাধীন চৰকাৰক তিনি সপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে ।

২৩ ছেপ্টেম্বৰত, দৰং জিলা প্ৰশাসনে জিলাখনৰ গৰুখুটি অঞ্চলত উচ্ছেদ অভিযান চলাইছিল ৷ এই সন্দৰ্ভত স্থানীয় লোকে এই পদক্ষেপৰ বিৰোধিতা কৰাৰ পিছত পৰিস্থিতিয়ে হিংসাত্মক ৰূপ লাভ কৰিছিল । আৰক্ষীয়ে প্ৰতিবাদকাৰী জনতাক নিয়ন্ত্ৰণ কৰিবলৈ লাঠী চালনা আৰু গুলী চালনা কৰিব লগা হৈছিল ৷ যাৰ ফলত আৰক্ষীৰ গুলীত দুজনকৈ লোকৰ মৃত্যু হৈছিল আৰু ১০ জনকৈ আৰক্ষী বাহিনীৰ লোক আহত হৈছিল ।

আৰক্ষীৰ উপস্থিতিতে এজন প্ৰতিবাদকাৰীৰ ওপৰত চৰকাৰী ফটোগ্ৰাফাৰ এজন জপিয়াই পৰাৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈছিল ৷ আৱেদনকাৰী শইকীয়াই তেওঁৰ পিআইএলত উল্লেখ কৰিছিল যে, ঢলপুৰৰ অধিবাসী আৰু তেওঁলোকৰ পূৰ্বপুৰুষসকলে প্ৰলয়ংকাৰী বানপানী আৰু গৰাখহনীয়াৰ বাবে তেওঁলোকৰ নিজ নিজ মূল বাসস্থানৰ পৰা অঞ্চলটোলৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য হৈছিল । অসমত বাৰে বাৰে বানপানী আৰু ব্ৰহ্মপুত্ৰৰ ফলত হোৱা খহনীয়াৰ বাবে প্ৰব্ৰজনৰ বিষয়ে অৱগত হোৱা স্বত্বেও ৰাজ্যখনে তেওঁলোকৰ পুনঃসংস্থাপনৰ বাবে কোনো ইতিবাচক পদক্ষেপ ল'বলৈ আগবাঢ়ি যোৱা নাছিল ।

এই অধিবাসীসকলে তেওঁলোকৰ নিৰ্দিষ্ট তথ্য অনুসৰি বিভিন্ন তাৰিখৰ পৰা নিৰন্তৰভাৱে ওপৰোক্ত এলেকাত বাস কৰি আহিছে, আৰু 1960 ৰ দশকৰ পৰা আৰু তেওঁলোক ভাৰতৰ প্ৰকৃত নাগৰিক, তেওঁলোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন আৰ চি), ভোটাৰ তালিকা আদিত লিপিবদ্ধ কৰা হৈছে বুলিও আবেদনকাৰী শইকীয়াই পিআইএলত উল্লেখ কৰিছে । আদালতে বিষয়টো ৩ নৱেম্বৰত পৰৱৰ্তী শুনানিৰ বাবে তালিকাভুক্ত কৰিছে আৰু দুৰ্গা পূজাৰ পিছত ৰাজ্য চৰকাৰক পুনৰ উচ্ছেদৰ জাননী প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে ।

লগতে পঢ়ক :পাম অইলৰ খেতিয়ে কৃষিভূমিৰ উৰ্বৰতা শেষ কৰিব : জাঙুৰ খাই উঠিছে এজেপি

ABOUT THE AUTHOR

...view details