অসম

assam

SI কাণ্ডঃ পোহৰলৈ আহিছে দিবন ডেকাৰ বহু কেলেংকাৰী

By

Published : Oct 6, 2020, 4:34 PM IST

নিতৌ পোহৰলৈ আহিছে SI পৰীক্ষাৰ কেলেংকাৰিৰে জড়িত দিবন ডেকাৰ ন ন কু-কীৰ্তি। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ চাকৰিৰ বিনিময়তো ধন সংগ্ৰহ কৰি নিজৰ পকেট গৰম কৰিছিল 'দিবন এণ্ড কোম্পানী'য়ে।'দিবন এণ্ড কোম্পানী'ত দালাল ৰূপে খ্যাত ছফি জামাল, ৰকিবুল ইছলাম আৰু ৰাজীৱ আহমেদ।

DIBAN DEKA
DIBAN DEKA

গুৱাহাটী, ৬ অক্টোবৰ: আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ কেলেংকাৰীৰে জড়িত দিবন ডেকাই ধনৰ বিনিময়ত পাতিছিল চাকৰিৰ বেহা। আৰক্ষীৰ তদন্তৰ পাছত পোহৰলৈ আহিছে বহু নতুন তথ্য ৷ বিশেষ সূত্ৰে পোৱা তথ্য অনুসৰি, কেৱল আৰক্ষীৰ চাকৰি দিয়াৰ ক্ষেত্ৰতে নহয়, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ চাকৰিৰ বিনিময়তো দিবন ডেকাই প্ৰাৰ্থীৰ পৰা মোটা অংকৰ ধন লৈছিল । দিবন ডেকাৰ এই কু-কৰ্মৰ সহযোগী আছিল দালাল ছফি জামাল, ৰকিবুল ইছলাম আৰু ৰাজীৱ আহমেদ।

লগতে পঢ়কঃকৰিমগঞ্জৰ এগৰাকী অধিবক্তাৰ মহানুভৱতা

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ চাকৰি প্ৰদানৰ নামত বৰপেটাৰ পালহাজিৰ ছফি জামালে ২৫ গৰাকী প্ৰাৰ্থীৰ পৰা 1 কোটিৰো অধিক ধন সংগ্ৰহ কৰিছিল বুলিও জানিব পৰা গৈছে । প্ৰতিটো পদৰ চাকৰিৰ বাবদ ছফিয়ে ৮ লাখৰ পৰা ১০ লাখ পৰ্যন্ত ধন সংগ্ৰহ কৰিছিল। পাকা বেতবাৰী উন্নয়ন খণ্ডৰ এজন সহকাৰী উন্নয়ন বিষয়া, বাজাৰবাংগা গাঁও পঞ্চায়তৰ এজন টেক্স কালেক্টৰসহ ১২গৰাকীৰো অধিক প্ৰাৰ্থীক ছফিয়ে ধনৰ বিনিময়ত চাকৰি দিয়া তথ্যও পোহৰলৈ আহিছে ।

লগতে পঢ়কঃচিলাপথাৰৰ গাই নৈত বুৰ গ'ল 12খন ডাম্পাৰ আৰু 2 খন জেচিবি

বৰপেটাৰ ভোগৰান্ধাৰ ৰকিবুল ইছলামেও ছফিৰ এই দালালিত সম্পূৰ্ণ সহযোগিতা আগবঢোৱা বুলি জানিব পৰা গৈছে । পত্নী, ভাতৃকে ধৰি নিজৰ পৰিয়ালৰে ৫জন সদস্যক গ্ৰামোন্নয়নত বিভাগত নিযুক্তি দিছে ৰকিবুলে। একেদৰে ৰাজীৱ আহমেদেও নিজৰ পৰিয়ালৰে ৪ জন সদস্যক নিযুক্তি দিছে। ধনৰ বিনিময়ত বহু নিবনুৱা যুৱক-যুৱতীৰ পৰা ধন সৰকাইছে ৰাজীৱে। এই ধনৰ অংশ দিবন ডেকাৰ হাতলৈ অহা বুলি তথ্য লাভ কৰিছে আৰক্ষীয়ে । দিবন ডেকাৰ আশীৰ্বাদতে দালাল ছফি, ৰকিবুল আৰু ৰাজীৱে ধনৰ বিনিময়ত চাকৰি বিয়াৰ ক'লা বেপাৰ চলাইছিল বুলি জানিব পৰা গৈছে ।

ABOUT THE AUTHOR

...view details