ETV Bharat / state

কৰিমগঞ্জৰ এগৰাকী অধিবক্তাৰ মহানুভৱতা

author img

By

Published : Oct 6, 2020, 10:42 AM IST

কৰিমগঞ্জত ধৰ্ষণৰ বলি হোৱা এগৰাকী যুৱতীৰ ন্যায়ৰ বাবে বিনামূলীয়াকৈ আইনী যুঁজ দিব এগৰাকী অধিবক্তাই । ৭দিন পূৰ্বে ধৰ্ষণ কৰি হত্যা কৰা হৈছিল যুৱতীগৰাকীক। এটকাও মাননি নোলোৱাকৈ নিৰ্যাতিতাৰ ন্যায়ৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি দিলে অধিবক্তা শৰ্মিলা পুৰকায়স্থই।

নিৰ্যাতিতাৰ ন্যায়ৰ বাবে বিনামূলীয়াকৈ আইনী যুঁজ দিব শৰ্মিলা পুৰকায়স্থই
নিৰ্যাতিতাৰ ন্যায়ৰ বাবে বিনামূলীয়াকৈ আইনী যুঁজ দিব শৰ্মিলা পুৰকায়স্থই

কৰিমগঞ্জ, ৬অক্টোবৰ: প্ৰথমে জঘন্য ধৰ্ষণ কাণ্ড। তাতেই ক্ষান্ত নাথাকিল ধৰ্ষণকাৰী। নৃশংসভাৱে হত্যা কৰিলে নিৰ্যাতিতাক। কৰিমগঞ্জত বিকৃত মানসিকতাৰ লোকৰ কামনাৰ বলি হোৱা এগৰাকী যুৱতীৰ ন্যায়ৰ বাবে আগবাঢ়ি আহিছে অধিবক্তা শৰ্মিলা পুৰকায়স্থ। কৰিমগঞ্জৰ আম্বাৰখানা অঞ্চলৰ এগৰাকী যুৱতীক ৭দিন দিন পূৰ্বে ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। হত্যাকাণ্ডৰ পিছত নৈত পেলাই দিয়ে মৃতদেহ। যুৱতীগৰাকীৰ প্ৰেমিক শ্যামল দেৱনাথে এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে নিৰ্যাতিতাৰ পৰিয়ালে।

আজি পৰ্যন্ত আৰক্ষীয়ে অভিযুক্তক কৰায়ত্ত কৰবলৈ সক্ষম নহ'ল। কন্যাৰ ন্যায়ৰ বাবে যুঁজ দিবলৈ আৰ্থিকভাৱে অপাৰগ দৰিদ্ৰ পিতৃ। দেওবাৰে বজৰং দলৰ নেতা-কৰ্মীয়ে এই সন্দৰ্ভত অধিবক্তা শৰ্মিলা পুৰকায়স্থৰে আলোচনা কৰে। ইয়াৰ পিছতে অধিবক্তাগৰাকীয়ে বিনামূলীয়াকৈ আইনী যুঁজ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। অধিবক্তাগৰাকীৰ এই পদক্ষেপে আশাৰ বতৰা কঢ়িয়াই আনিছে দুৰ্ভগীয়া পৰিয়ালটোলৈ।

লগতে পঢ়ক: কলগাছিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত ক’লা ব্যৱসায় !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.