অসম

assam

তলাবন্ধ জুৱেলাৰীৰ দোকানত কিয় লাগিছে সোণ-ৰূপৰ গ্ৰাহকৰ ভিৰ ?

By

Published : Oct 29, 2021, 3:51 PM IST

নুনমাটি শালবাৰী অঞ্চলৰ এখন জুৱেলাৰী দোকান । বিগত বহু দিন ধৰি তলা বন্ধ অৱস্থাত আছে দোকান খন । সেই তলা বন্ধ দোকানতে এতিয়া লাগিছে গ্ৰাহকৰ ভিৰ ৷ কিয় তলা বন্ধ দোকান খনত গ্ৰাহকে ভিৰ কৰিছে জানো আঁহক ৷

fraud-in-jewellery-shop
তলাবন্ধ জুৱেলেৰীৰ দোকানত কিয় লাগিছে সোণ-ৰূপৰ গ্ৰাহকৰ ভিৰ ?

গুৱাহাটী, ২৯ অক্টোবৰ :আমাৰ সমাজত সোণ-ৰূপৰ গহণাৰ আছে বিশেষ সমাদৰ ৷ বিয়া-সবাহৰ পৰা আদি কৰি বিভিন্ন উৎসৱ পাৰ্বণত এই গহণা সমূহে বিভিন্ন সময়ত দখল কৰি আহিছে বিশেষ গুৰুত্ব ৷ এক কথাত 'ষ্টেটাছ চিম্বল ' হিচাপে ব্যৱহাৰ হোৱা সোণ-ৰূপৰ গহনা-গাঠৰি কেতিয়াবা গৰাকীয়ে বিপদৰ সময়ত বন্ধকত থৈ বিপদৰ সৈতে মোকাবিলা কৰাৰ ঘটনাও অলেখ ৷

পিছে এইবাৰ সোণ-ৰূপৰ গহনাৰ প্ৰতি থকা মোহৰ বাবেই প্ৰতাৰিত হ’ল এচাম গ্ৰাহক ৷ ঘটনাৰ কেন্দ্ৰবিন্দু নুনমাটি শালবাৰী অঞ্চলৰ এখন জুয়েলাৰীৰ দোকান ৷ নাম 'মা সন্তোষী জুৱেলাৰী' । দোকানখনৰ গৰাকীৰ নাম সুভাষ ঘোষ । সোণ নতুবা ৰূপৰ আ অলংকাৰ বনাই দিয়াৰ বাবদ নুনমাটিৰ অঞ্চলৰ বহু কেইজন গ্ৰাহকৰ পৰা আগধন হিচাপে বহু লক্ষাধিক টকা লৈ থৈছিল এই সুভাষ ঘোষে ।

তলাবন্ধ জুৱেলেৰীৰ দোকানত কিয় লাগিছে সোণ-ৰূপৰ গ্ৰাহকৰ ভিৰ ?

ইফালে দোকান খন বন্ধ কৰি পলায়ন কৰিছে জুৱেলাৰীৰ গৰাকীয়ে । বিগত বছৰৰ এপ্ৰিল মাহৰ পৰাই দোকানখনত ওলমি আছে এটা বৃহৎ তলা ৷ জানিব পৰা মতে, মালিক সুভাষ ঘোষে নিজৰ ঘৰ মাটি বিক্ৰী কৰাৰ লগতে দোকানখন তলাবন্ধ কৰি নুনমাটি অঞ্চলৰ পৰা কোচবিহাৰলৈ পলায়ন কৰে । সম্প্ৰতি দোকানৰ মালিক সুভাষ ঘোষৰ মোবাইল বন্ধ হৈ থকাত এতিয়া উপায় বিহীন হৈ পৰা ভুক্তভোগী গ্ৰাহক সকলে নুনমাটি আৰক্ষীৰ কাষ চাপিছে ।

ভুক্তভোগী গ্ৰাহক সকলে সংবাদ মাধ্যমৰ আগত অভিযোগ কৰা অনুসৰি পলাতক সুভাষ ঘোষে বৃহত্তৰ নুনমাটি অঞ্চলৰ বহু গ্ৰাহকৰ পৰা প্ৰায় ২২ লাখ টকা সৰকাই নিজৰ ঘৰ মাটি বিক্ৰী কৰি দোকান বন্ধ কৰি পলায়ন কৰিছে পশ্চিমবঙ্গৰ কোচবিহাৰলৈ । সেয়ে প্ৰবঞ্চিত হোৱা গ্ৰাহক সকলে প্ৰবঞ্চক সুভাষ ঘোষক অতি শীঘ্ৰে কৰায়ত্ব কৰাৰ বাবে আৰক্ষীক দাবী জনাইছে ।

লগতে পঢ়ক :চাৰ্ভেৰ বৃদ্ধ দম্পতী হত্যাকাণ্ড : হত্যাৰ কথা স্বীকাৰ আকাশ চৌধুৰীৰ

ABOUT THE AUTHOR

...view details