ETV Bharat / state

চাৰ্ভেৰ বৃদ্ধ দম্পতী হত্যাকাণ্ড : হত্যাৰ কথা স্বীকাৰ আকাশ চৌধুৰীৰ

author img

By

Published : Oct 29, 2021, 1:31 PM IST

মহানগৰীত চাৰ্ভেত বৰুৱা দম্পতীক হত্যা কৰাৰ কথা স্বীকাৰ কৰিলে মূল অভিযুক্ত আকাশ চৌধুৰীয়ে ৷ আকাশৰ পত্নীকো বশিষ্ঠ থানাত চলোৱা হৈছে জেৰা ৷

ass_ghy_02_ beltala case_7210450
চাৰ্ভেৰ বৃদ্ধ দম্পত্তি হত্যাকাণ্ড : হত্যাৰ কথা স্বীকাৰ আকাশ চৌধুৰীৰ

গুৱাহাটী, 29 অক্টোবৰ : মহানগৰীৰ চাৰ্ভেত বৃদ্ধ দম্পতীক হত্যা কৰাৰ কথা স্বীকাৰ ঘটনাৰ মূল অভিযুক্ত আকাশ চৌধুৰীৰ ৷ আৰক্ষীৰ জেৰাত হত্যাকাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰে আকাশে ৷ ইতিমধ্যে আকাশৰ পত্নী পুতু দাসকো বশিষ্ঠ থানালৈ লৈ যোৱা হৈছে ৷

বশিষ্ঠ থানাত পুতু দাসকো জেৰা চলোৱা হৈছে ৷ 25 অক্টোবৰৰ নিশা শোৱাপাটীতে হত্যা কৰা হৈছিল চাৰ্ভেৰ চন্দন নগৰৰ হাউচ নং 1 ৰ বাসিন্দা ননী বৰুৱা (86) আৰু মীনা বৰুৱা (80) নামৰ দম্পতীটোক ৷ 26 অক্টোবৰৰ পুৱা বৰুৱা দম্পতীৰ ঘৰলৈ কাম কৰিবলৈ অহা লোকে সমগ্ৰ ঘটনা পোহৰলৈ আনিছিল ৷ ঘৰটোত সিঁচৰিত হৈ থকা সা-সামগ্ৰীৰ প্ৰতি লক্ষ্য ৰাখি ডকাইতিৰ অৰ্থে কোনো দুৰ্বৃত্তই ঘৰটোত প্ৰৱেশ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছিল স্থানীয় লোকে ৷

প্ৰাথমিক তদন্তৰ অন্তত বৰুৱা দম্পতীৰ ঘৰত কেয়াৰ টেকাৰ হিচাপে কৰ্মৰত আকাশ চৌধুৰীক পত্নীৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছিল ৷ কিন্তু তদন্তৰ সময়ত আকাশে বৰুৱা দম্পতীক হত্যা কৰাৰ কথা অস্বীকাৰ কৰিছিল ৷

আৰক্ষীয়ে ঘটনা সম্পৰ্কত আন দুজন যুৱক ক্ৰমে বুদ্ধদেৱ ওৰফে বাবুল আৰু জোন শইকীয়াকো আটক কৰিছিল ৷ ইয়াৰে আটকাধীন জোন শইকীয়াই হত্যাকাণ্ড সংঘটিত হোৱাৰ পূৰ্বে আকাশৰ সৈতে মদ্যপান কৰাৰ কথা আৰক্ষীয়ে প্ৰকাশ কৰিছিল ৷ ইয়াৰ সমান্তৰালকৈ বৰুৱা দম্পতীৰ বাসগৃহৰ সকলো দুৱাৰ আৰু অন্যান্য সামগ্ৰীত আকাশ চৌধুৰীৰ আঙুলিৰ চাপ ধৰা পৰিছিল ফৰেনচিক ৰিপোৰ্টত ৷

ইয়াৰ পিছতেই আকাশৰ ওপৰত আৰক্ষীৰ সন্দেহ আৰু অধিক গাঢ় হৈ পৰে ৷ অৱশেষত শুকুৰবাৰে আৰক্ষীৰ জেৰাত সকলো কথা স্বীকাৰ কৰে আকাশে ৷ আনহাতে, আকাশৰ পত্নী পুতু দাসো এই হত্যাকাণ্ডত জড়িত হয় নে নহয় সেয়া জেৰাৰ পিছতহে গম পোৱা যাব ৷

লগতে পঢ়ক : ফৰেনছিক ৰিপ’ৰ্টত পোৱা গৈছে আকাশ চৌধুৰীৰ ফিংগাৰ প্ৰিণ্ট : মহানগৰ আৰক্ষী আয়ুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.