অসম

assam

Former MLA passes away: প্ৰাক্তন বিধায়ক আনোৱাৰ হুছেইন লস্কৰৰ দেহাৱসান

By

Published : Jul 19, 2022, 8:15 PM IST

Anwar Hussain Laskar passes away
Anwar Hussain Laskar passes away ()

১৯৯৬ চনত অসম গণ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে অসম বিধানসভালৈ প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈছিল । ২০০১ চনৰ নিৰ্বাচনতো দলটোৰ পৰা দ্বিতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ।

গুৱাহাটী,১৯ জুলাই :সোণাই সমষ্টিৰ প্ৰাক্তন বিধায়ক আনোৱাৰ হুছেইন লস্কৰ আৰু নাই (Former MLA Anwar Hussain Laskar is no more) । সোমবাৰে নিশা হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ প্ৰাক্তন বিধায়কগৰাকীৰ মৃত্যু হয় (Former Sonai constituency MLA Anwar Hussain Laskar died) । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৮ বছৰ ।

১৯৯৬ চনত অসম গণ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে অসম বিধানসভালৈ প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈ অহা আনোৱাৰ হুছেইন লস্কৰে (Anwar Hussain Laskar first elected to Assam Assembly in 1996) ) ইয়াৰ পৰৱৰ্তী সময়ত ২০০১ চনৰ নিৰ্বাচনতো দলটোৰ পৰা দ্বিতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল (Anwar Hussain Laskar supported candidate of Assam Gana Parishad) ।

পৰৱৰ্তী সময়ত অৱশ্যে তেওঁ অসম গণ পৰিষদ ত্যাগ কৰি সমাজবাদী পাৰ্টীত যোগদান কৰে । তেওঁৰ মৃত্যুত সমগ্ৰ সমগ্ৰ কাছাৰ জিলাত শোকৰ ছাঁ পৰিছে । বিভিন্ন দল-সংগঠনে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । সোণাই সমষ্টিৰ প্ৰাক্তন বিধায়কগৰাকীৰ মৃত্যুত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে (Chief minister Himanta Biswa Sharma condolences)।

মুখ্যমন্ত্রীয়ে তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।

লগতে পঢ়ক :Land dispute: ভূমি বিবাদৰ ভয়ংকৰ পৰিণতি, মৰিয়াই মৰিয়াই হত্যা কৰিলে ভাতৃক

TAGGED:

ABOUT THE AUTHOR

...view details