অসম

assam

Ex MLA Ashok Sarma: বিজেপিৰ মুখ্য কাৰ্যালয়ত হঠাৎ উপস্থিত নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা

By

Published : Jul 6, 2023, 11:00 AM IST

বুধবাৰে নিশা হঠাৎ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় নলবাৰীৰ প্ৰাক্তন বিধায়ক তথা বিজেপি নেতা অশোক শৰ্মা ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষক সাক্ষাতৰ বাবে অহাৰ কথা প্ৰকাশ কৰে প্ৰাক্তন বিধায়কজনে ৷

Ex MLA Ashok Sarma in State BJP Office in Guwahati
প্ৰাক্তন বিধায়ক অশোক শৰ্মা

বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰাক্তন বিধায়ক অশোক শৰ্মা

গুৱাহাটী, 5 জুলাই :ৰাজ্যত বৰ্তমান পুৰণি বিজেপি নেতাৰ বিদ্ৰোহৰ উক-মুকনিৰ মাজতে বুধবাৰে নিশা হঠাৎ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় নলবাৰীৰ প্ৰাক্তন বিধায়ক তথা বিজেপি নেতা অশোক শৰ্মা ৷ বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষক সাক্ষাতৰ বাবে অহাৰ কথা প্ৰকাশ কৰে প্ৰাক্তন বিধায়কজনে ৷ লগতে শেহতীয়াকৈ বিজেপি দল আৰু চৰকাৰৰ কিছু কামৰ অসন্তুষ্টিৰ কথা ৰাষ্ট্ৰীয় নেতা গৰাকীক জনাব বুলিও সদৰি কৰে ৷

ইফালে আগন্তুক লোকসভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিৰ পৰা টিকটত বিচৰাৰ কথাও নেতাগৰাকীয়ে জনাব বুলি জানিবলৈ দিয়ে ৷ উল্লেখযোগ্য যে, প্ৰাক্তন বিধায়ক গৰাকীয়ে শেহতীয়াকৈ বিজেপি দল আৰু চৰকাৰ কিছু কামৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ যোগেদি মুকলিকৈ ক্ষোভ প্ৰকাশ কৰিছিল ৷ লগতে কৈছিল যে, বৰ্তমান বিজেপিত কংগ্ৰেছী সংস্কৃতিয়ে গ্ৰাস কৰিছে ৷

লগতে পঢ়ক :BJP Core Committee meeting: জ্যেষ্ঠক শ্ৰদ্ধা আৰু কণিষ্ঠক মৰম এইয়াই হ’ল ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শ; ভৱেশ কলিতা

প্ৰাক্তন বিধায়কজনে কয় যে, পুৰণি বিজেপি নেতাৰ বৰ্তমান দলত কোনো আদৰ নাই ৷ যিসকলে কংগ্ৰেছ দলটোক ধ্বংস কৰি আহিছে তেওঁলোকেই এতিয়া বিজেপিৰ সকলো ৷ বৰ্তমান বিজেপিত কোনো নীতি-আদৰ্শৰ কথা নাই, তোষামোদকাৰী আৰু তৈলমোৰ্দনকাৰীসকলৰহে বিজেপিত ৰাজত্ব বুলি বিস্ফোৰক মন্তব্য কৰে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই ৷ লগতে এই বিষয়ত মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতিৰ সৈতেও কথা পতা বুলি প্ৰকাশ কৰিছিল তেওঁ ৷

কিন্তু ইয়াৰ পিছতো বুধবাৰে নিশা আকৌ ৰাষ্ট্ৰীয় নেতৃত্বক নিজৰ ক্ষোভ, অসন্তুষ্টিৰ কথা ক’বলৈ সাক্ষাৎ কৰা ঘটনাই প্ৰমাণ কৰিছে যে বিজেপিত এতিয়া ন-পুৰণি নেতাৰ সংঘাত তুংগত ৷

উল্লেখযোগ্য যে, বুধবাৰে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত সন্ধিয়া অনুষ্ঠিত হৈছিল ক’ৰ কমিটিৰ বৈঠক ৷ এই বৈঠকত অংশগ্ৰহণ কৰিছিল বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষে ৷

লগতে পঢ়ক :Rangmahal Water Supply Project in Guwahati: ১৩ জনীয়া সাংসদ দলৰ ৰংমহল পানী যোগান প্ৰকল্প পৰিদৰ্শন

ABOUT THE AUTHOR

...view details