অসম

assam

দিহিং পাটকাই আৰু ৰাইমনা লৈ ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি

By

Published : Jun 9, 2021, 8:07 PM IST

Updated : Jun 10, 2021, 2:16 PM IST

সাতখনলৈ বৃদ্ধি পালে অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা। বিশ্ব পৰিৱেশ দিৱসৰ দিনা ৰাইমনাক ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি প্ৰদান কৰাৰ পাচতে বুধবাৰে দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিলে ৰাজ্য চৰকাৰে । ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্রত অসমৰ স্থান উন্নীত হ'ল দেশৰ ভিতৰত দ্বিতীয়লৈ ৷

Dihing Patkai gets recognition of National Park
ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি লাভ কৰিলে দিহিং পাটকাই

গুৱাহাটী, ৯ জুন : অসমবাসীৰ বাবে ভাল খবৰ । ৰাইমনাৰ পাছত দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিলে ৰাজ্য চৰকাৰে । কাজিৰঙা, ওৰাং, নামেৰি, ডিব্ৰু চৈখোৱা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পিছত আন দুখন বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণ কৰা হ'ল । বিশ্ব পৰিৱেশৰ দিনটোত বিটিআৰৰ ৰাইমনা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণ কৰাৰ পিছতেই বুধবাৰে আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্য চৰকাৰে । দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিলে ৰাজ্য চৰকাৰে । বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই বুধবাৰে সংবাদমেল যোগে এই কথা সদৰি কৰে ।

গুৱাহাটীৰ 'অৰণ্য ভৱন'ত আয়োজন কৰা এখন সংবাদমেলত বনমন্ত্রী পৰিমল শুক্লবৈদ্যই কয়- বিগত বৰ্ষৰ ডিচেম্বৰ মাহত দিহিং পাটকাই অভয়াৰণ্য ৰাজ্যপালৰ অনুমোদন ক্ৰমে ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি দিয়া হৈছিল । তাৰ পিছতেই বুধবাৰে ইয়াক আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় । ৰাইমনা আৰু দিহিং পাটকায়ে আজিৰে পৰা আনুষ্ঠানিকভ‍াৱে ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যদা লাভ কৰিলে । ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্রত অসম দেশৰ ভিতৰত দ্বিতীয় স্থানলৈ উন্নীত হ'ল ।

দিহিং পাটকাই আৰু ৰাইমনা লৈ ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি

অৰুণাচল সীমান্তত থকা দিহিং পাটকাইক বৰ্ষাৰণ্য হিচাপেও গণ্য কৰা হয় । ইয়াৰ মুঠ মাটিকালি ২৩৪.২৬ বৰ্গ কিলোমিটাৰ । আনহাতে, বিটিআৰৰ গোসাইগাঁও বন সংমণ্ডলৰ অন্তৰ্গত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি ৪২২ বৰ্গ কিলোমিটাৰ । দুখনকৈ ৰাষ্ট্ৰীয় উদ্যান বৃদ্ধিৰ লগে লগে পৰ্যটনৰ ক্ষেত্রত অসমৰ গুৰুত্ব বৃদ্ধি পাব আৰু স্থানীয় ৰাইজো উপকৃত হ'ব ।'

উল্লেখ্য যে, ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন জীৱ-জন্তুৰ উপৰিও ১৫০ বিধ প্ৰজাতিৰ পখিলা আছে । সেইদৰে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত ৩১০ বিধ বিভিন্ন প্ৰজাতিৰ পখিলা আছে । তদুপৰি দুয়োখন উদ্যানত বহু বিৰল প্ৰজাতিৰ জীৱ-জন্তু আছে ।

লগতে পঢ়ক:হাবিৰ পৰা মহানগৰীৰ ৰাজপথ পালেহি গজৰাজ

Last Updated : Jun 10, 2021, 2:16 PM IST

ABOUT THE AUTHOR

...view details