অসম

assam

Leader of Opposition: পুনৰ বিৰোধী দলপতিৰ পদ হেৰুৱাব নেকি দেৱব্ৰত শইকীয়াই ?

By

Published : Nov 13, 2021, 1:05 PM IST

Updated : Nov 13, 2021, 1:11 PM IST

ইতিমধ্যেই বিধানসভাৰ মজিয়াত 29 খন আসনৰ পৰা 27 খনলৈ নিম্নগামী হৈছে কংগ্ৰেছ (Congress) দল ৷ কিন্তু যদি মুখ্যমন্ত্ৰীকে ধৰি অন্য বিজেপি নেতাসকলে দাবী কৰাৰ দৰে মাজুলীৰ লগতে আন সমষ্টিতো উপ নিৰ্বাচন (By Election) অনুষ্ঠিত হয় তেন্তে হয়তো অতিশীঘ্ৰে পুনৰ বিৰোধী দলপতি (Opposition Leader)ৰ আসনখন হেৰুৱাব দেৱব্ৰত শইকীয়াই (Debabrata Saikia) ৷

as_ghy_01_debabrat_leader_of_opposition_7206058
পুনৰ বিৰোধী দলপতিৰ পদ হেৰুৱাব নেকি দেৱব্ৰত শইকীয়াই ?

গুৱাহাটী, 13 নৱেম্বৰ : বিৰোধী দলপতি (Opposition Leader)ৰ আসনখন পুনৰ হেৰুওৱাৰ আশংকাই দেখা দিছে দেৱব্ৰত শইকীয়া (Debabrata Saikia)ৰ ৷ এই বিষয়টো লৈ এতিয়া চৰ্চা অব্যাহত আছে ৰাজ্যৰ ৰাজনীতিত ৷ কিয়নো 126 জনীয়া অসম বিধানসভাত (Assam Assembly) 29 গৰাকী হৈছে কংগ্ৰেছৰ বিধায়ক ৷ কিন্তু সুশান্ত বৰগোঁহাই (Sushanta Bargohain) আৰু ৰূপজ্যোতি কুৰ্মীৰ (Rupjyoti Kurmi) বিজেপিত যোগদানৰ পিছত এই সংখ্যা 27 খনলৈ হ্ৰাস পাইছে ৷

বিধানসভাত কেবিনেট মৰ্যাদা সহকাৰে বিৰোধী দলপতিৰ পদটো কোনো এটা দলে তেতিয়াহে লাভ কৰে যেতিয়া সেই দলটোৰ নূন্যতম বিধায়কৰ সংখ্যা হয় ২১ গৰাকী । সেই সুত্ৰ অনুসৰি দেৱব্ৰত শইকীয়া (Debabrata Saikia) এতিয়াও বিৰোধী দলপতি । কিন্তু, ইয়াৰ পূৰ্বে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈৰ মৃত্যুৰ পিছতেই যেতিয়া দুই কংগ্ৰেছী বিধায়ক অজন্তা নেওগ (Ajanta Neog) আৰু ৰাজদীপ গোৱালাই (Rajdeep Goala) দল ত্যাগ কৰি বিজেপিত যোগ দিছিল তেতিয়াই পৰ্যাপ্ত সংখ্যাৰ অভাৱত বিৰোধী দলপতি (Opposition Leader)ৰ পদ হেৰুৱাবলগীয়া হৈছিল দেৱব্ৰত শইকীয়াই ।

এতিয়া পুনৰ ধাৰাবাহিকভাৱে কংগ্ৰেছৰ বিধায়কে বিজেপিত যোগ দিয়াৰ ফলত একেই অৱস্থা সৃষ্টি হ’ব পাৰে বুলিও চৰ্চা চলিছে । কিয়নো, মুখ্যমন্ত্ৰীয়েই হওক বা বিজেপিৰ ৰাজ্যিক সভাপতিয়েই হওক, সকলোৱে দাবী কৰিবলৈ আৰম্ভ কৰিছে যে মাজুলীৰ লগতে আৰু কেইবাটাও সমষ্টিত উপ নিৰ্বাচন (By Election) অনুষ্ঠিত হ’ব ।

বিজেপিৰ এই লক্ষ্য যে কংগ্ৰেছৰ দখলত থকা বাকী সমষ্টিসমূহ তাত কোনো সন্দেহ নাই । অৰ্থাৎ কংগ্ৰেছৰ যদি আৰু সাতগৰাকী বিধায়কে বিজেপিত যোগ দিয়ে তেন্তে কংগ্ৰেছৰ বিধায়কৰ সংখ্যা 20 লৈ হ্ৰাস পাব । তেনেক্ষেত্ৰত বিৰোধী দলপতিৰ পদ হেৰুওৱাটো কংগ্ৰেছৰ বাবে অৱধাৰিত হৈ পৰিব । বিজেপিৰ যি আগ্ৰাসী মনোভাৱ তালৈ চাই এয়া অসম্ভৱ বুলিও ক’ব নোৱাৰি ।

লগতে পঢ়ক :Well done haibargaon police : হস্তনিৰ্মিত পিষ্টল সহ পাঁচজনীয়া ডকাইতৰ দল আটক

Last Updated : Nov 13, 2021, 1:11 PM IST

ABOUT THE AUTHOR

...view details